নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

একাধিক দাবীৰে চাইকেল যাত্ৰাৰে প্ৰতিবাদ কটনিয়ান কুলদীপৰ

অসমৰ বানপানীৰ স্থায়ী সমাধান, বানপানীৰ বাবে বিশেষ পুঁজিৰ আৱণ্টনৰ দাবী, দেশৰ শিক্ষা ব্যৱস্থাৰ সংস্কাৰ আৰু পৰিৱেশ সংৰক্ষণৰ সজাগতাৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ কুলদীপ গৌতম শৰ্মাই কালি ১০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এক চাইকেল যাত্ৰাৰে সংকল্পৰ ১০০ কিলোমিটাৰ শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

নলবাৰী-বাক্সা জিলাৰ সীমান্তৱৰ্তী ধমধমাৰ পৰা শুভাৰম্ভ হোৱা এই যাত্ৰা গুৱাহাটীৰ পাণবজাৰৰ কটন বিশ্ববিদ্যালয়ত সামৰণি পেলায়। সমগ্ৰ যাত্ৰাপথত তেওঁ জনসাধাৰণৰ মাজত বান-দুৰ্যোগৰ স্থায়ী সমাধান, গুণগত শিক্ষা আৰু পৰিৱেশ সংৰক্ষণৰ প্ৰয়োজনীয়তা সম্পৰ্কে সচেতনতা সৃষ্টি কৰাৰ আহ্বান জনায়। এই প্ৰতিবাদী কাৰ্যসূচীয়ে বহু পথচাৰী, যুৱক-যুৱতী আৰু সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ দৃষ্টি আকৰ্ষণ কৰে।

কাৰ্যসূচীৰ অন্তত কুলদীপ গৌতম শৰ্মাই কয় যে অসমৰ বানপানীৰ সমস্যা কেৱল বাতৰি শিৰোনাম হৈ থাকিব নালাগে, কেন্দ্ৰীয় চৰকাৰে বিশেষ পুঁজিৰ আৱণ্টন কৰিব লাগে। ইয়াৰ স্থায়ী সমাধানৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সমন্বিতভাৱে পদক্ষেপ গ্ৰহণ কৰিব লাগিব। লগতে শিক্ষা খণ্ডত অধিক বিনিয়োগ, মানসম্পন্ন শিক্ষা নিশ্চিতকৰণৰ লগতে শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ কথা উল্লেখ কৰে আৰু পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত জনসাধাৰণক অধিক দায়িত্বশীল হ’বলৈ আহ্বান জনায়।

তেওঁৰ মতে, শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিকভাৱে জনস্বাৰ্থৰ বিষয়সমূহ উত্থাপন কৰাৰ লক্ষ্যৰে এই ১০০ কিলোমিটাৰ চাইকেল যাত্ৰা আয়োজন কৰা হৈছিল। এই অভিনৱ কাৰ্যসূচীয়ে সমাজত এক ইতিবাচক বাৰ্তা কঢ়িয়াই নিয়াৰ লগতে জনস্বাৰ্থজড়িত বিষয়সমূহক পুনৰ চৰ্চালৈ আনিবলৈ সক্ষম হৈছে। যাত্ৰা পথত তেওঁক সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা অক্ষয় ডেকা আৰু গুণজ্যোতি পাঠকে সংগ্ৰামী অভিনন্দন জনায়।

চাইকেল যাত্ৰাৰ সামৰণিৰ কাৰ্যসূচীত কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক কৃতিময় কাশ্যপ, সমাজ সেৱাৰ সম্পাদক নিশান্ত ভৰদ্বাজৰ লগতে ৰূপশিখা ডেকা, উজ্বল ডেকা, মনজিৎ ডেকা, হৰিপ্ৰসাদ চেতিয়াকে ধৰি কেবাজনো শিক্ষাৰ্থী উপস্থিত থাকে।

নিয়মীয়া বাৰ্তা, ধমধমা, ২৭ জুলাই

You might also like