তৰুণ গগৈৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ “ব্যক্তিগত ভাবে মই এগৰাকী পিতৃক হেৰুৱালো। সকলো সময়তে আমাক সু-পৰামৰ্শ প্ৰদান কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।”-জিএমচিএইছত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত শোক প্ৰকাশ কৰি এই মন্তব্য কৰে।
সৰ্বানন্দ সোণোৱালে লগতে কয় যে, “যেতিয়া মুখ্যমন্ত্ৰী হিচাপে প্ৰথমবাৰলৈ নিৰ্বাচিত হৈছিলোঁ, তেতিয়া তৰুণ গগৈৰ বাসগৃহত উপস্থিত হৈ তেখেতক কৈছিলোঁঃ গগৈ দা, মোৰ ৰাজ্য চলোৱাৰ অভিজ্ঞতা নাই আপুনি মোক সহায় কৰিব লাগিব। তেওঁ তেতিয়া বহু উপদেশ দিছিল। লগতে সকলো সময়তে সহায় সহযোগিতাৰ আশ্বাস প্ৰদান কৰিছিল।”
মুখ্যমন্ত্ৰী সোণোৱালে লগতে ঘোষণা কৰে যে আজিৰ পৰা ৩ দিনলৈ ৰাজ্য চৰকাৰে ৰাজ্যিক শোক পালন কৰিব।
I express heartfelt condolences on the demise of former Chief Minister, a tall leader & our most respected Tarun Gogoi da. It’s the end of an era in Assam’s public life. He was so vibrant and full of life until a few days back, couldn’t believe this sad news. pic.twitter.com/GFiAsmc4FB
— Sarbananda Sonowal (@sarbanandsonwal) November 23, 2020