নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ন’ বড়োলেণ্ড ন’ ৰেষ্ট ধ্বনি দিয়া প্রমোদ বড়োৱে জাতিক বিক্রী কৰিলে

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ বিটিচি নির্বাচনৰ প্রথম পর্যায়ৰ ভোটগ্রহণলৈ মাজত মাথোঁ চাৰি দিন বাকী থকা অৱস্থাত বিজেপি, বি পি এফ, ইউ পি পি এল, গণ সুৰক্ষা পার্টী আদি ৰাজনৈতিক দলবোৰৰ নির্বাচনী তৎপৰতা যথেষ্ট বৃদ্ধি পাইছে৷ প্রত্যেকেই নিজ দলৰ সপক্ষে জনমত সৃষ্টিৰ বাবে মৰণপণ যুঁজত নামি পৰিছে৷ আজি বিটিচিৰ প্রাক্তন মুখ্য কার্যবাহী সদস্য তথা বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰীয়ে বাক্সা জিলাৰ ককলাবাৰী পৰিষদীয় সমষ্টিত তিনিখনৰো অধিক গাঁৱলৈ গৈ ৰাইজৰ সৈতে মত বিনিময় কৰে৷ প্রথমে টকুৰাকুছি গাঁৱত, ইয়াৰ পাছতে কদমগুৰি আৰু ভেবলা দংপাৰ গাঁৱত উপস্থিত হৈ তেওঁ ৰাইজৰ সৈতে মত বিনিময় কৰে৷ তেওঁ কয়– বিটিচিত পুনৰ বি পি এফৰেই চৰকাৰ হ’ব৷ চৰকাৰ গঠনৰ পাছত আপোনালোকৰ সমস্যা ধীৰেন বডোৱে সমাধান কৰি দিব৷ নহ’লে মই কৰি দিম৷ ৰাজহুৱা বা জাতিগত বিভিন্ন সমস্যা কেনেকৈ সমাধান কৰা হ’ব, সেই সম্পর্কে নির্বাচনী ইস্তাহাৰত আছে৷ পঢ়িলেই গম পাব৷ ৰাস্তাৰ সমস্যা সমাধান কৰাটো ডাঙৰ কথা নহয়৷ এইবোৰ হ’ব৷ প্রতিটো জাতি–জনগোষ্ঠীৰে কিছুমান জাতীয় সমস্যা থাকে বুলি উল্লেখ কৰি তেওঁ কোচ ৰাজবংশী আৰু আদিবাসীসকলৰ জনজাতিকৰণৰ প্রসংগ উল্লেখ কৰে৷ এইক্ষেত্রত তেওঁ কয় যে কিছুমান সমস্যা বিটিচিত সমাধান কৰিব নোৱাৰি৷ অসম বা কেন্দ্রীয় চৰকাৰৰ দ্বাৰাহে এইবোৰ সমাধান হয়৷ কোচ ৰাজবংশী বা আদিবাসীৰ জনজাতিকৰণৰ সমস্যাটো বিটিচিয়ে কেৱল সমর্থন জনাব পাৰে বা এন অ’ চি দিব পাৰে৷ কিন্তু আন সমস্যা, যেনে– ৰাস্তা–দলং বা আত্মসহায়ক গোটক টকা দিয়াৰ কথাটো বিটিচিয়েই কৰিব পাৰে৷ তেওঁ বিভিন্ন উপাসনা গৃহ, নামঘৰ, মন্দিৰ, মছজিদ, গির্জা, বাথৌ মন্দিৰ আদিক অর্থ সাহায্য দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি উল্লেখ কৰে৷ তেওঁ লগতে কয় যে জিলা ভিত্তিত তৃতীয় আৰু চতুর্থবর্গৰ চাকৰি দিয়া হ’ব৷ বাক্সা জিলাত চিৰাং, ওদালগুৰি বা কোকৰাঝাৰ জিলাৰ যুৱক–যুৱতীক বাক্সা জিলাৰ চৰকাৰী খালী পদত চাকৰি দিয়া নহ’ব৷ তেওঁ কয় যে বিটিচিত থকা কোনো জাতি–জনগোষ্ঠীয়ে যাতে চৰকাৰৰ আঁচনিৰ পৰা বঞ্চিত নহয়, তাৰ বাবে ব্যৱস্থা গ্রহণ কৰি সকলো জাতি–জনগোষ্ঠীকে সমানে বিভিন্ন চৰকাৰী আঁচনিৰ সা–সুবিধা দিয়া হ’ব৷ তেওঁ ভেবলা দংপাৰত দিয়া ভাষণত ইউ পি পি এলৰ সভাপতি প্রমোদ বডোক আক্রমণৰ লক্ষ্য কৰি লৈ কয় যে প্রমোদ বডোৰ পৃথক বড়োলেণ্ড ৰাজ্যৰ দাবী ক’ত গ’ল? ‘ন’ বড়োলেণ্ড, ন’ ৰেষ্ট’ ধ্বনি দি দহ–পোন্ধৰে বছৰে আন্দোলন কৰিলে৷ কিয় প্রতাৰণা কৰিলে? প্রমোদ বড়ো বড়ো জাতিৰ ইতিহাসত বেয়া চিন ৰাখি থ’লে৷ বড়ো জাতিক বিক্রী কৰিলে বুলি ক’ব পাৰি৷ তেওঁ কয় যে বি টি আৰ চুক্তি ৰূপায়ণ হ’বলৈ হ’লে বহুত গণ্ডগোল হ’ব৷ বড়ো জাতি শেষ হ’ব৷ চুক্তিৰ এটা দফাত লিখা আছে বড়ো আৰু ড্রাইবেলসকলৰ সংস্কৃতি, ভাষা, ভূমিৰ অধিকাৰ আদিৰ সুৰক্ষাৰ কথা৷ কিন্তু ইয়াত বড়ো আৰু ড্রাইবেলেই নাই, অসমীয়া, ৰাজবংশী আছে, আদিবাসী, বেংগলী, নাথ যোগী, মদাহি, মুছলিম সকলো জাতি আছে ইয়াত৷ এই জাতি–জনগোষ্ঠীবোৰৰ সংস্কৃতি, ভাষা, ভূমিৰ অধিকাৰ আদি ৰক্ষণাবেক্ষণৰ কথা চুক্তিত লিখা নাই৷ তেনেহ’লে গণ্ডগোল নহ’বনে? গণ্ডগোল হ’বই৷ কাৰণ আন জাতিবোৰে এই চুক্তি কেনেকৈ মানি ল’ব? ই বড়ো আৰু অনাবড়ো মাজত কাজিয়া লগোৱাৰ একমাত্র ষডযন্ত্র বুলি মত ব্যক্ত কৰে৷

মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই জানি–বুজি এই কাম কৰিছে বুলি তেওঁ অভিযোগ কৰে৷ বড়ো জাতিক ধ্বংস কৰাৰ বাবে এই কাম কৰিছে বুলি অভিযোগ কৰে৷ তেওঁ পুনৰ কয়– আমি কৈছো বড়ো জাতিক মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ধ্বংস কৰিব নোৱাৰে৷ আমি এই চুক্তিক এনেদৰে ৰূপায়ণ কৰিবলৈ নিদিম৷ বড়োসকলে হাগ্রামাই উল্টা কথা কৈছে বুলি ভুল বুজিব পাৰে৷ আমি বড়ো জাতি অকলে কেনেকৈ জীয়াই থাকিম? সকলো জাতি–জনগোষ্ঠীয়ে একেলগে জীয়াই থাকিব লাগিব৷ বিটিচি চুক্তিত সকলো জাতি–জনগোষ্ঠীৰে অধিকাৰ আগৰ দৰেই থাকিব৷ কিন্তু বি টি আৰ চুক্তিত এই কথা নাই৷ তেওঁ কয় যে গণ্ডগোল যদি বিচাৰে, তেন্তে প্রমোদ বড়ো বা বিজেপিকে ভোট দিব লাগিব৷ যদি শান্তি বিচাৰে, তেন্তে আমাক– বি পি এফক ভোট দিয়ক৷ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কৈ আছে যে আমি বি টি আৰ চুক্তি আখৰে আখৰে ৰূপায়ণ কৰিম৷ বি টি আৰ চুক্তিত যেনে আছে তেনেভাৱে ৰূপায়ণ কৰা মানে গণ্ডগোল হোৱা৷ গণ্ডগোল হোৱা মানে আমাৰ বড়ো জাতিক ধ্বংস কৰাৰ এক ষডযন্ত্র মন্ত্রী হিমন্ত বিশ্ব শর্মাৰ৷ জাতিক বিক্রী কৰি অৱশেষত উপায় নাপাই প্রমোদ বডোৱে বিজেপিতে যোগ দিব বুলিও তেওঁ উল্লেখ কৰে৷ মহিলাৰীয়ে দাবী কৰা মতে, ইউ পি পি এলে দুই–তিনিখন আসনত ওদালগুৰিৰ ফালে জিকিব পাৰে৷ বিজেপিয়েও ওদালগুৰিৰ ফালে এখনমান আসন পাব পাৰে৷ কোকৰাঝাৰৰ ফালে এখনো আসন নাপায়৷ তেওঁ চৰকাৰ গঠনৰ পাছতে বিটিচিৰ খাচ মাটিত বসবাস কৰা লোকসকলক পট্টা দিয়া হ’ব বুলি উল্লেখ কৰে৷ বিধায়ক থানেশ্বৰ বসুমতাৰী আৰু বি পি এফৰ প্রার্থী ধীৰেন বডোৰ লগতে শিল্পী ভৃগু কাশ্যপ আৰু বিপুল ৰাভাও সভাত উপস্থিত থাকে৷
শালবাৰীৰ গাতিত বি পি এফৰ নির্বাচনী প্রচাৰ
বিটিচি নির্বাচনৰ প্রচাৰৰ মাজতে বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰীৰ মাজৰ বাকযুদ্ধখন অব্যাহত আছে৷ আজি বাক্সা জিলাৰ অন্তর্গত শালবাৰীৰ গাতিত নির্বাচনী প্রচাৰ চলাবলৈ আহি বিত্তমন্ত্রী ড০ শর্মাৰ প্রতি পুনৰ আক্রমণাত্মক হৈ পৰে বি পি এফৰ সভাপতি মহিলাৰী৷ বিত্তমন্ত্রী ড০ শর্মাই মহিলাৰীক বিটিচিৰ চীফ আখ্যা দিয়াৰ প্রত্যুত্তৰত বি পি এফৰ সভাপতিজনে কয়– বিটিচিৰ চীফ মই নিজে হোৱা বস্তু নহয়৷ বিটিচিৰ সংবিধান মতে বিটিচিৰ মুৰব্বীজনক বিটিচিপ্রধান অর্থাৎ চীফ আখ্যা দিয়া হৈছে৷ ‘চীফ’ শব্দটো সাংবিধানিক৷ বিত্তমন্ত্রী ড০ শর্মা আৰু ইউ পি পি এলৰ সভাপতি প্রমোদ বড়োৱে বি পি এফৰ বিৰুদ্ধে ষড়যন্ত্র কৰিছে নেকি বুলি সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত মহিলাৰীয়ে কয়– ‘সেয়া বি টি আৰ চুক্তিত স্পষ্টকৈ লিখা আছে৷ বি টি আৰ চুক্তিৰ জৰিয়তে প্রকৃততে ড০ শর্মাই বড়ো জাতিক ধ্বংস কৰিব ওলাইছে৷’ ইফালে কালি মথনগুৰি সমষ্টিত বিজেপি বিধায়িকা আঙুৰলতা ডেকাই মহিলাৰীক বকাসুৰ আখ্যা দিয়াৰ প্রত্যুত্তৰত আঙুৰলতা ডেকাক নাচোনৰ ‘ছক্রী’ আখ্যা দি বিজেপিয়ে এখনো আসন নাপায় বুলি দাবী কৰে মহিলাৰীয়ে৷ আজিৰ এই নির্বাচনী সভাতে কালি গণ সুৰক্ষা পার্টী এৰি বি পি এফত যোগদান কৰা মথনগুৰি সমষ্টিৰ গণ সুৰক্ষা পার্টীৰ প্রার্থী ইব্রাহিম আলীয়ে নৱ কুমাৰ শৰণীয়াক ‘গাড্ডাৰ’ ৰূপে অভিহিত কৰি নৱ শৰণীয়াই তেওঁক বলিৰ পঠা সজোৱা বুলি মন্তব্য কৰে৷ উল্লেখ্য যে আজি বি পি এফৰ সভাপতি হাগ্রমা মহিলাৰীয়ে বাক্সাৰ জালাহত ককলাবাৰী সমষ্টিৰ প্রার্থী ধীৰেন বড়ো আৰু শালবাৰীত জয় মুছাহাৰীৰ হৈ নির্বাচনী প্রচাৰ চলায়, য’ত সংগ দিয়ে কৌতুক অভিনেতা বিপুল ৰাভা, কণ্ঠশিল্পী ভৃগু কাশ্যপে৷

You might also like