লেখাপানীত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ
নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ ডিগবৈ বন সংমণ্ডলৰ অধীনস্থ মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানী আঞ্চলিক বন বিভাগৰ এটা দলে আজি বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে। লেখাপানী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত পাহাৰপুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত জব্দ কৰে প্ৰায় ৪০ চি এফ টি অবৈধ কাঠ।
আজি পুৱা প্ৰায় ১১ বজাত বন বিভাগৰ এটা দল উক্ত স্থানত উপস্থিত হৈ অবৈধভাৱে মজুত কৰি ৰখা কাঠখিনি জব্দ কৰে। অৱশ্যে বন বিভাগৰ লোকে কোনো লোকক কৰায়ত্ত কৰিবলৈ সক্ষম নহ’ল।
উল্লেখ্য যে বিগত কিছুদিনৰ পৰা লেখাপানী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ নৱ নিযুক্ত মহিলা বন বিষয়াগৰাকীৰ নেতৃত্বত বনাঞ্চলসমূহত চলি থকা অবৈধ কাম-কাজসমূহ বন্ধ কৰাৰ ক্ষেত্ৰত বিশেষ তৎপৰতা গ্ৰহণ কৰা দেখা গৈছে।