বাংগালুৰুৰে পইণ্ট ভগালে নর্থ–ইষ্ট ইউনাইটেডে
নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ নর্থ–ইষ্ট ইউনাইটেড এফ চিয়ে চলিত ইণ্ডিয়ান ছুপাৰ লীগৰ তৃতীয়খন মেচত ড্র খেলিছে৷ গোৱাত পূর্ণগতিত চলি থকা প্রতিযোগিতাখনৰ আজি অনুষ্ঠিত উত্তেজনাপূর্ণ মেচখনত নর্থ–ইষ্টে বাংগালুৰু এফ চিৰে ২–২ গ’লত ড্র খেলি পইণ্ট ভগাই লয়৷ ৩ মিনিটত গ’ল স্ক’ৰ কৰি নর্থ–ইষ্টে অগ্রগতি লয় যদিও ১৩ মিনিটত গ’লটো পৰিশোধ কৰে বাংগালুৰুৱে৷
ইপিনে, ৭০ মিনিটত বাংগালুৰুৱে গ’ল কৰি ২–১ত অগ্রগতি লয় যদিও ৭৮ মিনিটত নর্থ–ইষ্টে গ’লটো পৰিশোধ কৰাত মেচখন ২–২ গ’লত ড্র হয়৷ নর্থ–ইষ্টে এতিয়ালৈকে ৫খন মেচত ভাগ লৈ দুখনত জয় আৰু ৩খন ড্র খেলি ৯ পইণ্টেৰে পইণ্ট তালিকাৰ দ্বিতীয় স্থানত আছে৷