মমতা বেনার্জীৰ নাম ‘অসহিষ্ণুতা’ ৰাখিলে নাড্ডাই
নিয়মীয়া বাৰ্তা ১০ ডিচেম্বৰঃ বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই আজি পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীক অসহিষ্ণুৰ সমার্থক বুলি অভিহিত কৰাৰ লগতে ৰাজ্যখনত ২০২১ত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নির্বাচনত দুই শতাধিক আসন জয় কৰি বিজেপিয়ে ক্ষমতা দখল কৰিবলৈ সক্ষম হ’ব বুলি ঘোষণা কৰিছে৷ দুদিনীয়া পশ্চিমবংগ ভ্রমণসূচীৰে আজি কলকাতাত উপস্থিত হোৱা বিজেপি সভাপতিগৰাকীয়ে কয় যে তৃণমূল কংগ্রেছ তথা অন্য ৰাজনৈতিক দলবোৰে দেশত সদায় পৰিয়ালকেন্দ্রিক ৰাজনীতি কৰি আহিছে৷ পূর্বৰ হিন্দুত্ববাদী নেতা শ্যামাপ্রসাদ মুখার্জীয়ে সহিষ্ণুতা সন্দর্ভত কৰা মন্তব্যৰ প্রসংগ টানি জে পি নাড্ডাই কয় যে মমতা বেনার্জীৰ নাম হৈছে ‘অসহিষ্ণুতা’৷ উল্লেখনীয় যে আজি ৰাজ্যখনৰ কেইবাখনো জিলাত জে পি নাড্ডাই মুঠ ৯টা দলীয় কার্যালয় মুকলি কৰিছে৷