বিশাল নীলিম আকাশলৈ চাই, আকাশৰ সিপাৰৰ ৰহস্য জনাৰ ইচ্ছা চাগে জীৱনকালত এবাৰলৈ হ’লেও প্রত্যেক অনুভৱী মানুহৰ মনতে জাগে৷ সভ্যতাৰ উত্থান আৰু মানুহৰ উর্বৰ মস্তিষ্কই এতিয়া মহাকাশৰ ৰহস্যবোৰ যেন এটা এটাকৈ উদ্ঘাটন কৰিবলৈ সক্ষম হৈছে৷ বিজ্ঞানে মানুহক পৃথিৱীৰ পৰা দূৰৈত মহাকাশৰ বুকুত ঘৰ সাজি থাকিব পৰাও কৰিছে৷ মই ক’ব খুজিছোঁ আন্তঃৰাষ্ট্র্রীয় মহাকাশ সংস্থা অর্থাৎInternational Space Stationৰ বিষয়ে৷
দুই দশকৰ পূর্বে ২০০০ চনৰ ১ নৱেম্বৰত মহাকাশত এক নতুন জীৱন আৰম্ভ কৰিবলৈ পৃথিৱী এৰি গৈছিল তিনিজন মানুহ৷ তেতিয়াৰে পৰা আন্তঃৰাষ্ট্রীয় মহাকাশ সংস্থা হৈ পৰিছে মহাকাশচাৰীৰে গঠিত ঘূর্ণীয়মান আন্তঃৰাষ্ট্রীয় কর্মী দলৰ আৱাস৷ ২০০০ চনত কাজাখস্তানৰ বৈকনুৰ মহাকাশযান উৎক্ষেপণ কেন্দ্রৰ পৰা উৎক্ষেপণ কৰা ৰাছিয়াৰ ছয়ুজ ৰকেটে কঢ়িয়াই নিছিল আমেৰিকাৰ এজন আৰু ৰাছিয়াৰ দুজন মহাকাশচাৰীক আন্তঃৰাষ্ট্রীয় মহাকাশ কেন্দ্রলৈ৷ ২টা দিনৰ অবিৰাম উৎকণ্ঠা আৰু অপেক্ষাৰ অন্তত মহাকাশযানখনে অৱতৰণ কৰিছিল মহাকাশ কেন্দ্রটোত৷ আন্তঃৰাষ্ট্রীয় মহাকাশ কেন্দ্র বিশ্বৰ বহুকেইখন ৰাষ্ট্রৰ সপোনৰ সাকাৰ ৰূপ৷ সেই সপোনৰ প্রথম বীজ ৰোপণ হৈছিল ১৯৯৮ চনত৷ মহাকাশ কেন্দ্রটোৰ নির্মাণ কৌশল অনন্য৷ মহাকাশ কেন্দ্রটো গঠন হৈছে বহুকেইটা খণ্ডৰে৷ এটা এটাকৈ অত্যাধুনিক কৌশলেৰে এই খণ্ডবোৰ মহাকাশলৈ প্রেৰণ কৰা হৈছিল৷ মহাকাশ বিজ্ঞানীসকলে সেই খণ্ডবোৰ মহাকাশতে একত্রিত কৰিছিল৷ ১৯৯৮ চনত আন্তঃৰাষ্ট্রীয় মহাকাশ সংস্থাৰ প্রথমটো খণ্ড ৰাছিয়াৰ এটা ৰকেটে কঢ়িয়াই নিছিল৷ প্রথমটো খণ্ডৰ সফল উৎক্ষেপণে বিজ্ঞানীসকলৰ বিশ্বাস দৃঢ় কৰিলে আৰু এটা এটাকৈ পৰৱর্তী পর্যায়ত আন খণ্ডবোৰ মহাকাশলৈ পঠিওৱা হয়৷ দুবছৰৰ পিছত মহাকাশ কেন্দ্রটো মানৱৰ বাবে সাজু হৈ উঠিল৷ অৱশ্যে ২০১১ চনলৈকে নতুন নতুন খণ্ড সংযোগ কৰা হৈছিল আৰু নাছা NASA) আৰু আন সহযোগী সংস্থাসমূহে সম্পূর্ণ কৰিলে আন্তঃৰাষ্ট্রীয় মহাকাশ কেন্দ্রৰ নির্মাণ৷ নতুন নতুন অভিযান আৰু গৱেষণাৰে আন্তঃৰাষ্ট্রীয় মহাকাশ কেন্দ্রই আনিছে বৈপ্লৱিক পৰিৱর্তন৷
আন্তঃৰাষ্ট্রীয় মহাকাশ সংস্থা, মহাকাশত মানৱ নির্মিত সর্ববৃহৎ সংৰচনা তথা মানুহ বাস কৰিব পৰা কৃত্রিম উপগ্রহ৷ পাঁচখন দেশৰ মহাকাশ সংস্থাৰ সহযোগিতাত এই বৃহৎ প্রকল্পটো চলি আছে৷ আমেৰিকাৰ নাছা NASA), ৰাছিয়াৰ ৰছকছম’ছ, জাপানৰ জাষা JAXA), ইউৰোপৰ ইএছএ ESA) আৰু কানাডাৰ চি এছ এৰ মহাকাশচাৰীয়ে ইয়াত গৱেষণা কৰি আছে৷ মহাকাশ সংস্থাটোৰ মালিকীস্বত্ব আৰু ব্যৱহাৰ সম্পর্কে আন্তঃচৰকাৰ সন্ধি আৰু চুক্তিৰ মাধ্যমেৰে থিৰাং কৰা হৈছে৷ মহাকাশ সংস্থাটো মাইক্র’গ্রেভিটী আৰু মহাকাশৰ পৰিৱেশৰ গৱেষণাগাৰ হিচাপে ব্যৱহাৰ কৰা হয়, য’ত জ্যোতির্বিজ্ঞান, পদার্থ বিজ্ঞান, জলবায়ু বিজ্ঞান আৰু অন্যান্য ক্ষেত্রৰ বিষয়ে গৱেষণা কৰা হয়৷
হাজাৰ হাজাৰ মানুহে, আন্তঃৰাষ্ট্রীয় মহাকাশ সংস্থাৰ ডিজাইন, নির্মাণ আৰু উৎক্ষেপণ আৰু পৰিচালনাত দিন–ৰাতি একাকাৰ কৰিছিল৷ ৮০ৰ দশকৰ মধ্যভাগত মহাকাশ সংস্থাটোৰ ডিজাইন প্রস্তুতত জড়িত ডেভিদ নিক্সনে কয় যে– সভ্যতাৰ ফেঁহুজালিৰে পৰা গঠিত মহান সংৰচনা যেনে পিৰামিড, এথেন্সৰ দুর্গ আদিৰ লগতো আন্তঃৰাষ্ট্রীয় মহাকাশ সংস্থাৰ তুলনা অতিৰঞ্জিত নহয়৷ ১৯০২ চনত আমেৰিকাই এটি অভিলাষী প্রকল্প ঘোষণা কৰিছিল৷ প্রকল্পটোৰ নাম আছিল’Space Station Freedom’৷ লাহে লাহে প্রকল্পটো হয়গৈ ১৫খন দেশৰ সপোনৰ সামূহিক প্রকল্প৷ আমেৰিকা, কানাডা, জাপান, ৰাছিয়া আৰু ইউৰোপৰ মহাকাশ সংস্থাৰ ১১খন সদস্য ৰাষ্ট্রই আৰম্ভ কৰিলে মহাকাশত বৃহৎ গৱেষণাগাৰটো নির্মাণৰ কাম৷
স্বাভাৱিকতেই এই প্রকল্পটো সন্মুখীন হৈছে ভয়াৱহ প্রত্যাহ্বানৰ৷ ১৯৮৬ আৰু ২০০৩ত যানৰ ধ্বংসই ১৪জন মহাকাশচাৰীৰ প্রাণ লোৱাৰ লগতে কলম্বিয়া আৰু চেলেঞ্জাৰ নামৰ মহাকাশযান দুখন দুর্ঘটনাত হেৰাই যায়৷ কলম্বিয়া মহাকাশ যানৰ দুর্ঘটনাতে প্রাণ গৈছিল ভাৰতৰ জীয়ৰী মহাকাশ বিজ্ঞানী কল্পনা চাওলাৰ৷
প্রত্যাহ্বানে ৰুধিব নোৱাৰে মানৱৰ জ্ঞানসন্ধানী যাত্রা৷ পাঁচটা শোৱনিকোঠাৰ এটা বৃহৎ ঘৰৰ সমানেই ডাঙৰ আন্তঃৰাষ্ট্রীয় মহাকাশ সংস্থা৷ দুটা স্নানাগাৰ, এটা ব্যায়ামাগাৰ আৰু এখন বৃহৎ আকাৰৰ খিৰিকীৰে গঠিত মহাকাশ সংস্থাটো সেয়ে পৃথিৱীবাসীৰ কৌতূহলৰ উৎস৷ এক লাখ পাউণ্ড ওজনৰ মহাকাশ সংস্থাটোত একেলগে ৬জন মানুহে বাস কৰিব পাৰে৷ এখন ফুটবল ফিল্ডৰ সমানেই ডাঙৰ মহাকাশ কেন্দ্রটোত আমেৰিকা, জাপান, ৰাছিয়া আৰু ইউৰোপৰ গৱেষণাগাৰ আছে৷
মহাকাশ কেন্দ্রটোৰ বিভিন্ন অংশ আছে৷ এই অংশবোৰক মডিউল বুলি কোৱা হয়৷ মহাকাশ কেন্দ্রটো কার্যক্ষম কৰি ৰাখে প্রথম মডিউলটোৱে৷ সেই মডিউলটোত মহাকাশ বিজ্ঞানীও থাকে৷ প্রত্যেকটো অংশক ইটোৰ লগত সিটোক সংযুক্ত কৰি ৰাখে ‘ন’ভছ’–এ৷ মহাকাশ কেন্দ্রটোৰ কাষে কাষে সৌৰশক্তি আহৰণৰ বাবে আছে ‘ছ’লাৰ এৰে’৷ সৌৰশক্তিক ছ’লাৰ এৰেই বিদ্যুতলৈ পৰিৱর্তন কৰে৷ মহাকাশযানখনৰ বাহিৰফালে ৰবট আর্ম থাকে৷ মানুহৰ বাহুৰ দৰেই এই ৰবট আর্মে নিজৰ দায়িত্ব পালন কৰে৷ মহাকাশচাৰীসকলে ৰবট আর্মৰ সহায়ত কেন্দ্রটোৰ বাহিৰফালে যাব পাৰে৷ বৈজ্ঞানিক গৱেষণাত ই প্রকৃত সহায় কৰে৷ মহাকাশত খোজকাঢ়িবলৈ মহাকাশচাৰীসকল বাহিৰলৈ ওলাই যাবলৈ আছে’Airlocks’, মহাকাশ কেন্দ্রটোৰ লগত অতিথি মহাকাশযান সংযুক্ত কৰিবলৈ আছে ‘ডকিং প’টছ’৷ দুৱাৰৰ নিচিনা ড’কিং প’র্টেৰেই নতুন মহাকাশযান আৰু অতিথি প্রৱেশ কৰিব পাৰে৷
মানৱ সভ্যতাত আন্তঃৰাষ্ট্রীয় মহাকাশ কেন্দ্রৰ গুৰুত্ব ঃ
বিজ্ঞানে মানৱক প্রতিদিনেই ন ন ৰহস্যৰ ভেদ ভাঙিবলৈ প্রোৎসাহিত কৰি আহিছে৷ সেয়েহে বহু দুর্গম গিৰি গুহা, প্রতিকূল পৰিৱেশতো অব্যাহত আছে গৱেষণা৷ তথাপি বহু গৱেষণাৰ বাবে উপযুক্ত ঠাই পৃথিৱী নহয় বুলি পতিয়ন গৈছে তেওঁলোক৷ সেয়েহে আন্তঃৰাষ্ট্রীয় মহাকাশ কেন্দ্রত অবিৰত গৱেষণাত ব্যস্ত বিজ্ঞানী৷ মহাকাশত মানুহে বাস কৰিব পাৰিবনে? এই প্রশ্ণৰ সমিধান বিচাৰি ন ন গৱেষণাত ব্যস্ত মহাকাশ বিজ্ঞানী৷ এখন মহাকাশযান দীর্ঘ সময়ৰ বাবে মহাকাশত কেনেদৰে কার্যক্ষম কৰি ৰাখিব পাৰি, সেই সম্পর্কে নাছাই ইতিমধ্যেই জানিছে৷ ভৱিষ্যতে নাছাৰ এনে গৱেষণাই যে মানৱ জাতিক মহাকাশত স্থায়ী ঘৰ পতাৰ সপোন দিঠক কৰাত সহায় কৰিব, সেয়া খাটাং৷ নাছাই মহাকাশৰ গভীৰতম অঞ্চললৈ মানৱ প্রেৰণৰ পৰিকল্পনা কৰিছে৷ মহাকাশ কেন্দ্রটো ইয়াৰ প্রথম পদক্ষেপ৷
মানৱ স্বাস্থ্যৰ দীর্ঘম্যাদী গৱেষণাৰ বাবে আন্তঃৰাষ্ট্রীয় মহাকাশ কেন্দ্র এক মঞ্চ হৈ পৰিছে৷ নিম্ন মাধ্যাকর্ষণ ক্ষেত্রৰ ফলত মানৱ শৰীৰত দেখা দিয়া পৰিৱর্তন যেনে মাংসপেশী, শৰীৰৰ হাড়, হূদযন্ত্র আৰু চকুৰ আংশিক পৰিৱর্তন সম্পর্কে গৱেষণা চলি আছে৷ বিভিন্ন বৈজ্ঞানিক অনুসন্ধানৰ দ্বাৰা এই পৰিৱর্তনবোৰ কিমান গুৰুত্বপূর্ণ আৰু পৰৱর্তী সময়ত পুনৰাবৃত্তি হ’ব পাৰে নেকি তাৰ তথ্য উদ্ধাৰৰ প্রচেষ্টা অব্যাহত৷ আন্তঃৰাষ্ট্রীয় মহাকাশ কেন্দ্রৰ বহু মহাকাশচাৰীৰ চকুৰ সমস্যা হয় আৰু যাৰ ফলত সংস্থাটোৰ যথেষ্ট ক্ষতিও হৈছে৷ চকুৰ সমস্যাৰ কাৰণ এতিয়াও পৰিষ্কাৰ হোৱা নাই আৰু পৃথিৱীলৈ উভতি অহাৰ পিছত এই সমস্যা স্থায়ী হৈ পৰে বুলি মহাকাশ বিজ্ঞানীসকলে প্রকাশ কৰে৷ কেৱল স্বাস্থ্য সম্পর্কীয় গৱেষণাই নহয়, বিভিন্ন ব্যৱসায়িক সামগ্রী সম্পর্কেও গৱেষণা মহাকাশত চলিছে৷ এছপ্রেছ’ মেচিন বা ৩–ডি প্রিণ্টাৰ, গছ ৰোপণ আদিৰ বিষয়েও গৱেষণা চলি আছে৷ যাতে শস্য ৰোপণ কৰি প্রয়োজনসাপেক্ষে মহাকাশত তেওঁলোকে আহাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে৷ প্রায় ২৫০–৩০০ অনুসন্ধান, যিকোনো সময়তে ভৱিষ্যতৰ মহাকাশ অভিযানৰ বাবে চলাই থকা হয়৷ উদাহৰণস্বৰূপে ব্রিটেইনৰ নেতৃত্বত আন্তঃৰাষ্ট্রীয় মহাকাশ কেন্দ্রত শেহতীয়াকৈ’Worms’ৰ বিষয়ে গৱেষণা চলোৱা হৈছিল আৰু মহাকাশত মাংসপেশী হ্রাস পোৱাৰ কাৰণ বিচাৰি উলিওৱাই এই গৱেষণাৰ উদ্দেশ্য আছিল৷ মহাকাশত থকা বিজ্ঞানীসকলে কেৱল গৱেষণাতেই ব্যস্ত নাথাকে৷ মাজে–সময়ে মহাকাশ কেন্দ্রটোৰ মেৰামতিৰ কামো অতি সাৱধানতাৰে তেওঁলোকে কৰিব লগা হয়৷ ইয়াৰ বাবে তেওঁলোকে স্পেচ ৱাক কৰিব লগা হয়৷ ২০১৩ চনত মহাকাশ কেন্দ্রটোৰ বাহিৰত কাম কৰি থকা অৱস্থাত মহাকাশচাৰী লুচা পার্মিটানুলৰ হেলমেটটো পানীৰে ভৰি পৰিছিল আৰু এই সমস্যা সমাধানৰ বাবে অতি ততাতৈয়াকৈ নাছাই ব্যৱস্থা কৰিব লগা হৈছিল যাতে মহাকাশচাৰীগৰাকী শ্বাস–প্রশ্বাসজনিত সমস্যাত ভুগিব লগা নহয়৷ এই প্রত্যাহ্বানমূলক গৱেষণাবোৰ কৰি থাকোঁতে মহাকাশ কেন্দ্রটোত প্রয়োজন হোৱা লেপটপ আৰু টেবুলে মাজে–সময়ে যান–জঁটৰো সৃষ্টি কৰে৷ মহাকাশ কেন্দ্রটোত ১০০টা লেপটপ আৰু সেই অনুযায়ী টেবুল আছে৷ এই সামগ্রীবোৰ মহাকাশত অতি প্রত্যাহ্বানমূলক পৰিৱেশ যেনে অত্যধিক তাপ আৰু বিকিৰণৰ সময়তো কার্যক্ষম হৈ থাকিব পৰাকৈ প্রস্তুত কৰা হৈছে৷ এই লেপটপবোৰ প্রস্তুত কৰোঁতে আৰু মহাকাশত ই কাম কৰিবনে নাই সেই সম্পর্কে পৰীক্ষা–নিৰীক্ষা চলাওঁতে বহু বছৰ প্রয়োজন হৈছিল৷ মহাকাশ কেন্দ্রটোত থকা অধিকাংশ লেপটপৰে এতিয়া নির্ধাৰিত সময় পাৰ হৈ গৈছে৷ ভৱিষ্যতে অধিক উন্নত লেপটপ মহাকাশযানখনত ব্যৱহাৰ কৰাৰ সম্ভাৱনা আছে৷ মহাকাশ যানখনত অসংখ্য কেমেৰা লগোৱা আছে৷ যিবোৰৰ সহায়ত মহাকাশচাৰীসকলে আমাৰ গ্রহটোৰ বিভিন্ন ফটো গৱেষণাৰ বাবে সংগ্রহ কৰে৷ বিশেষভাৱে নির্মিত মহাকাশ প্রযুক্তিৰ সামগ্রীৰে মহাকাশ কেন্দ্রটো সজোৱা হৈছে৷ ২০১১ চনত ৰব’নাউট নামৰ এটা ৰবট এই কেন্দ্রটোলৈ পঠিওৱা হৈছিল৷ মহাকাশচাৰীসকলক সহায় কৰিবৰ বাবেই এই ৰবটটোক পঠিওৱা হৈছিল৷ প্রথম অৱস্থাত ৰবটটোৰ কেৱল মূৰ আৰু বাহু আছিল যদিও পৰৱর্তী সময়ত তাৰ শৰীৰত ঘড়ীও সংযুক্ত কৰা হৈছিল৷ পুনৰ কিছুদিনৰ পিছত এই ৰবটটো মেৰামতিৰ বাবে পৃথিৱীলৈ ওভতাই পঠিওৱা হয়৷ আন্তঃৰাষ্ট্রীয় মহাকাশ কেন্দ্রটো দুটা ভাগত বিভক্ত৷ এটা ভাগ হৈছে ৰাছিয়ান অৰবিটেল ছেগমেণ্ট৷ এই অংশটো ৰাছিয়াই নিয়ন্ত্রণ কৰে৷ আনটো অংশ হ’ল ইউনাইটেড ষ্টেটছ অৰবিটেল ছেগমেণ্ট৷ এই অংশটো বহুকেইখন দেশে নিয়ন্ত্রণ কৰে৷ ৰাছিয়াৰ ছয়ুজকে ধৰি বিভিন্ন মহাকাশযানে অহৰহ এই কেন্দ্রটোক সহযোগ কৰি থাকে৷
মহাকাশত বাস কৰি গৱেষণা চলাই থকাটো যে সহজ কথা নহয় সেয়া অতি সাধাৰণ এজন মানুহৰো বোধগম্য৷ ২০১৫–১৬ বর্ষত মহাকাশ কেন্দ্রত ৪৯৯ দিন কটাই অহা কেলি নামৰ মহাকাশচাৰীজনে নিজৰ অভিজ্ঞতা বর্ণনা কৰি কৈছিল যে ৪৯৯ দিন তেওঁৰ বাবে বহু বছৰ যেন আছিল৷ বিভিন্ন শাৰীৰিক সমস্যাই তেওঁলোকক ব্যতিব্যস্ত কৰে৷ দৈনন্দিন কার্যবোৰ কৰোঁতেও বিভিন্ন প্রত্যাহ্বানৰ সন্মুখীন হ’ব লগা হয়৷ মহাকাশ কেন্দ্রটোৰ অন্তঃভাগৰ ব্যতিক্রমী পৰিৱেশৰ বাবেই মহাকাশচাৰীসকলৰ জীৱনপ্রণালী পৃথিৱীবাসীতকৈ সম্পূর্ণ পৃথক হয়৷ প্রতি ৯০ মিনিটত পৃথিৱীক প্রদক্ষিণ কৰোঁতে সূর্যৰ তাপ আৰু ছাঁই তেওঁলোকক তাপ আৰু শীতৰ অনুভৱ কৰায়৷ এনে সময়ত কিছুমান মহাকাশচাৰীয়ে মনৰ শান্তিৰ বাবে ইয়েৰ ফোন লগাই টোপনি যাবলৈ চেষ্টা কৰে৷ শৰীৰৰ তৰল পদার্থবোৰ ভৰিৰ ফালে টান খাই যায় আৰু যাৰ ফলত মহাকাশচাৰীসকলৰ দৃষ্টিশক্তিৰ সমস্যা হয়৷ পৃথিৱীতকৈ এই কেন্দ্রটোত কার্বন–ডাই–ক্সাইডৰ্ পৰিমাণ ১০ গুণ বেছি৷ ফলত কেন্দ্রটোত থকা ব্যক্তিসকল সঘনাই মূৰৰ বিষত আক্রান্ত হয়৷ মহাকাশ কেন্দ্রত শৌচাগাৰ ব্যৱহাৰ কৰাটোও তাৰ আৱাসীসকলৰ বাবে হৈ পৰে অতি জটিল কাম৷ শৰীৰত এই সমস্যাসমূহ থকা সত্ত্বেও কিন্তু মহাকাশচাৰীসকলৰ মহাকাশত পৰিভ্রমণ কৰি থকাৰ অভিজ্ঞতা অনন্য৷
মহাকাশ পর্যটন ঃ
আন্তঃৰাষ্ট্রীয় মহাকাশ কেন্দ্রৰ স্থাপনে মহাকাশ ট্যুৰিজিমৰ বাটো মুকলি কৰিলে৷ ২০০১ৰ পৰা ২০০৯ চনলৈকে ৭জন মহাকাশ পর্যটকে ৰাছিয়ান ছয়ুজ মহাকাশ যানেৰে আন্তঃৰাষ্ট্রীয় মহাকাশ কেন্দ্রলৈ ভ্রমণ কৰিবলৈ যায়৷ মহাকাশ কেন্দ্রটোত গৱেষণাৰ বাবেও কিছুমান পর্যটকে তৃতীয় পক্ষৰ স’তে চুক্তিপত্রত স্বাক্ষৰ কৰে৷ ২০০৭ চনৰ পৰা মহাকাশ পর্যটনে ব্যৱসায়িক ভিত্তিত মহাকাশযানৰ ধাৰণাটো অধিক সুদৃঢ় কৰি তুলিলে৷ ‘স্পেচ এডভেন্সাৰ’ নামৰ সংস্থাটোৱে মহাকাশলৈ পর্যটকক পঠিয়ায়৷ ২০২০ চনত ভার্জিনিয়াত অৱস্থিত এই সংস্থাটোৱে উদ্যোগপতি আৰু মহাকাশ অনুসন্ধানকাৰী আনৌছেহ আনছাৰী আৰু ছির্ক ডু ছোইললক মহাকাশ কেন্দ্রটোলৈ পঠিয়ায়৷ আশা কৰা হৈছে যে ২০৩০ চনলৈকে আন্তঃৰাষ্ট্রীয় মহাকাশ কেন্দ্রটো কক্ষপথত থাকিব৷ চন্দ্রৰ কক্ষপথত আন এটা সৰু মহাকাশকেন্দ্র স্থাপন কৰা হৈছে৷ চন্দ্র অভিযানৰ বাবে যোৱা মহাকাশচাৰীৰ বাবে এই কেন্দ্রটো মাইলৰ খুঁটি হৈ পৰিব৷
থোৰতে ঃ
আন্তঃৰাষ্ট্রীয় মহাকাশ কেন্দ্রটো প্রতিঘণ্টাত ১৭,৫০০ মাইল বেগত পৃথিৱীৰ চাৰিওফালে প্রদক্ষিণ কৰে৷ আন্তঃৰাষ্ট্রীয় মহাকাশ কেন্দ্রটোত ৩ হাজাৰতকৈ অধিক বৈজ্ঞানিক পৰীক্ষা চলোৱা হৈছে৷ নাছাৰ মহাকাশচাৰী স্কট কেলী আৰু কেনেডী পাডালকাই এবছৰীয়া অভিযান কালত সর্বাধিক ৩৪০ দিন আন্তঃৰাষ্ট্রীয় মহাকাশ কেন্দ্রত বাস কৰিছিল৷ এজন মহাকাশ বিজ্ঞানীয়ে গড় হিচাপত আন্তঃৰাষ্ট্রীয় মহাকাশ কেন্দ্রত বাস কৰে৷ একে সময়তে এতিয়ালৈকে ১৩জন মহাকাশ বিজ্ঞানীয়ে মহাকাশ কেন্দ্রটোত বাস কৰাৰ অভিজ্ঞতা লাভ কৰিছে৷
পৰিশেষত ক’ব পাৰি যে আন্তঃৰাষ্ট্রীয় মহাকাশ কেন্দ্রই মানৱ জাতিৰ সন্মুখত এক নতুন দিগন্তৰ উন্মোচন কৰিলে৷ ১২০ হাজাৰ কক্ষপথ আৰু ৩.৩ বিলিয়ন মাইল পৃথিৱীৰ পৃষ্ঠত পৰিভ্রমণ কৰা আন্তঃৰাষ্ট্রীয় মহাকাশ কেন্দ্রটো এতিয়াও অতি শক্তিশালী হৈ আছে৷ এই সফলতাৰ আঁৰত আছে সমগ্র বিশ্বৰেই অৱদান৷ ১৯খন দেশৰ মহাকাশ বিজ্ঞানীয়ে কেন্দ্রটো পৰিভ্রমণ কৰিছে৷ নাছাই মহাকাশ কেন্দ্রটো ব্যৱসায়িক ভিত্তিত পৰিচালনাৰ চিন্তা–চর্চা চলাইছে৷ আৰু ইয়াৰ ফলত মহাকাশত উৰিব বিচৰা মানুহৰ সপোনো হয়তো এদিন সঁচা হ’ব৷ অৱশ্যে নাছাই মহাকাশ কেন্দ্রটো ব্যক্তিগত সংস্থাক গটাব বুলিও আলোচনা চলিছে৷ সেয়েহে এই কেন্দ্রটোৰ ভৱিষ্যতো অনিশ্চিত হৈ পৰিছে৷ ৰাছিয়াৰ মহাকাশ কেন্দ্র মিৰ’ৰ দৰেই কেতিয়াবা আন্তঃৰাষ্ট্রীয় মহাকাশ কেন্দ্রও ভূপতিত হ’ব নেকি বুলিও প্রশ্ণ নুঠা নহয়৷ ২০টা বছৰে পৃথিৱীৰ বিভিন্ন ক্ষেত্রত গৱেষণাৰ থলী হিচাপে পৰিগণিত হোৱা এই মহাকাশ কেন্দ্রটো ধ্বংস হোৱাটো সহ্য কৰিব নোৱাৰে মহাকাশ বিজ্ঞানীসকলে৷ সকলোৱে আশা কৰিছে ন ন প্রযুক্তিৰে এই মহাকাশ কেন্দ্রটো অক্ষত হৈ থাকিব পৃথিৱীৰ কল্যাণৰ হকে৷