নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনলাইন টিউচন ক্লাছ জড়তাৰ পৰা গতিশীলতালৈ

পৃথিৱীৰ কুলৈ বিভিন্ন সময়ত অহা দুর্যোগেবাৰে মানুহৰ জীৱন–ধাৰণ পদ্ধতি, কর্মপদ্ধতিলৈ যথেষ্ট প্রভাৱ অনা দেখা যায়৷ একবিংশ শতিকাৰ আদিভাগত অর্থাৎ সাম্প্রতিক সময়ত সমগ্র বিশ্বতে বিয়পি পৰা ক’ৰোনা ভাইৰাছে মানুহৰ জীৱন–যাপন পদ্ধতিত যথেষ্ট প্রভাৱ পেলাইছে৷ মানুহে নতুনকৈ জীৱন নিওৱাৰ কৌশল আৱিষ্কাৰ কৰাত লাগিছে৷ তেনেখিনি সময়ত সমগ্র বিশ্বমানৱে শৈক্ষিক দিশটোলৈ অহা জডতা নাইকিয়া কৰি গতিশীলতা ব্যাহত ৰাখ্বিলৈ চেষ্টা ব্যাহত ৰাখিছে৷ এইখিনি সময়ত মানুহৰ ােব সম্ভাৱনা হৈ থিয় দিছে অনলাইন টিউচন ক্লাছ এপসমূহ৷
সাধাৰণতে অনলাইন টিউচন ক্লাছ এপ ধাৰণাটো সম্পূর্ণৰূপে ন্ব্য মাধ্যমসমূহৰ ওপৰত প্রতিষ্ঠিত এটা ধাৰণা৷ বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ অন্যতম এক মহান আৱিষ্কাৰ ইণ্টাৰনেটৰ দ্রুত বিকাশৰ লগে লগে এই ধাৰণাটোৰ বিকাশ ঘটিছে৷ অতি সম্প্রতি, অসুখীয়া হৈ পৰা পৃথিৱীখনৰ বিশ্বমানৱে সন্মুখীন হোৱা পৰিস্থিতিৰ বিকল্প হিচাপে আদৰি লৈছে এই টিউচন ক্লাছ এপসমূহ৷ ভাৰত্বর্ষৰ জনসাধাৰণে দীঘলীয়া সময়ৰ ােব পোৱা লকডাউনৰ সময়খিনিত হু শিক্ষিত যুৱক–যুৱতীয়ে তমানে অধ্যয়নৰত শিক্ষার্থীসকলৰ ােবই হওক া অন্যান্য বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষার্থীসকলৰ ােবই হওক বিভিন্ন বিষয়ৰ পাঠ্যক্রমসমূহ বিভিন্ন অনলাইন মাধ্যমৰ জৰিয়তে সুলভ কৰাৰ ৱস্থা কৰিলে৷ ভাৰত্বর্ষৰ কেইটামান জনপ্রিয় টিউচন এপ আৰুYouTube চেনেল হ’ল–BYJU’s, Unacademy, Vedantu, Toppr, Doubtnut আদি৷ ইয়াৰ উপৰি আঞ্চলিক ভাষাসমূহতো এনেধৰণৰ এপৰ জৰিয়তে াYouTube চেনেলৰ জৰিয়তে পাঠদানৰ ৱস্থা আছে৷
অনলাইন টিউচন এপসমূহৰ ফলত হোৱা সুবিধাসমূহ–
ক) অনলাইন টিউচন এপসমূহৰ জৰিয়তে ছাত্র–ছাত্রীসকল যথেষ্ট উপকৃত হৈছে৷ নিজৰ হাততে থকা ম’াইল ফোনটোতে যেতিয়া নিজৰ প্রয়োজনীয় ক্লাছসমূহ শ্রেণীকোঠালৈ নোযোৱাকৈয়ে আয়ত্ত কৰ্বিলৈ তেওঁলোক সক্ষম হৈছে৷
খ) শিক্ষার্থীসকলৰ সমানে সমানে টিউচন ক্লাছ পৰিৱেশন কৰা লোকসকলো যথেষ্ট উপকৃত হৈছে৷ ইয়াৰ জৰিয়তে তেওঁলোকে নিজৰ শৈক্ষিক জ্ঞানসমূহ আনৰ মাজত বিলাই দিয়াৰ লগতে আর্থিক উন্নতিও কৰ্বিলৈ সক্ষম হৈছে৷
গ) তমান সময়ত মানুহৰ যি সময়ৰ অভাৱ ঘটিছে তেনেখিনি সময়ত প্রয়োজনীয় পঢ়া–শুনাখিনি কৰ্বি পৰাকৈ যথেষ্ট সুযোগ প্রদান কৰিছে৷
ঘ) বিশ্বৰ কুলৈ অহা দুর্যোগৰ ক্ষণেবাৰতো এনেধৰণৰ ৱস্থাই স্তব্ধ হৈ পৰ্বি খোজা শৈক্ষিক যাত্রাক ৰোধ কৰি শৈক্ষিক দিশত আগ্বাঢ়ি যোৱাৰ পৰিৱেশ সৃষ্টি কৰিছে৷
মুঠ কথাত ক’ পাৰি যে ন্ব্য মাধ্যমসমূহৰ আগমনৰ লগে লগে নতুন নতুন ৱস্থাৰ উদ্ভাৱন হোৱাৰ সমানে সমানে দুর্যোগৰ ক্ষণেবাৰতো নতুন পথৰ সন্ধান দি পৃথিৱীখন অতি তীব্র গতিত আগ্বাঢ়ি যাবলৈ অনলাইন টিউচন ক্লাছ এপসমূহৰ দৰে ৱস্থােবাৰ সুযোগ প্রদান কৰিছে৷

প্রাঞ্জল মহন বৰুৱা, ফোন: ৯১০১৭–৯৩০০৬

You might also like