ৰাজহুৱা মুকলি ঠাই
চহৰ একোখন ডাঙৰ হৈ যোৱাৰ লগে লগে চহৰখনত ঘৰ, গাড়ী–ঘোঁৰা, মানুহ আদিৰ সমাগম বৃদ্ধি পায় ঠিক, চহৰখনত আন বিভিন্ন বস্তুৰো প্রয়োজন বৃদ্ধি পায় আৰু সেইবোৰৰ এটা প্রধান বস্তু হ’ল ৰাজহুৱা মুকলি ঠাই আৰু এই মুকলি ঠাই প্রেক্ষাগৃহ–পুথিভঁৰাল্ গৃহভিত্তিক মুকলি ঠাই আৰু উদ্যান–পদপথ আদিৰ দৰে মুকলি ঠাই৷ পুথিভঁৰালজাতীয় মুকলি ঠাইবোৰ বিশেষ বিশেষ নাগৰিকৰ বাবে হোৱাৰ বিপৰীতে পদপথজাতীয় ঠাইবোৰ সকলোৰে বাবে৷ আমাৰ ইয়াত একোটা ৰাস্তা সকলোৰে বাবে, যন্ত্রচালিত বাহনৰ গুৰুত্ব তাত বেছি আৰু পদচাৰীৰ বাবে গুৰুত্ব শূন্য৷ পদপথবোৰ বিশৃংখল, অসমান, ভগা–ছিগা, মেনহলৰ ঢ়াকনী নথকা– সেই ফুটাৰে মানুহ সৰি পৰে, উদণ্ড ল’ৰাই পদপথতেই বাইক চলায়, বিদ্যুৎ বিভাগৰ ট্রেন্সফর্মাৰ বহে পদপথতেই আৰু যিখিনি ব্যৱহাৰযোগ্য হৈ থাকে, সেইখিনি অধিকাৰ কৰে সৰু–ডাঙৰ দোকানীসকলে৷ এই পদপথবোৰ পথচাৰীয়ে সুন্দৰকৈ ব্যৱহাৰ কৰিব পৰাকৈ ৰখাটো চৰকাৰৰ দায়িত্ব যদিও ৰাজহুৱা ঠাইৰ ভিতৰত সেইখিনিয়েই আটাইতকৈ অৱহেলিত আৰু চৰকাৰৰ মনোযোগ তাত পৰে কমকৈ৷ এখন ক্রমবর্ধমান চহৰে নিজৰ আৰু নাগৰিকৰ স্বাস্থ্যৰ বাবেই বিচাৰে উচ্চমানৰ পদপথ আৰু মুকলি ৰাজহুৱা ঠাই৷ অকল ইমানেই নহয়, কেৱল পথচাৰীৰ বাবে পদপথ– য’ত থাকিব জনসমাগমৰ সাধাৰণ সুবিধা– মুম্বাইৰ মেৰিন ড্রাইভৰ দৰে, আৰু তাত থাকিব সাংস্কৃতিক চর্চাৰ সুবিধা– যাৰ সহজ উদাহৰণ মুম্বাইৰ কালাঘোড়া ফেষ্টিভেল৷ গুৱাহাটী চহৰৰ পিনে চালে দেখা যায়, ইয়াত নাগৰিকৰ বাবে কোনোধৰণৰ মুকলি ঠাইৰ ব্যৱস্থা নাই৷ ব্যস্ত ৰাজপথত গাড়ী–মটৰৰ চলাচল বন্ধ কৰি ৰাইজক অলপ সময়ৰ বাবে খোজ কাঢ়িবলৈ দিয়াটো মুকলি ঠাইৰ কোনো সঠিক উদাহৰণ নহয়৷ ব্রহ্মপুত্রৰ বুকুত থকা লাচিতৰ প্রতিমূর্তিৰ ওচৰৰ ঠাইখিনি চহৰখনৰ এডোখৰ সুন্দৰ মুকলি ঠাই হৈ উঠাৰ সম্ভাৱনা আছিল যদিও তাৰ চাৰিওকাষে ৰখা জাহাজকেইখন মূর্তিটোৰ সৌন্দর্য উপভোগৰ বাবে বাধা হৈ পৰিছে আৰু একে সময়তে সেই শিল্পকর্মটোৰ প্রতি চৰকাৰে কৰা অৱমাননাৰ প্রতীক হৈ থিয় দি আছে৷ শিল্প–ভাস্কর্য আদিৰ ভাণ্ডাৰ অসমৰ দুর্ভাগ্য হ’ল– স্বাধীন অসমে শিল্প–ভাস্কর্যৰ সৌন্দর্য উপভোগ কৰিব জনা কোনো মন্ত্রী–বিষয়া আদি লাভ নকৰাটো৷ অসমৰ বহু সাংস্কৃতিক সম্পদ নিজে নিজে নষ্ট হৈ গৈছে আৰু বহু সম্পদ নষ্ট কৰিছে চৰকাৰী বিষয়াই৷ কিন্তু বর্তমানৰ চৰকাৰ অসমৰ ঐতিহ্য–সম্পদ আৰু শিল্প আদিৰ প্রতি সচেতন হোৱা যেন লাগে আৰু আশা কৰিব পাৰি যে নগৰ পৰিকল্পনাৰ অংশ হিচাপেই অসমৰ নগৰবোৰত মুকলি ৰাজহুৱা ঠাইৰ ব্যৱস্থা কৰাৰ কথা চৰকাৰে ভাবিব৷ অসম চৰকাৰৰ নগৰ পৰিকল্পনাৰ কাৰণে এটা স্বয়ংসম্পূর্ণ বিভাগেই আছে আৰু এই বিভাগে অসমৰ চহৰবোৰত ৰাজহুৱা মুকলি ঠাইৰ পৰিকল্পনা নিশ্চয় নকৰাকৈ থকা নাই৷
এই মুকলি ঠাই হ’ল চহৰখনৰ এটি চিনাকি৷ এই ঠাইত চহৰখনৰ সাংস্কৃতিক পৰিচয় প্রকাশ হ’ব লাগে৷ ঠাইখিনি হ’ব লাগে স্থাপত্যৰ দিশৰ পৰা সৰল আৰু ৰাইজৰ প্রৱেশসাধ্য৷ এখন ভাল ৰাজহুৱা ঠাইলৈ আৰু তাৰ মাজেৰে যাওঁতে মানুহে সহজ আৰু সুৰক্ষিত হৈ থকা কথাটোত গুৰুত্ব দিয়ে৷ ৰাজহুৱা মুকলি ঠাইত এই কথাটো সকলো দিশৰ পৰাই জৰুৰী৷ বিশেষকৈ দিব্যাংগসকল আৰু তৃতীয় লিংগৰ লোকসকলৰ বাবে এই কথাটো বিশেষভাৱে মনোযোগ দিবলগীয়া৷ দিব্যাংগসকলৰ কথা আজিকালি বহু ঠাইতে ভবা হয়, কিন্তু তৃতীয় লিংগৰ লোকসকলে ৰাজহুৱা ঠাইত অধিক অসুবিধাৰ সন্মুখীন হয়৷ একবিংশ শতিকাৰ আধুনিক চৰকাৰে এই কথাবোৰ ভাবিবই লাগিব৷ মুকলি ৰাজহুৱা ঠাই একোখন সাজু কৰি উলিওৱাটো তেনেই কঠিন কাম নহয়৷ কিন্তু এই ঠাইবোৰৰ সঠিক বিকাশ নির্ভৰ কৰে চহৰখনক ভালদৰে জনা আৰু ভালপোৱা নাগৰিকসকলৰ ওপৰত৷ নতুন মুকলি ৰাজহুৱা ঠাই এখনক ঐতিহাসিক দৃষ্টিকোণৰ পৰা বিচাৰ কৰি নাগৰিকসকলক তাৰ গৰাকীৰ অনুভূতি দিব পাৰিলেই ঠাইখন জীৱন্ত হৈ থাকিব আৰু ই চহৰখনৰ প্রাণ হৈ উঠিব৷ অম্রুত মিছনৰ অধীনত অসমৰ চাৰিখন চহৰত চৰকাৰৰ উদ্যোগত নগৰ নির্মাণৰ কাম আৰম্ভ হ’ব৷ এই কামৰ অংগ হিচাপেই ৰাজহুৱা মুকলি ঠাই প্রস্তুতৰ কথাও ভবাটো উচিত আৰু এনেদৰে ভবা হওক যাতে সি সমগ্র ভাৰতৰ বাবে এটা আর্হি হ’ব পাৰে৷ এই দায়িত্ব গ্রহণ কৰিবলৈ বিভাগীয় তৰুণ মন্ত্রী পীয়ূষ হাজৰিকা সাজু হোৱা উচিত৷