অসুস্থ পিতৃৰ বাবে দেশলৈ উভতিছিল ৰোহিত
নিয়মীয়া বাৰ্তা ২৮ নৱেম্বৰঃ টীম ইণ্ডিয়াৰ তাৰকা অ’পেনাৰ ৰোহিত শর্মাৰ আঘাতক কেন্দ্র কৰি শেহতীয়াকৈ সৃষ্টি হোৱা খেলিমেলিক লৈ অধিনায়ক বিৰাট কোহলিয়ে মুকলিকৈ অসন্তুষ্টি ব্যক্ত কৰাৰ পিছত ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে আজি স্থিতি স্পষ্ট কৰিছে৷ ব’ডৰ সচিব জয় শ্বাহে এক বিবৃতিযোগে জানিবলৈ দিছে যে ৰোহিতে তেওঁৰ অসুস্থ পিতৃক সংগ দিবলৈ ডুবাইৰ পৰা মুম্বাইলৈ উভতি আহিছিল৷ অন্যথা তেওঁ দলৰ আন সদস্যসকলৰ সৈতে ছিডনীলৈ ৰাওনা হ’লহেঁতেন৷ উল্লেখ্য যে আই পি এলৰ পিছতে দলৰ সৈতে ৰোহিত শর্মাই অষ্ট্রেলিয়ালৈ ৰাওনা হ’লে টেষ্ট শৃংখলাত তেওঁ খেলাৰ সম্ভাৱনা বৃদ্ধি পালেহেঁতেন৷ আঘাতপ্রাপ্ত উইকেটৰক্ষক ঋদ্ধিমান সাহাৰ সৈতে ৰোহিতে অষ্ট্রেলিয়াত থাকি নিজকে সুস্থ কৰাৰ চেষ্টা চলোৱা উচিত আছিল বুলি ক্রিকেট মহলত চর্চা হৈ থকাৰ মাজতে ব’র্ডে আজি স্পষ্ট কৰে যে ক্রিকেটাৰগৰাকীয়ে ব্যক্তিগত অসুবিধাৰ বাবে দেশলৈ উভতি আহি এন চি এত শাৰীৰিক অনুশীলন চলোৱাৰ সিদ্ধান্ত লয়৷ ইফালে, ৰোহিতৰ হেমষ্ট্রিঙৰ আঘাত সন্দর্ভত অহা ১১ ডিচেম্বৰত এন চি এৰ ফালৰ পৰা চূড়ান্ত প্রতিবেদন প্রকাশ কৰা হ’ব৷ ইয়াৰ পিছতে তেওঁৰ অষ্ট্রেলিয়া ভ্রমণৰ বিষয়টো স্পষ্ট হ’ব বুলি জয় শ্বাহে জানিবলৈ দিছে৷ তেওঁ লগতে প্রকাশ কৰে তাৰকা বেগী বলাৰ ঈশান্ত শর্মা আগন্তুক টেষ্ট শৃংখলাৰ পৰা সম্পূর্ণৰূপে বাহিৰ হৈছে৷