ক্ৰিকেটৰ পৰা সন্যাস ঘোষণা ভাৰতীয় উইকেটকিপাৰ বেটছমেন পাৰ্থিৱ পেটেলৰ
১৭ বছৰ বয়সতে ভাৰতীয় দলত কৰিছিল অভিষেক...
নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ মহেন্দ্ৰ সিং ধোনী, সুৰেশ ৰাইনাৰ পাছত এইবাৰ ক্ৰিকেটক চিৰবিদায় ঘোষণা কৰিলে ভাৰতীয় উইকেটৰক্ষক বেটছমেন পাৰ্থিৱ পেটেলে। বুধবাৰে ছ’চিয়েল মিডিয়াত এটা দীঘলীয়া পোষ্টৰ মাধ্যমেৰে আন্তৰ্জাতিক ক্ৰিকেটত ১৮ বছৰীয়া কেৰিয়াৰৰ পৰা অৱসৰ ঘোষণা কৰে গুজৰাটৰ ৩৫ বছৰীয়া খেলুৱৈজনে।
লগতে পঢ়কঃ হৈছিল পেটৰ বিষ; অস্ত্রোপচাৰ কৰাত তলপেটৰ পৰা ওলাল ‘সিদ্ধ কণী’!
উল্লেখ্য যে, ১৭ বছৰ বয়সতে ভাৰতীয় দলত অভিষেক ঘটোৱা পেটেলে ভাৰতীয় ক্ৰিকেট দলৰ হৈ ২৫ খন টেষ্ট, ৩৮ খন এদিনীয়া আৰু দুখন টি-২০ আন্তৰাষ্ট্ৰীয় খেলত অংশ লৈছিল।
ইপিনে গুজৰাটৰ বাবে ১৯৪ খন প্ৰথম শ্ৰেণীৰ মেচ খেলা পাৰ্থিৱৰ ঘৰুৱা ক্ৰিকেটত যথেষ্ট ৰেকৰ্ড আছে।আনহাতে এই বছৰৰ আৰম্ভণিতে, তেওঁ ৰঞ্জি ট্ৰফীত গোৱাৰ বিৰুদ্ধে ২৭ তম প্ৰথম শ্ৰেণীৰ শতক অৰ্জন কৰিছিল।
— parthiv patel (@parthiv9) December 9, 2020