ছাটাৰগাঁও থিয়পানী জলপ্রপাতত হাতী পোৱালিৰ মৃতদেহ উদ্ধাৰ
নিয়মীয়া বাৰ্তা ১০ ডিচেম্বৰঃ গুৱাহাটীৰ পশ্চিম প্রান্তৰ আজাৰাৰ কাষৰীয়া আৰু ৰাণী বনাঞ্চলৰ অন্তর্গত ছাটাৰগাঁৱৰ থিয়পানী জলপ্রপাতৰ দাঁতিত বুধবাৰে দিনৰ ভাগত এটা বনৰীয়া মাইকী হাতীৰ পোৱালিৰ মৃতদেহ উদ্ধাৰ কৰে বন বিভাগৰ টহলদাৰী দলে৷ বন বিভাগৰ ৰাণীৰ আঞ্চলিক বন বিষয়া মনোৰঞ্জন বর্মনে জানিবলৈ দিয়া মতে, পাহাৰৰ পৰা পিছলি পৰি কালি মৃত্যু হোৱা বুলি সন্দেহ কৰা হাতীৰ পোৱালিটোৰ বয়স প্রায় তিনি মাহমান হ’ব৷ প্রাপ্ত খবৰ মতে, অইন দিনাৰ দৰে আজিও পুৱা ৯মান বজাত এলিফেণ্ট ক’ৰিডৰ তথা বনৰীয়া হাতীৰ বিচৰণথলী হিচাপে পৰিচিত ৰাণী বনাঞ্চলৰ অন্তর্গত ছাটাৰগাঁৱৰ থিয়পানী অঞ্চলত সজ্জনপাৰা খণ্ড বন বিষয়া বাবুল কোঁৱৰৰ নেতৃত্বত এটা বনকর্মীৰ দল টহল দিবলৈ গৈছিল৷ সেই সময়ত বনকর্মীৰ দলটোৱে জলপ্রপাতৰ তলত হাতীৰ পোৱালিটোক মৃত অৱস্থাত পৰি থকা প্রত্যক্ষ কৰে৷ তাৰ পাছত খণ্ড বিষয়া বাবুল কোঁৱৰে ৰাণীৰ আঞ্চলিক বন বিষয়া মনোৰঞ্জন বর্মনক অৱগত কৰে৷ দুপৰীয়া বন বিষয়া বর্মনে চকৰদৌ পশু উপ–স্বাস্থ্যকেন্দ্রৰ জ্যেষ্ঠ পশু চিকিৎসক ডাঃ নাৰায়ণ দেউৰীক লগত লৈ থিয়পানীত উপস্থিত হয়৷ ডাঃ দেউৰীয়ে হাতীৰ পোৱালিটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছত বিয়লি মৃতদেহটো বিভাগীয় নিয়মানুসৰে সমাধিস্থ কৰা হয়৷ অৱশ্যে ডাঃ দেউৰীয়ে অধিক পৰীক্ষাৰ বাবে পোৱালি হাতীটোৰ মৃতদেহৰ অৱশিষ্ট সংগ্রহ কৰিছে যদিও ভৰি দুখনত আঘাতৰ চিন থকালৈ চাই পাহাৰৰ পৰা পিছলি পৰি