নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিচিৰ পৰিৱর্তনৰ জোৱাৰ কোনেও ৰুধিব নোৱাৰে

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ বিটিচিত যি পৰিৱর্তনৰ জোৱাৰ আহিছে, তাক কোনো শক্তিয়েই ৰুধিব নোৱাৰে৷ ইউপিপিএলে চৰকাৰ গঠন কৰাটো ইতিমধ্যে নিশ্চিত হৈ গৈছে৷ –এই মন্তব্য ইউপিপিএলৰ সভাপতি প্রমোদ বড়োৰ৷ চিৰাং জিলাৰ ৰুণীখাটাৰ আশ্রাবাৰীত চিৰাং জিলাৰ অন্তর্গত সাতোটা সমষ্টিৰ দলীয় প্রার্থীসকলৰ হৈ প্রমোদ বড়োৱে এনেদৰে মন্তব্য কৰে৷

হাগ্রামা মহিলাৰীক ক্ষুৰধাৰ সমালোচনা কৰি বড়োৱে কয়– বিপিএফে বর্তমান তিনিটা কামেই কৰি আছে– ভয় খুৱাই আছে, মদ খুৱাই আছে আৰু টকা বিলাই আছে৷ বিশ্বৰ সর্ববৃহৎ গণতান্ত্রিক দেশখনত ৰাইজে ভয় কৰি চলিলে নহ’ব৷ বিগত ১৭ বছৰে হাগ্রামাই কেৱল বিটিচিবাসীক ঠগাই আহিছে৷ ৰাইজৰ টকাৰেই হাগ্রামাই বিশাল সম্পত্তিৰ মালিক হৈছে৷ ইউপিপিএল চৰকাৰে এই দুর্নীতি–নিয়মৰ বিচাৰ কৰিব আৰু দোষীসকলক জে’ললৈ পঠিয়াব৷ বিপিএফে ইউপিপিএল শাসনলৈ আহিলে অন্য জনগোষ্ঠীৰ লোকক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব বুলি ভুৱা প্রচাৰ চলোৱা বুলি মন্তব্য কৰি প্রমোদ বড়োৱে ইমানদিনে হাগ্রামাই ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰি অহা সকলো বিটিচিবাসীৰ ভূমিৰ সমস্যা তাৎক্ষণিকভাৱে সমাধান কৰা হ’ব বুলি প্রতিশ্রুতি দিয়ে৷ বিশাল জনসমুদ্রক উদ্দেশ্যি সম–উন্নয়ন, পদ–মর্যাদা, সম–ধিকাৰ ইউপিপিএলৰ মূল লক্ষ্য বুলি উল্লেখ কৰি দলটোৰ সভাপতিগৰাকীয়ে শাসনলৈ অহাৰ পিছতেই প্রতিটো আত্মসহায়ক গোটকে ৭৫ হাজাৰ টকাকৈ অনুদান দিয়াৰ লগতে প্রতিবছৰে এক লাখকৈ নিবনুৱাক কর্মসংস্থাপন দিবলৈ দল বদ্ধপৰিকৰ বুলি কয়৷

প্রমোদ বড়োৱে আৰু কয়– ভয়–ভাবুকিৰে ৰাইজক বেছি দিন দমাই ৰাখিব নোৱাৰি৷ অতিষ্ঠ বিটিচিবাসীয়ে সেয়ে এতিয়া শান্তি বিচাৰি পৰিৱর্তন বিচাৰি হিলদল ভাঙি ওলাই আহিছে৷ এই পৰিৱর্তনৰ স্বার্থতে নির্ভীক মনেৰে ইউপিপিএলক ভোট দিবলৈ ৰাইজক আহ্বান জনায় প্রমোদ বড়োৱে৷ সভাত ইউপিপিএলৰ প্রতিষ্ঠাপক সভাপতি উর্খাও গৌৰা ব্রহ্মই কয়– বিটিচিত পৰিৱর্তনৰ জোৱাৰ আহিছে৷ এই পৰিৱর্তন শোষণকাৰী–ত্যাচাৰী বিপিএফক উৎখাত কৰাৰ পৰিৱর্তন৷ ইউপিপিএলৰ চৰকাৰৰ জৰিয়তে বিটিচিবাসীয়ে প্রাপ্য অধিকাৰ সাব্যস্ত কৰাৰ সপোন দেখিছে৷ এইবাৰ চিৰাং জিলা সাতোটা সমষ্টিৰ আটাইকেইটাতে ইউপিপিএল জয়ী হোৱাটো নিশ্চিত বুলি উর্খাও গৌৰা ব্রহ্মই দাবী কৰে৷

You might also like