নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাগৰিকত্ব সংশোধনী আইনৰ বিধি প্রণয়নৰ বাতৰি ভুৱা

একাংশ সংবাদ মাধ্যমৰ অপপ্রচাৰৰ বিৰুদ্ধে কেন্দ্র

নিয়মীয়া বাৰ্তা ২৮ নৱেম্বৰঃ বহুবিতর্কিত নাগৰিকত্ব সংশোধনী আইনৰ (কা) বিধি প্রস্তুত কৰা বুলি একাংশ সংবাদ মাধ্যমত প্রকাশিত বাতৰি সন্দর্ভত স্থিতি স্পষ্ট কৰিছে কেন্দ্রীয় চৰকাৰে৷ পি আই বিৰ তৰফৰ পৰা আজি এক টুইটযোগে এনে বাতৰিক ভুৱা আখ্যা দিয়া হৈছে৷ টুইটটোত স্পষ্টকৈ কোৱা হৈছে যে ছ’চিয়েল মিডিয়াত এক বার্তাযোগে কেন্দ্রীয় চৰকাৰে ‘কা’ৰ বিধি অধিসূচিত কৰাৰ দাবী কৰা হৈছে৷ প্রকৃততে এই দাবী ভুৱা৷ তেনেধৰণৰ কোনো বিধি চৰকাৰৰ দ্বাৰা অধিসূচিত হোৱা নাই৷ উল্লেখ্য যে বিভিন্ন দল–সংগঠনৰ তীব্র বিৰোধিতা সত্ত্বেও ইতিমধ্যে লোকসভা–ৰাজ্যসভা উভয় সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰা হৈছিল৷ পৰৱর্তী সময়ত ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দে স্বাক্ষৰ কৰাত বিধেয়কখন আইনত পৰিণত হয়৷ কিন্তু আইনত পৰিণত হ’লেও বর্তমান পর্যন্ত ইয়াৰ বিধি প্রস্তুত হোৱা নাই৷ পিছে কালি ছ’চিয়েল মিডিয়াযোগে ‘কা’ৰ বিধি অধিসূচিত হোৱা বুলি এক বার্তা ভাইৰেল হৈ পৰে৷ ছ’চিয়েল মিডিয়াৰ এই বার্তাৰ আঁত ধৰি একাংশ সংবাদ মাধ্যমে ‘কা’ৰ বিধি কেন্দ্রীয় চৰকাৰে প্রস্তুত কৰা সম্পর্কীয় বাতৰি প্রকাশ কৰে৷ এই বাতৰিত উল্লেখ কৰা হয় যে চুবুৰীয়া তিনি ৰাষ্ট্র– পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা অহা ৬টা সম্প্রদায় ক্রমে হিন্দু, শিখ, বৌদ্ধ, খ্রীষ্টান, জৈন আৰু পার্চী ধর্মৰ লোকে ‘কা’ৰ ৬ (খ) ধাৰাৰ অধীনত ভাৰতীয় নাগৰিকত্ব লাভৰ বাবে নির্দিষ্ট প্র–পত্রযোগে আবেদন কৰিব লাগিব৷ ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূর্বে ভাৰতলৈ অহা আৰু ভাৰতত অতি কমেও ৬ বছৰ থকা উক্ত ৬টা সম্প্রদায়ৰ লোকহে ভাৰতীয় নাগৰিকত্ব পোৱাৰ বাবে যোগ্য বিবেচিত হ’ব৷ ইফালে বর্তমানেও ৰাজ্যৰ বিভিন্ন দল–সংগঠনে ‘কা’ৰ বিৰোধিতা কৰি আহিছে৷ ইয়াৰ মাজতেই বহুবিতর্কিত আইনখনৰ বিধি প্রস্তুত হোৱা তথা কেন্দ্রীয় চৰকাৰে অধিসূচিত কৰা বুলি একাংশ সংবাদ মাধ্যমত প্রকাশিত বাতৰিয়ে স্বাভাৱিকতে সৃষ্টি কৰিছে বিভ্রান্তি৷ অৱশ্যে কেন্দ্রীয় চৰকাৰে পি আই বিৰ জৰিয়তে বিষয়টো স্পষ্ট কৰি দিয়াত এই বিভ্রান্তি দূৰ হ’ব৷

You might also like