নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিন্দু কন্যাক ভগ্ণী হিচাপে বিবেচনা কৰক মুছলিম ল’ৰাইঃ এছপিৰ সাংসদ হাছান

নিয়মীয়া বাৰ্তা ২৮ নৱেম্বৰঃ লাভ জেহাদ’ক ৰাজনৈতিক বিষয় বুলি আখ্যা দি মোৰাদাবাদৰ সমাজবাদী পার্টীৰ সাংসদ হাছানে মুছলিম ল’ৰাবোৰক হিন্দু কন্যাক ভগ্ণী হিচাপে বিবেচনা কৰিবলৈ আহ্বান জনায়৷ ‘লাভ জেহাদ’ক প্রতিৰোধ কৰিবলৈ উত্তৰ প্রদেশ চৰকাৰে নতুন আইন বলৱৎ কৰা সন্দর্ভত প্রতিক্রিয়া ব্যক্ত কৰি সাংসদ হাছানে কয় যে লাভ জেহাদ এটি ৰাজনৈতিক শ্লোগান৷ আমাৰ দেশত জীৱনৰ সংগী হিচাপে আন ধর্মৰ লোকক পছন্দ কৰি লয়৷ হিন্দুৱে মুছলমানক বিয়া কৰায় আৰু মুছলমানে হিন্দুক বিয়া কৰায়৷ অৱশ্যে এনে বিবাহ অতি নূ্যনতম৷ কিন্তু হিন্দু ছোৱালীয়ে যদি বিবাহৰ পূর্বে ল’ৰাজনক মুছলিম হিচাপে নাজানে তেতিয়াহ’লে তাক ‘লাভ জেহাদ’ বুলি কোৱা হয়৷ গতিকে মুছলিম ল’ৰাসকলে এই সন্দর্ভত সচেতন হৈ হিন্দু কন্যাক ভগ্ণী হিচাপে বিবেচনা কৰা উচিত৷

You might also like