ড’জৰ মূল্য ৭৪০ টকাঃ স্পুটনিক–ভি ভেকচিন ৯৫ শতাংশ ফলপ্রসূ
নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ ৰাছিয়াৰ ক’ভিড–১৯ ভেকচিন স্পুটনিক–ভি ৯৫ শতাংশ ফলপ্রসূ হোৱা বুলি প্রকাশ কৰিছে দেশখনৰ স্বাস্থ্য মন্ত্রালয়ে৷
গামালয়া ৰিছার্চ চেণ্টাৰ আৰু ৰাছিয়াৰ ডাইৰেক্ট ইনভেষ্টমেণ্ট ফাণ্ডৰ দ্বাৰা যুটীয়াভাৱে বিকশিত স্পুটনিক–ভিৰ তৃতীয় পর্যায়ৰ মানৱ দেহত পৰীক্ষণ ফলপ্রসূ হৈছে৷ এই ভেকচিন ব্যৱহাৰ কৰাৰ পিছত ৪২ দিনৰ তথ্যৰ আধাৰত স্বাস্থ্য মন্ত্রালয়ে ৯৫ শতাংশ ফলপ্রসূ হোৱা বুলি ঘোষণা কৰিছে৷
স্পুটনিক–ভিৰ প্রতিটো ড’জৰ মূল্য আন্তর্জাতিক বজাৰত প্রায় ৭৪০ টকা হ’ব৷ আনপিনে ৰাছিয়াৰ সকলো লোকক এই ভেকচিন বিনামূলীয়াকৈ প্রদান কৰা হ’ব বুলিও ঘোষণা কৰা হৈছে৷