আগন্তুক ভাৰতৰ লোকপিয়লৰ গণনাকাৰী আৰু পৰ্যবেক্ষকৰ প্ৰশিক্ষণ কেন্দ্ৰত হুলস্থুল পৰিস্থিতিৰ সৃষ্টি হয়। দুৰ্গন্ধময় খাদ্য যোগানক কেন্দ্ৰ কৰি প্ৰশিক্ষন কেন্দ্ৰটোত উত্তেজনাৰ সৃষ্টি হৈছে।
তিনিদিনীয়া প্ৰশিক্ষণ কেন্দ্ৰটো কালিৰে পৰা আগমনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় আৰু প্ৰশিক্ষণ কেন্দ্ৰত আগমনি ব্লকৰ প্ৰায় চাৰিশ শিক্ষকে প্ৰশিক্ষন গ্ৰহণ কৰি আছে। আজি দুপৰীয়া দুৰ্গন্ধময় খাদ্য যোগান ধৰাত শিক্ষকসকলে প্ৰশিক্ষণ কেন্দ্ৰত হুলস্থুল পৰিস্থিতিৰ সৃষ্টি কৰে।
ফলত ধুবুৰী জিলা প্ৰশাসনৰ ওপৰত ক্ষোভ উজাৰি শিক্ষকসকলে লঘোনে গোটেই দিন প্ৰশিক্ষণ গ্ৰহণ কৰিবলগীয়া হৈছে। অভিযোগ মতে, ধুবুৰী জিলা প্ৰশাসনে আয়োজন কৰা প্ৰশিক্ষন কেন্দ্ৰত যোগান ধৰা খাদ্যৰ ঠিকা ঋষিকান্ত প্ৰসাদ নামৰ ঠিকাদাৰে লাভ কৰে।
ধুবুৰী জিলা প্ৰশাসনৰ এজন উচ্চ পদস্থ বিষয়াৰ অতি ঘনিষ্ঠ হোৱাৰ বাবেই ঋষিকান্ত প্ৰসাদে খাদ্য যোগানৰ ঠিকা লাভ কৰে বুলিও অভিযোগ উত্থাপন কৰে শিক্ষক সকলে। দুৰ্গন্ধময় খাদ্য যোগান ধৰা ঠিকাদাৰৰ বিৰুদ্ধে ধুবুৰী জিলা প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰো দাবী উত্থাপন কৰে।
নিয়মীয়া বাৰ্তা, আগমনি, ২৮ জুলাই