ৱাংচুকক হাস্পতালৰ পৰা দিলে ৰিলিজ, জনালে এই সিদ্ধান্ত
দিল্লীৰ যন্তৰ-মন্তৰত পৰিৱেশ কৰ্মী ছোনম ৱাংচুকৰ আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা আছিল। তেওঁ কেইবাদিন ধৰি অনশন কৰি আছিল। পিছত স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। এতিয়া ৱাংচুকে চিকিৎসালয়ৰ পৰা ছুটী পাইছে। এই কথা তেওঁ সামাজিক মাধ্যমত এটা ভিডিঅ’ প্ৰকাশ কৰি জনায়। তেওঁ কয়, ঘৰলৈ উভতি যোৱাৰ আগতে ৰাজঘাটত মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনাব।
ৱাংচুকে ভিডিঅ’টোত কয়, “সকলোকে নমস্কাৰ। অৱশেষত সেই দিন আহিল যিদিনা মই এই চিকিৎসালয়ৰ পৰা ছুটী পাইছোঁ। এতিয়া বহুত ভাল অনুভৱ কৰি আছোঁ, খোৱা-বোৱা আৰম্ভ কৰিছোঁ আৰু শৰীৰতো শক্তি ঘূৰি আহিছে। ইয়াৰ পৰা ওলাই ঘৰলৈ যোৱাৰ আগতে মই ৰাজঘাটত বাপুক শ্ৰদ্ধাঞ্জলি জনাম। আপোনালোকৰ নিশ্চয় মনত আছে, ছুইজাৰলেণ্ডৰ পৰা আহিও অনশন আৰম্ভ কৰাৰ আগতে মই ৰাজঘাটত শ্ৰদ্ধাঞ্জলি জনাই যন্তৰ-মন্তৰলৈ গৈছিলোঁ। এই আন্দোলনত সহযোগ কৰাৰ বাবে আৰু সফল কৰাৰ বাবে মই আপোনালোক সকলোকে হৃদয়ৰ অন্তঃস্থলৰ পৰা ধন্যবাদ জনাইছোঁ। সকলোকে চেল্যুট, জয় হিন্দ।”
ছোনম ৱাংচুকে ২৮ জুনত ছাত্ৰসকলৰ আন্দোলনত যোগ দিছিল আৰু একেৰাহে ২৬ দিন অনশন কৰিছিল। ১৮ জুলাইত তেওঁক ছফদৰজং চিকিৎসালয়লৈ নিয়া হৈছিল। তাত তেওঁ অভিযোগ কৰিছিল যে তেওঁক যেন জিম্মাত ৰখাৰ দৰে অনুভৱ হৈছিল। পাছত দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি তেওঁক মেডাণ্ট চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়।
উল্লেখযোগ্য যে ‘ককৰোচ জনতা পাৰ্টি’ৰ নেতৃত্বত এই প্ৰতিবাদ ৩৬ দিন ধৰি চলিছিল। আন্দোলনকাৰীসকলে প্ৰশ্নকাকত ফাদিল (পেপাৰ লিক) কাণ্ডৰ দায় স্বীকাৰ কৰি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ দাবী কৰিছিল। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই এই আন্দোলনৰ সামৰণি পৰে। ইয়াৰ পিছত প্ৰহ্লাদ যোশীক নতুন কেন্দ্ৰীয় শিক্ষামন্ত্ৰী হিচাপে দায়িত্ব প্ৰদান কৰা হৈছে।
ডিজিটেল ডেস্ক, ২৭ জুলাই