মহাকাশ আস্থানত মূলাৰ খেতি কৰিলে নাছাৰ মহাকাশচাৰীয়ে’
নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰঃ ৰহস্যঘন মহাকাশক লৈ অলীক কল্পনা কৰি থকা সাধাৰণ জনতাৰ বাবে এক আশ্চর্যজনক খবৰ৷ মহকাশত পাচলিৰ খেতি সম্ভৱ হৈ উঠিছে৷ প্রথমবাৰৰ বাবে মহাকাশত নাছাৰ বিজ্ঞানীয়ে পাচলিৰ খেতি প্রধানতঃ মূলাৰ খেতি কৰিবলৈ সক্ষম হৈছে৷ আন্তর্জাতিক মহকাশ আস্থান (আই এছ এছ)ত বাহৰ পাতি থকা নাছাৰ মহাকাশচাৰী কেট ৰাবিনছে টুইটযোগে মূলাৰ খেতি কৰাৰ আলোকচিত্র প্রকাশ কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
আধুনিক বিজ্ঞানে অসম্ভৱক সম্ভৱ কৰি তুলি আই এছ এছত মূলাৰ খেতি কৰি সফল হোৱা বুলি মহাকাশচাৰী কেট ৰাবিনছে টুইটাৰত প্রকাশ কৰাৰ পাছতে বিশ্বব্যাপী বিষয়টো চর্চিত হৈছে৷ মহাকাশ আস্থানলৈ কঢ়িয়াই লৈ যোৱা এডভান্স প্লেণ্ট হেবিটেট (এপিএইচ)ৰ মূলাৰ গছ মহাকাশত দ্রুত গতিত বাঢ়ে৷ আই এছ এছৰ গৱেষণাত প্রকাশ পোৱা মতে মূলাৰ খেতি দ্রুত গতিত ডাঙৰ হয় আৰু ই অধিক পুষ্টিকৰ৷ এনে কাৰণতে মহাকাশত এই খেতি কৰি সফল হৈছে৷
আইএছএছত খেতি কৰা মূলাৰ ২০টা পুলি ইতিমধ্যে মহাকাশচাৰীগৰাকীয় সংগ্রহ কৰি শীতল ভঁৰালত জমা কৰি ৰাখিছে৷ ২০২১ চনত মহাকাশচাৰীগৰাকী পৃথিৱীলৈ উভতি আহোঁতে মহাকাশত খেতি কৰি সফল হোৱা মূলা লগত লৈ আনিব৷ উল্লেখ্য যে নাছাৰ মহাকাশচাৰী কেট ৰাবিনছে আই এছ এছত মূলাৰ খেতি কৰাৰ তথ্য যোৱা ২০ নৱেম্বৰত টুইটযোগে ৰাজহুৱা কৰে৷ আই এছ এছৰ গৱেষণাগাৰত প্রথমবাৰৰ বাবে পৰীক্ষণমূলকভাৱে প্লেণ্ট হেবিটেট–০২ (পি এইচ–০২) ৰোপণ কৰি বৃদ্ধি কৰিবলৈ সফল হৈছে নাছাৰ মহাকাশচাৰীয়ে৷
নাছাই মূলাজাতীয় পাচলিত এই কাৰণেই প্রাধান্য দিয়ে যে বিজ্ঞানীসকলে এই মূলাক ভালদৰে সংৰক্ষণ কৰি ৰাখিব পাৰে৷ তদুপৰি মূলা মাত্র ২৭ দিনৰ ভিতৰতে পূৰঠ হয়৷ মন কৰিবলগীয়া যে মহাকাশত মূলাৰ খেতি কৰিবলৈ সক্ষম হোৱাটোৱেই মহকাশ বিজ্ঞানত আন এক যুগান্তকাৰী ঘটনা হিচাপে স্বীকৃতি লাভ কৰিলে৷ এই সফলতাই মহাকাশ বিজ্ঞানীসকলক আন পাচলিৰ খেতি কৰিবলৈ উৎসাহিত কৰা বুলি নাছাৰ এ পি এইচ প্র’গ্রেম মেনেজাৰ নিকোল ডাফৌৰে প্রকাশ কৰিছে৷