দিল্লী আৰু দেশৰ কেইবাখনো ৰাজ্যত শেহতীয়াকৈ সংঘটিত ছাত্ৰ আন্দোলনৰ সময়ত হোৱা হিংসাৰ ঘটনাক লৈ মঙলবাৰে উচ্চতম ন্যায়ালয়ে “সম্পূৰ্ণ, নিৰপেক্ষ আৰু ন্যায্য” তদন্তৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লগতে আন্দোলনৰ সময়ত গ্ৰেপ্তাৰ হোৱা সকলো নাবালকক তাৎক্ষণিকভাৱে মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে। একে সময়তে, আন্দোলনত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে আৰক্ষীক কোনো বলপূৰ্বক ব্যৱস্থা গ্ৰহণ নকৰিবলৈ আৰু তেওঁলোকৰ ব্যক্তিগত তথ্য ৰাজহুৱাকৈ প্ৰকাশ নকৰিবলৈও নিৰ্দেশ দিয়া হয়।
মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ নেতৃত্বত ন্যায়াধীশ জয়মাল্য বাগচী আৰু ভি. মোহনা সমন্বিত বিচাৰপীঠে স্পষ্ট কৰে যে এই অন্তৰ্ৱৰ্তীকালীন সুৰক্ষা অসামাজিক উপাদান অথবা অপৰাধমূলক অতীত থকা লোকসকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব।
বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰৰ লগতে দিল্লী, মহাৰাষ্ট্ৰ, বিহাৰ, অসম, কেৰালা, পশ্চিমবংগ, মধ্যপ্ৰদেশ আৰু উত্তৰপ্ৰদেশৰ মুখ্য সচিবসকললৈ জাননী জাৰি কৰি আৰক্ষীৰ অত্যধিক বল প্ৰয়োগ আৰু আৰক্ষীৰ ওপৰত হোৱা আক্ৰমণ— উভয় দিশৰ অভিযোগৰ স্বাধীন তদন্তৰ প্ৰয়োজনীয়তা উল্লেখ কৰে।
আদালতে কয়, আবেদনকাৰীসকলৰ অভিযোগে স্বাধীন তদন্তৰ বাবে প্ৰাথমিকভাৱে যথেষ্ট ভিত্তি প্ৰদান কৰিছে। লগতে তদন্তত আহত আৰক্ষী কৰ্মচাৰীৰ পৰিয়ালৰ অভিযোগসমূহো অন্তৰ্ভুক্ত কৰাৰ নিৰ্দেশ দিয়ে।
এই নিৰ্দেশ NEET পৰীক্ষা বিতৰ্কক কেন্দ্ৰ কৰি হোৱা আন্দোলন, বিশেষকৈ ২০ জুলাইৰ “সংসদ চলো” কাৰ্যসূচী আৰু ইয়াৰ পিছত বিভিন্ন ৰাজ্যত হোৱা প্ৰতিবাদ সন্দৰ্ভত দাখিল কৰা কেইবাখনো আবেদনৰ শুনানিৰ সময়ত দিয়া হয়।
শুনানিৰ সময়ত বিচাৰপীঠে মন্তব্য কৰে যে, আন্দোলন শান্তিপূৰ্ণ হৈ থাকিলে ই সংবিধানৰ অধীনত সুৰক্ষিত অধিকাৰ। মুখ্য ন্যায়াধীশে কয়, “ছাত্ৰ-ছাত্ৰীসকলে নিজৰ দাবী উত্থাপন কৰি শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিছিল। এনে প্ৰতিবাদ সংবিধানে অনুমোদন আৰু সুৰক্ষা দিয়ে।”
কিন্তু আদালতে সতৰ্ক কৰি দিয়ে যে বহু সময়ত শান্তিপূৰ্ণ আন্দোলনত বাহিৰৰ অসামাজিক লোক সোমাই পৰিস্থিতি উত্তপ্ত কৰি তোলে। সেইবাবেই ঘটনাৰ স্বাধীন তদন্ত অতি প্ৰয়োজনীয়।
আদালতে পেলেট গান, বৈদ্যুতিক বেটন, লাঠীচাৰ্জ, মহিলা প্ৰতিবাদকাৰী আৰু সংবাদকৰ্মীৰ ওপৰত আক্ৰমণ, আনকি সাধাৰণ পোছাকত থকা আৰক্ষী কৰ্মচাৰীয়ে হিংসাত অংশ লোৱাৰ অভিযোগৰ বিষয়েও গুৰুত্বসহকাৰে বিবেচনা কৰে।
বিচাৰপীঠে কয়, “পেলেট গান, বৈদ্যুতিক বেটন আৰু লাঠীচাৰ্জৰ ফলত জীৱন-সংকটজনক আঘাত পোৱাৰ অভিযোগসমূহ গভীৰভাৱে তদন্ত হ’ব লাগিব। বিশেষকৈ পেলেট গানৰ অত্যাধিক ব্যৱহাৰৰ বিষয়টো পৰ্যালোচনাৰ প্ৰয়োজন।”
ইয়াৰ লগতে আদালতে ২০০ৰো অধিক আৰক্ষী কৰ্মচাৰী আঘাতপ্ৰাপ্ত হোৱাৰ অভিযোগৰ বিষয়টোও তদন্তৰ আওতালৈ আনিবলৈ কয়।
ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতত কয়, যদি ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত অন্যায় হৈছে, তেন্তে দোষীক আইনৰ আওতালৈ আনিব লাগিব। লগতে আৰক্ষীৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাও তদন্ত কৰিব লাগিব। তেওঁৰ মতে, আন্দোলনত অসামাজিক উপাদান অনুপ্ৰৱেশ কৰিছিল আৰু ছাত্ৰ-ছাত্ৰীসকলে নিজে হিংসাত জড়িত হোৱাৰ সম্ভাৱনা কম।
বিচাৰপীঠে দুয়োটা দিশৰ অভিযোগেই সমানে তদন্তৰ যোগ্য বুলি মন্তব্য কৰি কয়, “শান্তিপূৰ্ণ আন্দোলনক বদনাম কৰাৰ আশংকা সদায় থাকে। সেইবাবে প্ৰাথমিক ধাৰণাৰ পৰিৱৰ্তে বৈজ্ঞানিক আৰু প্ৰমাণভিত্তিক তদন্ত হ’ব লাগিব।”
আদালতে জনায় যে দিল্লীৰ বাহিৰত সংঘটিত হিংসাৰ ঘটনাসমূহৰ তদন্তৰ বাবে এখন উচ্চ পৰ্যায়ৰ তদন্ত কমিটী গঠনৰ বিষয়টোও বিবেচনা কৰি আছে।
ইয়াৰ উপৰি প্ৰতিবাদ নিয়ন্ত্ৰণত আৰক্ষীৰ ভূমিকা সন্দৰ্ভত পূৰ্বৰ ৰায়সমূহ সময়োপযোগীভাৱে সংশোধনৰ প্ৰয়োজন আছে বুলিও বিচাৰপীঠে মন্তব্য কৰে। আদালতে কন্দুৱা গেছ আৰু অন্যান্য বল প্ৰয়োগৰ নীতি-নিয়ম নতুনকৈ পৰ্যালোচনা কৰাৰ বাবে সংশ্লিষ্ট পক্ষসমূহৰ মতামত বিচাৰে।
অন্তৰ্ৱৰ্তীকালীন ব্যৱস্থা হিচাপে আদালতে প্ৰতিবাদৰ সৈতে জড়িত চিচিটিভি ফুটেজ, ড্ৰ’ন ৰেকৰ্ডিং, বডি-কেম ফুটেজ, ৱায়াৰলেছ যোগাযোগৰ তথ্য আৰু PCR কলৰ ৰেকৰ্ড সংৰক্ষণৰ নিৰ্দেশ দিয়ে। লগতে প্ৰতিবাদকাৰীসকলৰ ডিজিটেল তথ্য সংৰক্ষণ কৰিব লাগিব যদিও তেওঁলোকৰ ব্যক্তিগত তথ্য ৰাজহুৱাকৈ প্ৰকাশ নকৰিবলৈ আৰক্ষীক স্পষ্ট নিৰ্দেশ দিয়া হৈছে।
এই গোচৰৰ পৰৱৰ্তী শুনানি অহা সোমবাৰে অনুষ্ঠিত হ’ব। তেতিয়া কেন্দ্ৰীয় চৰকাৰ আৰু সংশ্লিষ্ট ৰাজ্যসমূহে আদালতত নিজৰ উত্তৰ দাখিল কৰিব।
ডিজিটেল ডেস্ক, ২৮ জুলাই