নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ পৰা স্থানান্তৰ হ’ব আইচিচি টি–২০ বিশ্বকাপ ক্রিকেট

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰঃ ভাৰতত অহা বর্ষৰ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া আই চি চি টি–২০ বিশ্বকাপ ইউ এ ইলৈ স্থানান্তৰ হ’ব পাৰে৷ এই আশংকা ব্যক্ত কৰিছে পাকিস্তান ক্রিকেট ব’ডৰ মুৰব্বী ৱাছিম খানে৷

ভাৰতত ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ ঘটনা হ্রাস পোৱা নাই বুলি উল্লেখ কৰি তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে অহা বর্ষৰ টি–২০ বিশ্বকাপ ভাৰতৰ পৰা ইউ এ ইলৈ স্থানান্তৰ হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷

মন কৰিবলগীয়া যে ২০২১ৰ টি–২০ বিশ্বকাপ পূর্ব নির্ধাৰিত সূচী অনুসৰি অষ্ট্রেলিয়াত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও শেহতীয়াকৈ আই চি চিয়ে মেগা ইভেণ্টখনৰ আয়োজনৰ দায়িত্ব ভাৰতৰ হাতত অর্পণ কৰিছিল৷ একেদৰে অষ্ট্রেলিয়াক ২০২২ৰ টি–২০ বিশ্বকাপ আয়োজনৰ দায়িত্ব দিছিল ক্রিকেটৰ সর্বোচ্চ সংস্থাটোৱে৷

ইফালে, ভাৰতত প্রতিযোগিতাখন অনুষ্ঠিত হ’লে পাকিস্তানী খেলুৱৈৰ ভিছা নিশ্চিত কৰিবলৈ আই চি চিক আগতীয়াকৈ আহ্বান জনোৱা বুলিও পি চি বিৰ মুৰব্বীগৰাকীয়ে আজি উল্লেখ কৰে৷

You might also like