নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিমুখী কংগ্রেছ নেতা

কংগ্রেছৰ পাঁচগৰাকী বিধায়কে শীঘ্রে বিজেপিত যোগদান কৰাৰ গোপন তৎপৰতাক লৈ সৰৱ চর্চা চলিছে৷ ২০২১ৰ বিধানসভা নির্বাচনলৈ মাজত মাথোঁ তিনি মাহ বাকী৷ আগন্তুক বিধানসভা নির্বাচনত ক্ষমতাৰ বাঘজৰী অক্ষুণ্ণ ৰখাৰ বাবে বিজেপি আৰু অসম গণ পৰিষদ তৎপৰ হৈছে৷ একেদৰে বিজেপি নেতৃত্বাধীন চৰকাৰখনক ক্ষমতাচ্যুত কৰি দিছপুৰৰ ৰাজপাটত বহিবলৈ কংগ্রেছ আৰু এআইইউডিএফে নির্বাচনী মিত্রতা কৰাৰ সিদ্ধান্ত লৈছে৷ ২০১৬ৰ বিধানসভা নির্বাচনৰ সময়ত বিজেপিৰ বিধায়ক আছিল মাথোঁ পাঁচজন৷ সেই সময়ত অসম বিধানসভাত কংগ্রেছৰ বিধায়কৰ সংখ্যা আছিল ৭৮গৰাকী৷ একেৰাহে তিনিটা কার্যকাল দিছপুৰৰ ক্ষমতাত থকা কংগ্রেছ নেতৃত্বাধীন চৰকাৰখনক ২০১৬ৰ বিধানসভা নির্বাচনত ক্ষমতাচ্যুত কৰি দিছপুৰৰ শাসনভাৰ লৈছিল বিজেপি নেতৃত্বাধীন চৰকাৰখনে৷ বিজেপিয়ে পাঁচখন আসনৰ পৰা ৬০খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল৷ একেদৰে অগপ দলে ১০খন আসনৰ পৰা ১৪খন আসন লাভ কৰাৰ বিপৰীতে বিপিএফে ১২খন আসন লাভ কৰিছিল৷ ২০২১ৰ বিধানসভা নির্বাচনৰ জৰিয়তে দিছপুৰৰ ক্ষমতা কাৰ হাতলৈ যাব সেয়া অসমবাসীয়ে নিৰূপণ কৰিব৷ তিনিটাকৈ কার্যকাল ক্ষমতাত থকাৰ সময়ত ২০১৬ৰ বিধানসভা নির্বাচনত কংগ্রেছৰ আসনৰ সংখ্যা ৭৮ৰ পৰা ২৬খনলৈ হ্রাস পোৱাৰ ঘটনাৰ অন্তৰালত আছিল পূর্বৰ চৰকাৰখনৰ প্রতি অসমবাসীৰ এক অনাস্থা৷ অসমবাসীৰ আস্থা আৰু বিশ্বাস অবিহনে কোনো ৰাজনৈতিক দলে দিছপুৰৰ ক্ষমতা দখল কৰিব নোৱাৰে৷ ২০১৬ত দিছপুৰৰ ক্ষমতাত প্রথমবাৰৰ বাবে অধিষ্ঠিত হোৱাৰ পাছত বিজেপিৰ শক্তি বহু পৰিমাণে বৃদ্ধি হৈছে৷ তৃণমূল পর্যায়ত দলটোৰ সাংগঠনিক ভেটি বহু পৰিমাণে শক্তিশালী হৈছে৷ এনে পৰিস্থিতিত বিজেপিক ক্ষমতাচ্যুত কৰাটো যে সম্ভৱ নহয় সেয়া কংগ্রেছকে ধৰি বিৰোধী দল–সংগঠনসমূহে উপলব্ধি কৰাটো স্বাভাৱিক৷ কিন্তু বিজেপিক পৰাভূত কৰাৰ বাবে কংগ্রেছে মহাজোঁট গঠনৰ তৎপৰতা চলাই থকাৰ সময়ত দলটোৰ পাঁচগৰাকীকৈ বিধায়কে বিজেপিত যোগদানৰ বাতৰি নিশ্চিতভাৱে বিৰোধী দলটোৰ বাবে এক প্রত্যাহ্বান৷
ৰাজনৈতিক নেতাৰ দলত্যাগ নতুন কথা নহয়৷ নির্বাচন আহিলে দল বাগৰা নেতাৰ উজান উঠে৷ দলীয় প্রার্থিত্ব লাভ কৰাৰ আশা নেদেখিলে বা নিজ দলৰ বিপর্যয়ৰ আশংকা দেখিলে একাংশ নেতাই দলত্যাগ কৰে৷ প্রথমবাৰৰ বাবে দিছপুৰৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ পাছতে বিগত কেইবছৰমানৰ ভিতৰতে বিজেপিত যোগদান কৰিছে কংগ্রেছৰ কেইবাজনো নেতাই৷ বিধানসভা নির্বাচনৰ পূর্বে কংগ্রেছৰ যিকেইগৰাকী নেতা তথা বিধায়কে বিজেপিলৈ যাত্রা কৰাৰ কথা ওলাইছে সেয়া নিশ্চিতভাৱে গুৰুত্বপূর্ণ৷ কিয়নো প্রাক্তন মন্ত্রী তথা বিধায়িকা অজন্তা নেওগে যদি কংগ্রেছ দলত্যাগ কৰি বিজেপিত যোগদান কৰে তেন্তে সেয়া হ’ব কংগ্রেছ দলটোৰ বাবে এক মোক্ষম আঘাত৷ ৰাজ্যসভাৰ আসন ত্যাগ কৰি ভুবনেশ্বৰ কলিতাই যেতিয়া কংগ্রেছৰ পৰা বিজেপিত যোগদান কৰিছিল তেতিয়াও এক অস্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল শতিকা পুৰণি দলটো৷ পূর্বৰ কংগ্রেছ নেতৃত্বাধীন চৰকাৰখনৰ যি দুই–তিনিগৰাকী কর্মঠ মন্ত্রীৰ নাম উচ্চাৰিত হৈছিল সেইসকলৰ ভিতৰত অন্যতম আছিল অজন্তা নেওগ৷ কংগ্রেছ নেত্রীগৰাকীৰ লগতে দলটোৰ বিধায়িকা ৰ’জলীনা তির্কীয়েও বিজেপিত যোগদান কৰাৰ সম্ভাৱনাৰ বাতৰি প্রকাশ হৈছে৷ একেদৰে বৰাক উপত্যকাৰ লক্ষীপুৰৰ কংগ্রেছ বিধায়ক ৰাজদ্বীপ গোৱালাই ইতিমধ্যে বিজেপিত যোগদানৰ বাবে সাজু হৈছে৷ দেশে স্বাধীনতা লাভ কৰাৰ পাছত কংগ্রেছৰ দিছপুৰৰ ক্ষমতাত অধিকাংশ সময় থকাৰ সুযোগ লাভ কৰাৰ অন্যতম কাৰণ হ’ল চাহ জনগোষ্ঠীৰ জনসমর্থন৷ পৰাম্পৰাগত ভোটবেংকৰূপে ব্যৱহাৰ কৰি আহিলেও কংগ্রেছৰ প্রতি লাহে লাহে চাহ জনগোষ্ঠীৰ লোকসকলৰ মাজত ক্ষোভ–সন্তুষ্টি বাঢ়িছে৷ ইয়াৰ লগে লগে কংগ্রেছৰ পৰম্পৰাগত ভোটবেংকত বিজেপিৰ জনসমর্থন বাঢ়িবলৈ লৈছে৷ ফলত চাহ জনগোষ্ঠীৰ নেতাসকলো ক্রমে বিজেপিমুখী হোৱা দেখা গৈছে৷ বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফৰ সৈতে নির্বাচনী মিত্রতাৰ ফলত উজনি অসমৰ কংগ্রেছৰ ভেটিত কঁপনি আৰম্ভণি হৈছে৷ আগন্তুক বিধানসভা নির্বাচনত বিপর্যয়ৰ উমান পায়েই যে কংগ্রেছী নেতাসকল বিজেপিমুখী হৈছে সেয়া স্পষ্ট হৈছে৷

You might also like