নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাহিত্যিক য়েছে দৰজে ঠংচিক ২০২০ বর্ষৰ চুকাফা বঁটা প্রদান

ডিমৌৰ ধেমেচীত কেন্দ্রীয়ভাৱে উদ্যাপন অসম দিৱস

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ বিচক্ষণ ৰাজনীতিক স্বর্গদেউ চুকাফাৰ আদর্শৰে আমি অসমৰ ৰাইজৰ সেৱা আগবঢ়াই আহিছেছা৷ অসমৰ বভিন্ন জনগোষ্ঠীৰ মাজত সমন্বয় আৰু কর্মৰ আদর্শ চাওলুং চুকাফা৷ ১২২৮ খ্রীষ্টাব্দৰ আজিৰ দিনটোতে চাওলুং চুকাফাই অসমৰ মাটিত ভৰি থৈ বিভিন্ন জাতি–জনগোষ্ঠীক সমন্বয়ৰ মাজেৰে, একতাৰ ডোলেৰে বান্ধি বৰ অসমৰ ভেটি স্থাপন কৰিছিল৷ সেই মহান নেতাজনে হেংদাঙৰ বিপৰীতে কেনেদৰে বিভিন্ন ভাষা–ভাষী লোকৰ মাজত তথা কণ্টকময় পথত সমন্বয় স্থাপন কৰিব লাগে, সেই কৌশল জানিছিল৷ সেই আদর্শৰে অনুপ্রাণিত হৈ আজি বিজেপি চৰকাৰে অসমক ভাৰতবর্ষতে নহয়, দক্ষিণ–পূব এছিয়াৰ ভিতৰত স্থান দিবলৈ অহৰহ প্রচেষ্টা অব্যাহত ৰাখিছে৷ –এই মন্তব্য মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ৷ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু ডিব্রুগড জিলা প্রশাসনৰ সহযোগত মৰাণ বিধানসভা সমষ্টিৰ ধেমেচী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্রাংগণত উদ্যাপন কৰা কেন্দ্রীয় চুকাফা দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এনেদৰে বক্তব্য প্রদান কৰে মুখ্যমন্ত্রী সোণোৱালে৷ মুখ্যমন্ত্রীগৰাকীয়ে ভাষণ প্রসংগত কয় যে চাওলুং চুকাফাৰ আদর্শ আজি নৱপ্রজন্মই গ্রহণ কৰিব লাগে৷ শিক্ষক–শিক্ষয়িত্রীস ছাত্র–ছাত্রীসকলক চুকাফাৰ আদর্শৰে অনুপ্রাণিত কৰিবলৈ শিক্ষাদান কৰিব লাগে বুলি উল্লেখ কৰি ২০০১ চনত প্রতিনিধিত্ব কৰা মৰাণ সমষ্টিবাসী তথা ধেমেচীবাসীক কেতিয়াও পাহৰি যাব নোৱাৰোঁ বুলি ব্যক্ত কৰাৰ লগতে আহোমৰ প্রথম ৰাজধানী চৰাইদেউত চুকাফাৰ এটা স্মৃতিচিহ্ণ, দিছপুৰত এটা প্রতিমূর্তি স্থাপন কৰা হ’ব বুলি ঘোষণা কৰে৷ আজি এই মহান নেতাজনৰ অসম দিৱসতে অসমীয়া সাহিত্যৰ উজ্জ্বল নক্ষত্র, বিশিষ্ট সাহিত্যিক পদ্মশ্রী য়েছে দৰজে ঠংচিক ২০২০ চনৰ চুকাফা বঁটা প্রদান কৰা হয়৷

বিশিষ্ট সাহিত্যিকগৰাকীক অসমৰ মুখ্যমন্ত্রীগৰাকীয়ে এখন প্রশস্তি–পত্র, চেলেং চাদৰ, এখন হেংদাং আৰু তিনি লাখ টকাৰ এখন চেক প্রদান কৰে৷ মুখ্যমন্ত্রীগৰাকীৰ পৰা চুকাফা বঁটা গ্রহণ কৰি বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিয়ে নিজৰ অনুভৱ ব্যক্ত কৰি কয়– মোৰ দ্বিতীয় ভাষা অসমীয়া৷ অসমীয়া ভাষা মোৰ প্রাণৰ ভাষা৷ অসমীয়া ভাষাত মই লিখি বেছি ভাল পাওঁ৷ সেই বাবেই এই ভাষাৰ বাহিৰে কোনো ভাষাত কিতাপ লিখা নাই৷ সেয়ে মোক বহুতেই অসমীয়া মানুহ বুলিয়েই ভাবে৷ অসম চৰকাৰে নির্মাণ কৰা বগীবিল দলঙে অসম ৰাজ্যৰ লগত অৰুণাচলবাসীক যোগাযোগৰ ক্ষেত্রত বিশেষভাৱে উপকৃত কৰিলে৷ অৰুণাচলবাসী ৰাইজ সদায় অসমবাসীৰ ওপৰত নির্ভৰশীল বুলি উল্লেখ কৰি অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে মোক এই বঁটা প্রদান কৰাত সঁচাকৈ মই অতিকৈ আনন্দিত৷ উল্লেখ্য যে য়েছে দৰজে ঠংচিয়ে ১৯৫২ চনৰ ১২ জনুত অৰুণাচল প্রদেশৰ পশ্চিম কামেং জিলাৰ জিগাঁৱত জন্মগ্রহণ কৰি বমডিলা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুলীয়া শিক্ষা গ্রহণ কৰি কটন মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্রী লাভ কৰিছিল৷ তেওঁ অৰুণাচল প্রদেশৰ অসামৰিক সেৱাৰ বিষয়া ৰূপে কর্মজীৱন আৰম্ভ কৰি পিছলৈ ভাৰতীয় প্রশাসনিক সেৱাৰ বিষয়া ৰূপে পদোন্নতি লাভ কৰিছিল৷ তেওঁ অৰুণাচল প্রদেশৰ পাঁচখন জিলাৰ উপায়ুক্তৰ দায়িত্ব সুদক্ষতাৰে পালন কৰাৰ লগতে ৰাজ্যখনৰ সাংস্কৃতিক পৰিক্রমা, পর্যটন, পৰিবহণ, নগৰ উন্নয়ন আদি বিভাগৰ বিষয়া ৰূপে সেৱা আগবঢ়াইছিল৷ এজন সুদক্ষ প্রশাসনিক বিষয়া হিচাপে পৰিচিতই নহয়, তেওঁ বহুকেইখন উপন্যাস অসমীয়া ভাষাত লিখি পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে ‘মৌন ওঁঠ মুখৰ হূদয়’ উপন্যাসখনে ২০০৫ চনত সাহিত্য অকাডেমী বঁটা আৰু মহীশূৰৰ ‘নেচনেল ইনষ্টিটিউট অৱ ইণ্ডিয়ান লেংগুৱেজ’ৰ ভাষা ভাৰতী বঁটা লাভ কৰে৷ তদুপৰি তেওঁ লিখা ‘পাপৰ পুখুৰী’ গ্রন্থখনে ২০০১ চনত অসম সাহিত্য সভা বঁটা লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে জীৱনজোৰা সাহিত্য সাধনাৰ স্বীকৃতি স্বৰূপে আহিছে অনেক বঁটা আৰু সন্মানৰ উপাচাৰ৷ ভাৰত চৰকাৰে ২০২০ চনত পদ্মশ্রী বঁটাৰে সন্মানিত কৰে৷ কলাগুৰু বিষ্ণু ৰাভা বঁটা, বাসুদেৱ জালান সাহিত্য বঁটা, ড০ ময়দুল ইছলাম বৰা সাহিত্য বঁটা, অসম–ৰুণাচল ভূপেন হাজৰিকা সমন্বয় বঁটা, ড০ ভূপেন হাজৰিকা ৰাষ্ট্রীয় বঁটা, অসম উপত্যকা সাহিত্য বঁটাৰে বিভূষিত এইজন বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচি৷ অসম দিৱস কার্যসূচীত তাই ভাষাৰ গৱেষক ড০ পুষ্প গগৈ নির্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি চুকাফাৰ আদর্শৰাজিক স্মৰণ কৰি তাই ভাষাটোক পূর্ণাংগ ৰূপত প্রতিষ্ঠিত কৰিবলৈ মুখ্যমন্ত্রীগৰাকীক আহ্বান জনায়৷ কেন্দ্রীয় চুকাফা দিৱসত সন্মানীয় অতিথি হিচাপে অসম চৰকাৰৰ সাংস্কৃতিক আৰু পৰিক্রমা বিভাগৰ মন্ত্রী নৱ কুমাৰ দলে, দুযোগ ব্যৱস্থাপনা আৰু ৰাজহ বিভাগৰ মন্ত্রী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন, বিশিষ্ট অতিথি হিচাপে ৰাজ্যসভাৰ সাংসদ কামাখ্যাপ্রসাদ তাছা, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, মৰাণ বিধানসভা সমষ্টিৰ বিধায়ক চক্রধৰ গগৈ উপস্থিত থাকি চুকাফাৰ আদর্শৰাজিৰ ওপৰত আলোকপাত কৰে৷ সভাত ডিব্রুগড সমষ্টিৰ বিধায়ক প্রশান্ত ফুকন, লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপর্ণ বৰুৱা, দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালা, সোণাৰি সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈ, টিংখাং সমষ্টিৰ বিধায়ক বিমল বডা, থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী, ডিব্রুগড জিলাৰ উপায়ুক্ত পল্লৱ কুমাৰ ঝা, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ উপ–মুখ্য কার্যবাহী বিষয়া ভাস্কৰ দেউৰী, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী বিষয়া দিপু ৰঞ্জন মাক্রাৰীকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ গায়ন–বায়ন আৰু তাই আহোমাৰ লাইলুংখাম নৃত্যৰে মুখ্যমন্ত্রীগৰাকীক বৃহত্তৰ ধেমেচীবাসী ৰাইজে আদৰণি জনোৱাৰ পাছতে অসম দিৱস তথা চুকাফা দিৱসৰ কার্যসূচী অনুসৰি ডাম–ফ্রী পূজাত অংশ লৈ মুখ্যমন্ত্রী সোণোৱালে তাই পুৰোহিতৰ মন্ত্রোচাৰণৰ মাজত আৰাধ্য দেৱতাৰ আশীর্বাদ গ্রহণ কৰে৷
লাচিত বৰফুকনে অসমীয়া জাতিক বিশ্বৰ বুকুত শক্তিশালী ৰূপত প্রতিষ্ঠা কৰিলেঃ মুখ্যমন্ত্রী
চেপনত উদ্বোধন বৰফুকনৰ পূর্ণাংগ প্রতিমূর্তি
‘ঐতিহাসিক শৰাহঘাট যুদ্ধৰ মহানায়ক বীৰ লাচিত বৰফুকনে দেশমাতৃৰ বাবে নিজৰ জীৱন সমর্পিত কৰি সমগ্র অসমীয়া জাতিক বিশ্বৰ বুকুত শক্তিশালী ৰূপত প্রতিষ্ঠা কৰিলে৷ যাৰ বাবে আজিৰ তাৰিখত সমগ্র অসমীয়া জাতিয়ে বিশ্বৰ বুকুত সাহসেৰে চিনাকি দিব পাৰে৷’ –আজি সদৌ তাহ আহোম ছাত্র সন্থাৰ চেপন আঞ্চলিক সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাহজৰ আন্তৰিক প্রচেষ্টাত চেপনত নির্মাণ কৰা মহাবীৰ লাচিত বৰফুকনৰ পূর্ণাংগ প্রতিমূর্তি উদ্বোধন কৰি অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এনেদৰে কয়৷ সদৌ তাহ আহোম ছাত্র সন্থাৰ চৰাহদেউ জিলা সমিতিৰ উপ–সভাপতি দয়ানন্দ ফুকনৰ আদৰণী ভাষণেৰে আৰম্ভ হোৱা উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে লগতে কয়– ‘চেপন অঞ্চলত মহাবীৰ লাচিত বৰফুকনৰ এহ স্থায়ী প্রতিমূর্তি নির্মাণ হোৱাৰ লগে লগে এহ অঞ্চলৰ উঠি অহা প্রজন্মৰ দেশমাতৃৰ প্রতি অকৃত্রিম শ্রদ্ধা আৰু জীৱনৰ সর্বস্ব ত্যাগ কৰিব পৰা চেতনা প্রতিনিয়ত জাগ্রত কৰি তুলিব৷’ উল্লেখ্য যে উজনি অসমৰ চৰাহদেউ, ডিব্রুগড আৰু শিৱসাগৰ জিলাৰ সীমান্তৱর্তী ক্ষুদ্র বাণিজ্যিক চহৰ চেপনস্থিত চেপন ক্ষুদ্র প্রাথমিক স্বাস্থ্যকেন্দ্রৰ সন্মুখত নির্মাণ কৰা প্রায় বিশ ফুট উচ্চতাৰ লাচিত বৰফুকনৰ প্রতিমূর্তি উন্মোচনৰ পূর্বে মুখ্যমন্ত্রীগৰাকীয়ে তাহ আহোমৰ মলুঙ্সকলৰ পৰা আশীর্বাদ গ্রহণ কৰি প্রতিমূর্তিটো উদ্বোধন কৰে৷

You might also like