নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্ঘেৰিটাৰ নাৰ্ছিংহোমে জাবৰৰ দ’মৰ কাষত সমাধিস্থ কৰিলে নৱজাতক

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা নগৰৰ মাজমজিয়াত আজি এক চাঞ্চল্যৰ সৃষ্টি হয়। ডাঃ মোবাৰক আলী মালিকানাধীন মোনাফ মেমোৰিয়েল নাৰ্ছিং হোমৰ আৱৰ্জনা পেলোৱা স্থানত  মৃত নৱজাতক উদ্ধাৰক লৈ সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়া। কুকুৰে ভক্ষণ কৰিবলৈ লোৱা প্ৰত্যক্ষ কৰি স্থানীয় সচেতন যুৱকে সংবাদকৰ্মীক খবৰ দিয়াত এই তথ্য পোহৰলৈ আহে।

পাছত মৃতদেহটো নাৰ্ছি হোমখনৰ কৰ্মচাৰীয়ে উক্ত আৱৰ্জনা পেলোৱা স্থানতে সৰু এটা গাঁত খান্দি পুতি থয়। অৰুণাচল প্ৰদেশৰ চাংলাঙৰ এটি দম্পতীৰ কালি নিশা জন্ম হৈছিল মৃত শিশুটি। নাৰ্ছিংহোমখনৰ কৰ্মচাৰীক শিশুটি সমাধিস্থ কৰিবলৈ দিয়া হৈছিল যদিও জাবৰ-জোঁথৰ পেলোৱা স্থানত পেলাই থৈ যোৱাত এনে পৰিস্থিতিৰ সৃষ্টি হয়।

এইদৰে নাৰ্ছিংহোমৰ চৌহদতে মৃতদেহ সৎকাৰ কৰাৰ অনুমতি আছেনে বা এটা মানৱ নৱজাতকক মৃত্যুৰ পিছত যথোচিত মৰ্যাদা নিদিয়াক লৈ স্থানীয় সচেতন ৰাইজে প্ৰশ্ন কৰিছে। এইদৰে নীতি বিৰুদ্ধ কাম কৰি অহা এনে নাৰ্ছিংহোমৰ বিৰুদ্ধে প্ৰশাসনে ব্যৱস্থা ল’বনে ইয়াকে লৈ বিভিন্নজনে সংবাদমাধ্যম যোগে প্ৰশ্ন উত্থাপন কৰে প্ৰশাসনক।

You might also like