নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলকীয় উষ্ণতা বৃদ্ধিত অৰিহণা ধনকুবেৰৰ

ৰাষ্ট্রসংঘৰ প্রতিবেদনত চাঞ্চল্যকৰ তথ্যঃ সমৃদ্ধিশালীয়ে পৃথিৱীলৈ মাতিছে বিপদ

নিয়মীয়া বাৰ্তা ১০ ডিচেম্বৰঃ বিশ্বজুৰি গোলকীয় উষ্ণতা বৃদ্ধিৰ ক্ষেত্রত সমৃদ্ধিশালী লোকসকলেই আটাইতকৈ জগৰীয়া৷ শেহতীয়াকৈ ৰাষ্ট্রসংঘৰ এক প্রতিবেদনত উল্লেখ কৰা হৈছে যে বিশ্বত ১ শতাংশ আটাইতকৈ ধনী ব্যক্তিয়ে ৫০ শতাংশ আটাইতকৈ দুখীয়া লোকে নিঃসৰণ ঘটোৱা কার্বনতকৈ দুগুণ বেছি কার্বন নিঃসৰণ কৰি আহিছে৷ কার্বন নির্গমনৰ ব্যৱধান পৰীক্ষা কৰি ৰাষ্ট্রসংঘৰ বিষয়ববীয়াই উল্লেখ কৰিছে যে আটাইতকৈ ধনী লোকসকলে কার্বন নির্গমন ব্যাপক হাৰত কর্তন কৰিব লাগিব বিপজ্জনক উষ্ণতাৰ পৰা ৰক্ষা কৰিবলৈ৷ স্মর্তব্য যে চলিত শতিকাটোত গোলকীয় উষ্ণতা বৃদ্ধিৰ ক্ষেত্রত সমৃদ্ধিশালী দেশ তথা ধনকুবেৰ লোকসকলে অধিক ইন্ধন যোগাই আহিছে৷ ৰাষ্ট্রসংঘই চলোৱা এক অধ্যয়ন অনুসৰি ক’ভিড–১৯ প্রতিৰোধী গোলকীয় লকডাউনে জলবায়ু পৰিৱর্তনৰ ক্ষেত্রত কিছু ইতিবাচক প্রভাৱ পেলাব যদিও জলবায়ুৰ উষ্ণতা বৃদ্ধি প্রতিৰোধ ইয়াৰ দ্বাৰা সম্ভৱ নহ’ব৷ ৰাষ্ট্রসংঘৰ এনভাইৰনমেণ্ট প্রগ্রেম শীর্ষক এক অধ্যয়নত উল্লেখ কৰা হৈছে যে কার্বন নিঃসৰণৰ বিষয়টোত অতি দুখীয়া লোকসকলতকৈ আটাইতকৈ ধনী লোকসকলে অধিক গুৰুত্ব প্রদান কৰিব লাগে৷ স্মর্তব্য যে চলিত বর্ষত মহামাৰীৰ বাবে কার্বন নিঃসৰণ ৭ শতাংশ হ্রাস পাইছে৷ ইয়াৰ জৰিয়তে .০১ ডিগ্রী চেণ্টিগ্রেডহে উষ্ণতা হ্রাস পাব ২০৫০ চনৰ ভিতৰত৷ উল্লেখনীয় যে বিশ্বৰ আটাইতকৈ শীর্ষত থকা ১০ শতাংশ উপার্জনকাৰীয়ে স্থল পৰিবহণত ৪৫ শতাংশ শক্তি ব্যৱহাৰ কৰাৰ বিপৰীতে বিমান পৰিবহণত ৭৫ শতাংশ শক্তি ব্যৱহাৰ কৰে৷ ইফালে, আটাইতকৈ দুখীয়া ৫০ শতাংশ লোকে স্থল পৰিবহণত ১০ শতাংশ আৰু বিমান পৰিবহণত ৫ শতাংশ শক্তি খৰচ কৰে৷ অর্থাৎ কার্বন নির্গমনৰ বাবে জগৰীয়া বিশ্বৰ ধনকুবেৰ লোকসকল৷

You might also like