WTC ফাইনেল : ৯খনৰ ভিতৰত অন্ততঃ ৭খন টেষ্ট জিকিবই লাগিব ভাৰতে
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (BCCI) মঙলবাৰে শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া দুখনীয়া টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা কৰিছে। ১৫ আগষ্টৰ পৰা আৰম্ভ হ’বলগীয়া এই শৃংখলাখন বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (WTC) ২০২৫-২৭ চক্ৰৰ অন্তৰ্গত আৰু ভাৰতৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ।
বৰ্তমান WTC পইণ্টছ পাৰ্চেণ্টেজ (PCT) তালিকাত ভাৰতৰ পইণ্টছ পাৰ্চেণ্টেজ ৪৮.১৫। এই হাৰত ভাৰত পইণ্ট তালিকাৰ পঞ্চম স্থানত আছে, যিটো শীৰ্ষস্থানীয় অষ্ট্ৰেলিয়াৰ তুলনাত যথেষ্ট কম। ২০২৭ চনৰ WTC ফাইনেলত স্থান নিশ্চিত কৰিব বিচাৰিলে আগন্তুক টেষ্টসমূহত ভাৰতক উৎকৃষ্ট প্ৰদৰ্শন কৰিব লাগিব।
WTC ২০২৫-২৭ চক্ৰত ভাৰতৰ মুঠ ৯খন টেষ্ট মেচ বাকী আছে। সেইসমূহ হ’ল—
- শ্ৰীলংকাৰ বিৰুদ্ধে ২খন টেষ্ট
- নিউজিলেণ্ড ভ্ৰমণত ২খন টেষ্ট
- অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঘৰুৱা মাটিত ৫খন টেষ্ট
এই ৯খন মেচৰ ফলাফলেই নিৰ্ধাৰণ কৰিব ভাৰত WTC ফাইনেললৈ যোগ্যতা অৰ্জন কৰিব নে নাই।
WTC ফাইনেলৰ দৌৰত শক্তিশালীভাৱে থাকিবলৈ ভাৰতক বাকী থকা ৯খনৰ ভিতৰত অন্ততঃ ৭খন টেষ্ট জিকিব লাগিব। যদিও ৭খন জিকিলেও আন দলসমূহৰ ফলাফলৰ ওপৰত কিছু পৰিমাণে নিৰ্ভৰ কৰিব লাগিব।
যদি ভাৰত ৮খন টেষ্ট জিকিব পাৰে, তেন্তে দলটোৰ PCT প্ৰায় ৬৮.৫লৈ বৃদ্ধি পাব। আনহাতে, যদি ভাৰত বাকী থকা সকলো ৯খন টেষ্টতে জয়লাভ কৰে, তেন্তে PCT ৭৪.১লৈ উন্নীত হ’ব আৰু WTC ফাইনেলত স্থান লাভৰ সম্ভাৱনা যথেষ্ট শক্তিশালী হ’ব।
উল্লেখ্য যে ভাৰতে ২০২১ আৰু ২০২৩ চনত WTC ফাইনেল খেলিছিল যদিও ক্ৰমে নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ হাতত পৰাজিত হৈছিল। আনহাতে, ২০২৫ চনৰ WTC ফাইনেললৈ ভাৰত যোগ্যতা অৰ্জন কৰিব পৰা নাছিল।
ডিজিটেল ডেস্ক, ২৮ জুলাই