নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টুপামাৰীত ২১০ বেগ চোৰাং চেনি জব্দ আৰক্ষীৰ, চালক-হেণ্ডিমেনসহ আটক ছজন

কামৰূপৰ ছমৰীয়াৰ টুপামাৰীত আৰক্ষীৰ অভিযানত যোৱানিশা চোৰাংকৈ বিক্ৰী কৰা ২১০ বেগ চেনি উদ্ধাৰ কৰা হয় | উল্লেখ্য যে দুদিনমান পূৰ্বে গুৱাহাটীৰ পৰা গোৱালপাৰা কৃষ্ণাইলৈ গৈ থকা ট্ৰাক এখনৰ চেনি গোপনে চালক-হেণ্ডিমেনে টুপামাৰীলৈ নি বিক্ৰী কৰিছিল |

ঘটনা সন্দৰ্ভত চেনি ব্যৱসায়ীয়ে তৰা এক এজাহাৰৰ ভিত্তিত বকো থানা, হাহিম আৰু টুপামাৰী আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি বিক্ৰী কৰা চোৰাং চেনিৰ বেগবোৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় |ইতিমধ্যে ঘটনা সন্দৰ্ভত চালক জাকিৰ হুছেইন, হেণ্ডিমেন আফতাৰ হুছেইন, ব্যৱসায়ী আকবৰ আলী, আনোৱাৰ হুছেইন, আকবৰ আলী (গুদু)ৰ লগতে আন এজনসহ মুঠ ছজনক আটক কৰে আৰক্ষীয়ে| এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ২৬ জুলাই :

You might also like