নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৈল খণ্ডত বছৰি ৩৫০ কোটিৰ কৰ ফাঁকি

ভেট ৰেহাইৰ সুবিধা লৈ মেঘালয়–নাগালেণ্ড–মিজোৰাম-মণিপুৰ পেট্র’ল–ডিজেল অসমত উচ্চ নিৰিখত বিক্রী

নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ  ৰাজ্যৰ বিভিন্ন প্রান্তত তৈল কোম্পানীসমূহে বৃহৎসংখ্যক পেট্র’ল পাম্পৰ আবণ্টন দিয়াৰ পিছত এতিয়া সক্রিয় হৈ উঠিছে তৈল ৰাজহ ফাঁকিৰ এক বৃহৎ ছিণ্ডিকেট চক্র৷ উত্তৰ–পূর্বাঞ্চলৰ পেট্র’লিয়াম খণ্ডৰ পেট্র’লজাত সামগ্রী ক্রয়ৰ ক্ষেত্রত থকা ভিন্ন নিৰিখৰ সুবিধা লৈয়েই এই চক্রটোৱে ৰাজহ ফাঁকি দি আহিছে কোটি কোটি টকাৰ৷ উল্লেখ্য যে অসমৰ পেট্র’ল পাম্পসমূহত বিক্রী হোৱা পেট্র’ল, ডিজেল আদিৰ মূল্য ভেটৰ জৰিয়তে নির্ধাৰিত হয় আৰু পাম্পসমূহে ক্রয় কৰা পেট্র’ল–ডিজেলৰ মূল্যত ভেট সংযোজিত হৈ থাকে৷ ইয়াৰ বিপৰীতে অসমৰ শোধনাগাৰসমূহৰ পৰা উত্তৰ–পূর্বাঞ্চলৰ অন্যান্য ৰাজ্যলৈ যোৱা পেট্র’ল–ডিজেলসমূহৰ বাবদ মাত্র আদায় দিব লাগে ২ শতাংশ চিএছটি৷ মেঘালয়, অৰুণাচল, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্রিপুৰাৰ পেট্র’ল পাম্পসমূহে চি ফর্ম পূৰণ কৰি এই কৰ আদায় কৰি আহিছে৷ আনহাতে পেট্র’ল–ডিজেলৰ বাবদ অসমৰ পেট্র’ল পাম্পসমূহে আদায় দিব লাগে ১৮ৰ পৰা ২০ শতাংশ ভেট৷ অসম আৰু উত্তৰ–পূর্বাঞ্চলৰ আন ৰাজ্যসমূহৰ পেট্র’ল–ডিজেলৰ কৰৰ ক্ষেত্রত থকা বৃহৎ ব্যৱধানৰ আঁৰতে লুকাই আছে ৰাজহ ফাঁকি দিয়া ছিণ্ডিকেট চক্রটোৰ লুণ্ঠনৰ অংক৷

উল্লেখ্য যে উত্তৰ–পূর্বাঞ্চলৰ পেট্র’ল পাম্পৰ ব্যৱসায়টো মূলতঃ চাৰিটা চক্রই নিয়ন্ত্রণ কৰি আহিছে৷ ইয়াৰ ভিতৰত শ্রীপাল জৈন আৰু ভাগচান্দ জৈনে ৭০–৭৫টা, মুকেশ আৰু মনীষ জৈনে ৪০–৪৫টা, সঞ্জয় আৰু সুমিত জৈনে ৫০–৫৫টা, মনোজ জৈন ভাতৃদ্বয়ে ৫৫–৬০টা পেট্র’ল পাম্প সমগ্র উত্তৰ–পূর্বাঞ্চলত চলাই আহিছে৷ এই চাৰিওটা গ্রুপে চলোৱা প্রায়সমূহ পেট্র’ল পাম্পেই অনুসূচিত জনজাতি আৰু অনুসূচিত জাতিৰ লোকৰ নামত আবণ্টিত পেট্র’ল পাম্প৷ তাৰ ফলত তেওঁলোকে বিভিন্ন ধৰণৰ ৰাজসাহায্যৰ সুবিধা লৈ থকাৰ উপৰি প্রতিদিনে দি আহিছে বৃহৎ পৰিমাণৰ কৰ ফাঁকি৷ বিশেষ এক সূত্রই জনোৱা মতে, এই চাৰিওটা গ্রুপৰ ছিণ্ডিকেট চক্রই অসমৰ শোধনাগাৰসমূহৰ পৰা তেওঁলোকৰ মেঘালয়, নাগালেণ্ড, মণিপুৰ, ত্রিপুৰা, অৰুণাচল আদিত থকা পেট্র’ল পাম্পসমূহৰ নামত পেট্র’ল–ডিজেল ক্রয় কৰে৷ কিন্তু এই পেট্র’ল–ডিজেলসমূহ সংশ্লিষ্ট ৰাজ্যৰ পেট্র’ল পাম্পলৈ নিয়াৰ বিপৰীতে অসমৰ পেট্র’ল পাম্পতে বিক্রী কৰি আহিছে৷ ফলস্বৰূপে নিম্ন মূল্যত ক্রয় কৰা পেট্র’ল–ডিজেল অসমত উচ্চ নিৰিখত বিক্রী কৰি বৃহৎ মুনাফা আদায় কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে এই চক্রসমূহে ১২, ২০, ২৪ আৰু ২৯ হাজাৰ লিটাৰ তেল কঢ়িওৱা টেংকাৰৰ জৰিয়তে উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ নামত শোধনাগাৰৰ পৰা তেল নি অসমৰ পেট্র’ল পাম্পসমূহত বিক্রী কৰে৷ হিচাপ অনুসৰি ১২ হাজাৰ লিটাৰৰ এখন টেংকাৰত এই ছিণ্ডিকেট চক্রটোৱে আঢ়ৈ লাখ টকাতকৈ অধিক মুনাফা লুটি আহিছে৷

জানিব পৰা মতে, দৈনিক প্রায় ৪০–৪৫খনকৈ বহিঃৰাজ্যৰ টেংকাৰৰ পেট্র’ল–ডিজেল অসমৰ পেট্র’ল পাম্পত বিক্রী হৈ আহিছে৷ নূ্যনতম ৪০খনকৈ হ’লেও দৈনিক এক কোটি টকাৰ ৰাজহ ফাঁকিৰ মুনাফা আদায় কৰি আহে চক্রটোৱে৷ তেল কোম্পানীসমূহৰ এক শীর্ষ সূত্রই জনোৱা মতে, বার্ষিক প্রায় ৩৫০ কোটি টকাৰ বৃহৎ ৰাজহ ফাঁকি দি আহিছে এই ছিণ্ডিকেট চক্রটোৱে৷ টেংকাৰৰ তেলৰ পৰিমাণ যিমান হ’ব মুনাফাও সিমানেই অধিক হয়৷ গুৱাহাটী মহানগৰীৰ লখৰাত ৰাজহ ফাঁকি চক্রটোৰ এক বৃহৎ ঘাটি থকাৰ তথ্য পোহৰলৈ আহিছে৷ বহিঃৰাজ্যলৈ যাবলগীয়া টেংকাৰসমূহ ইয়াতে ৰাখি অসমৰ বিভিন্ন পেট্র’ল পাম্পলৈ প্রেৰণ কৰাৰ সমগ্র প্রক্রিয়া ছিণ্ডিকেট চক্রটোৱে লখৰাতেই সম্পন্ন কৰে বুলি জানিব পৰা গৈছে৷ আনহাতে কামৰূপ জিলাৰ কমলপুৰ, ছয়গাঁও, বকোত এই চক্রটো সক্রিয় হৈ থকাৰ উপৰি গোৱালপাৰা, বৰপেটাৰোড, ধুবুৰীতো বিশেষভাৱে সক্রিয় হৈ থকাৰ তথ্য পোহৰলৈ আহিছে৷ এই চক্রটোৰ উজনি অসমৰ বৃহৎ ঘাটি হৈ পৰিছে খটখটি, গোলাঘাট আৰু তিনিচুকীয়া৷ ইয়াৰ উপৰি তেজপুৰ, ওদালগুৰি, লখিমপুৰ, বান্দৰদেৱা আদি স্থানৰ পৰাও ৰাজহ ফাঁকিৰ কাম–কাজ সম্পন্ন কৰে ছিণ্ডিকেট চক্রটোৱে৷

এনেদৰে দৈনিক প্রায় এক কোটি টকাৰ ৰাজহ ফাঁকি দিয়া চক্রটোৰ বাবেই অসমে বছৰি প্রায় ৩৫০ কোটি টকাৰ ৰাজহ হেৰুৱাই অহাৰ পিছতো অসম আৰক্ষীকে ধৰি কোনো তদন্তকাৰী সংস্থাই এইপর্যন্ত ব্যৱস্থা গ্রহণ কৰা নাই এই বৃহৎ ছিণ্ডিকেট গোষ্ঠীৰ বিৰুদ্ধে৷ এনে বৃহৎ অনিয়মৰ পিছতো শ্রীপাল জৈন–মুকেশ জৈন–সঞ্জয় জৈন–মনোজ জৈন আদিৰ বিৰুদ্ধে কৰ বিভাগ অথবা অসম আৰক্ষীৰ অর্থনৈতিক অনুসন্ধান শাখাই কিয় অভিযান নচলায়, তাৰ আঁৰতেই লুকাই আছে এই চক্রটোৰ পৃষ্ঠপোষকতাৰ ৰহস্য৷ জানিব পৰা মতে, অসম আৰক্ষীৰ এক শীর্ষ চক্রৰ সৈতে ঘনিষ্ঠতা আছে এই ছিণ্ডিকেট গোষ্ঠীৰ৷ তাৰ উপৰি তেল কোম্পানীসমূহৰ অসমত কর্মৰত শীর্ষ বিষয়াৰ এক বৃহৎ চক্রৰ সৈতে ঘনিষ্ঠতা আছে ৰাজহ ফাঁকি চক্রটোৰ৷ দৰাচলতে তেল কোম্পানীৰ এই বিষয়া চক্রটোৰ ছত্রছায়াতে অব্যাহত আছে ৰাজহ ফাঁকিৰ এই বৃহৎ ছিণ্ডিকেট৷ এই বিষয়া চক্রটোৰ তথ্য পোহৰলৈ আহিলে তেল কোম্পানীসমূহত সংঘটিত হৈ থকা অনিয়ম তথা দুর্নীতিৰ বিয়াগোম অধ্যায় পোহৰলৈ অহাটো নিশ্চিত৷ কিদৰে একাংশ বিষয়াই অসমৰ তেল শোধনাগাৰসমূহক লুণ্ঠনৰ ক্ষেত্র কৰি গঢ়ি তুলিছে, এই তথ্যসমূহ প্রকাশ পালেই ৰাজ্যখনে দৈনিক হেৰুৱাই অহা বৃহৎ ৰাজহৰ অংক পোহৰলৈ আহিব৷

You might also like