নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৯৯২ চনৰ এটা ভ্ৰুণেৰে ২০২০ত জন্ম দিলে কন্যা সন্তান, ২৮ বছৰীয়া কেঁচুৱা

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ আমেৰিকাৰ এটা খবৰে বিস্ময়াভিভূত কৰিছে বিশ্ববাসীক। সেয়া হৈছে এটা ২৭ বছৰীযা পুৰণি ভ্ৰুণৰ সহায়ত জন্ম দিয়া হৈছে সন্তান। চি এন এনৰ এক প্ৰতিবেদন মতে, আমেৰিকাৰ টেনেচী নামৰ চহৰৰ টিনা নামৰ এগৰাকী মহিলাৰ গৰ্ভত সংৰোপণ কৰা হৈছিল এই ভ্ৰুণ।

২০২০ৰ ১২ ফেব্ৰুৱাৰীত সংৰোপণ কৰা এই ভ্ৰুণটো ১৯৯২ চনৰ পৰা সযতনে সংৰক্ষণ কৰি ৰখা হৈছিল লেবত। এই ভ্ৰুণটোৰে যোৱা ২৬ অক্টোবৰত টিনাই জন্ম দিয়ে এটা ছোৱালী সন্তান। প্ৰতিবেদনত প্ৰকাশ পোৱা খবৰ মতে, টিনাই ইয়াৰ আগতেও ২০১৭ চনত আন এক সন্তানৰ জন্ম দিছিল একেই পদ্ধতিৰে। সেই সন্তানটোৰো ভ্ৰুণ আছিল ২৪ বছৰ পুৰণি।

টীনাই এই এমব্ৰ’য়ো ফ্ৰিজিং নামৰ পদ্ধতি গ্ৰহণ কৰাৰ কাৰণ হ’ল তেওঁৰ স্বামী ছিষ্টিক ফায়ব্ৰোচিচ নামৰ এক ৰোগৰ স্বীকাৰ, যাৰ বাবে তেওঁ সন্তান জন্ম দিয়াটো সম্ভৱপৰ নহয়। উল্লেখ্য কোনো দম্পতীয়ে সন্তান নিবিচৰা সময়ত কনচিভ কৰিলে ভ্ৰুণ ফ্ৰিজিং (সংৰক্ষণ) কৰাৰ ব্যৱস্থা আছে। এই সংৰক্ষণ কৰি ৰখা ভ্ৰুণ তেওঁ প্ৰয়োজনৰ সময়ত গ্ৰহণ কৰিব পাৰে।

আনহাতে কিছুমান দম্পতীয়ে ইয়াক দানো কৰে। টিনাই এনেদৰে আনে দান কৰা এটা ২৭ বছৰ পুৰণি ভ্ৰুণেৰে জন্ম দিয়ে কন্যা সন্তান। কন্যা সন্তাটোৰ নাম ৰখা হৈছে মোলী গিবচন।

You might also like