নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশজুৰি সাধাৰণ ধর্মঘটৰ অসমত মিশ্রিত প্রভাৱ

নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ কেন্দ্রীয় চৰকাৰৰ শ্রমিকবিৰোধী নীতিৰ বিৰুদ্ধে ট্রেড ইউনিয়ন আৰু কর্মচাৰী ফেডাৰেচনসমূহৰ যৌথ মঞ্চই আহ্বান জনোৱা ৰাষ্ট্রজোৰা সাধাৰণ ধর্মঘটৰ মিশ্রিত প্রভাৱ পৰিলক্ষিত হয় ৰাজ্যৰ জনজীৱনত৷ সাধাৰণ ধর্মঘটৰ ফলত ৰাজ্যৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থা প্রভাৱান্বিত হোৱাৰ লগতে বিভিন্ন প্রান্তৰ কল–কাৰখানা প্রতিষ্ঠান আদি বন্ধ থাকে৷ গুৱাহাটীৰ উপৰি তিনিচুকীয়া, ডিব্রুগড়, কৰিমগঞ্জ, হাইলাকান্দি, বঙাইগাঁও, বৰপেটা, নলবাৰী, গোৰেশ্বৰ, ৰঙিয়া, ওদালগুৰি, মঙলদৈ, তেজপুৰ, বিশ্বনাথ চাৰিআলি, ধেমাজি, নগাঁও আদি স্থানত শিল্প প্রতিষ্ঠান তথা বাণিজ্যিক প্রতিষ্ঠানসমূহ বন্ধ হৈ পৰে৷ ইফালে, ৰাণী, মির্জা, বিজয়নগৰ, ছয়গাঁও, বকো, নগৰবেৰা, গৰৈমাৰী আদি অঞ্চলত অসংগঠিত খণ্ডৰ শ্রমিকসকলে প্রতিবাদী সমদল উলিয়াই কেন্দ্রীয় চৰকাৰৰ জনবিৰোধী নীতিৰ প্রতিবাদ কৰে৷ গুৱাহাটীত কল–কাৰখানা, বেংক, বীমা, বিএছএনএল বাণিজ্যিক প্রতিষ্ঠান আদিৰ শ্রমিক–কর্মচাৰীয়ে ধর্মঘট পালন কৰাৰ লগতে দিনৰ ১১ বজাত আইএনটিইউচি, চিআইটিইউ, এআইটিইউচি, এআইচিচিটিউ আৰু বেংক, ডাক সেৱাৰ কর্মচাৰীসকলৰ নেতৃত্বত পাণবজাৰৰ কটন চাৰিআলিৰ পৰা ফাঁচীবজাৰৰ জে’ল ৰোড চাৰিআলিলৈ এক বিশাল প্রতিবাদী সমদল উলিওৱা হয়৷ এই সমদলত অংশগ্রহণ কৰি শ্রমিক নেতা হিৰণ্য বৰা, সোমেৰ সিং গৌড়, তপন শর্মা, ৰমেন দাস, প্রমোদ ভাগৱতী, ভবেন কলিতাকে ধৰি বহুসংখ্যক লোকে অংশগ্রহণ কৰি কেন্দ্রৰ শ্রমিক, কৃষক, নিবনুৱা যুৱক–যুৱতীৰ স্বার্থবিৰোধী নীতিৰ তীব্র সমালোচনা কৰে৷ আমিনগাঁও আৰু নাৰেংগীত ব্যক্তিগত খণ্ডৰ কল–কাৰখানাৰ শ্রমিকসকলে পুৱা ৬ বজাৰ পৰাই ধর্মঘট আৰম্ভ কৰাৰ লগতে সকলো কল–কাৰখানাত ধর্মঘট সফল কৰে৷ বিভিন্ন স্থানত ধর্মঘটৰ সময়ছোৱাত ৫০০ ধর্মঘটকাৰীক আৰক্ষীয়ে আটক কৰে৷ কেন্দ্রীয় ট্রেড ইউনিয়ন আৰু কর্মচাৰী ফেডাৰেচনসমূহে আহ্বান জনোৱা আজিৰ দেশজোৰা সাধাৰণ ধর্মঘটলৈ মটৰ শ্রমিক আৰু বিভিন্ন পৰিবহণ সংগঠনসমূহে ব্যাপক সমর্থন আগবঢ়ায়৷ ইয়াৰ বাবে মটৰ শ্রমিক, মালিকসকলক কৃতজ্ঞতা জ্ঞাপন কৰিছে অল ইণ্ডিয়া ৰোড ট্রেন্সপ’ট ৱর্কার্ছ ফেডাৰেচনৰ অসম ৰাজ্যিক কমিটীৰ সাধাৰণ সম্পাদক বীৰেন শর্মাই৷

You might also like