পবিত্র মাৰ্ঘেৰিটা
বহু শতিকাৰ পৰা ভাৰতৰ পৰিচয় ইয়াৰ বস্ত্ৰশিল্পৰ সৈতে গভীৰভাৱে সংযুক্ত হৈ আছে। কাশ্মীৰৰ পশমিনাৰ দীৰ্ঘস্থায়ী উষ্ণতা আৰু অসমৰ মুগা ৰেচমৰ সোণালী উজ্জ্বলতাৰ পৰা আৰম্ভ কৰি তামিলনাডুৰ ৰাজকীয় কাঞ্জীৱৰম, চান্দেৰীৰ বয়ন আৰু চুৰাটৰ কিংবদন্তি বস্ত্ৰ শিল্পকৰ্মলৈকে আজি বস্ত্ৰখণ্ড আমাৰ অৰ্থনীতিৰ এক শক্তিশালী স্তম্ভ হৈ পৰিছে।
এই খণ্ডটোৱে মুঠ ঘৰুৱা উৎপাদনত-ত ২%, ঔদ্যোগিক উৎপাদনত ১৩% আৰু ৰপ্তানিৰ ক্ষেত্ৰত ১২% অৰিহণা যোগায়। কৃষিৰ পাছত ভাৰতৰ দ্বিতীয় সৰ্ববৃহৎ নিয়োগকৰ্তা হিচাপে, ই ৪৫ নিযুত লোকক প্ৰত্যক্ষ জীৱিকা প্ৰদান কৰে আৰু ১০ কোটিতকৈও অধিক লোকৰ জীৱিকা পৰোক্ষভাৱে বহন কৰে, গ্ৰাম্য সম্প্ৰদায়ক শক্তিশালী কৰে আৰু দেশজোৰা লাখ লাখ মহিলাৰ বাবে বিত্তীয় আত্মনিৰ্ভৰশীলতাৰ পথ প্ৰশস্ত কৰে।
গোলকীয় প্ৰতিযোগীসকলৰ একত্ৰিত পৰিৱেশতন্ত্ৰৰ বিপৰীতে, ভাৰতৰ বস্ত্ৰ মূল্য শৃংখল ঐতিহাসিকভাৱে ভিন ভিন স্থানত বিচ্ছুৰিত হোৱা এক আৰ্হিলৈ বিকশিত হৈছে। সূতা কটা, বয়ন, প্ৰক্ৰিয়াকৰণ, পোছাক প্ৰস্তুতকৰণ আৰু ৰপ্তানি কাৰ্যকলাপসমূহ বিভিন্ন ৰাজ্যত স্বতন্ত্ৰভাৱে বিকশিত হৈছিল, যাৰ অৰ্থ আছিল উৎপাদনৰ সময়ত এটা পোছাকে প্ৰায়ে একাধিক ৰাজ্যৰ সীমা পাৰ হ’বলগীয়া হৈছিল। এই খণ্ডিত গাঁথনিয়ে গাঁথনিগত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছিল। ইয়াৰ ফলত বৃহৎ মাত্ৰাত কাম কৰা, আধুনিকীকৰণ, স্বয়ংক্ৰিয়কৰণ আৰু অৱশেষত শ্ৰমিকৰ উৎপাদনশীলতা ব্যাহত হৈছিল।
মাল্টি-মডেল সংযোগৰ অভাৱৰ বাবে হোৱা অত্যধিক লজিষ্টিক বোজাই ইয়াক অধিক জটিল কৰি তুলিছিল। সিঁচৰতি হৈ থকা উৎপাদন পৰ্যায়সমূহৰ মাজত প্ৰতিটো হাতবদলৰ ফলত অতিৰিক্ত ব্যৱস্থাপনা আৰু পৰিবহন খৰচ বহন কৰিবলগীয়া হয়। বহু-পৰ্যায়ৰ দীৰ্ঘদিনীয়া পৰিবহনে সামগ্ৰিক লজিষ্টিক খৰচ বৃদ্ধি কৰে আৰু বজাৰলৈ যোৱাৰ গতি (“speed to market”) হ্ৰাস কৰে, যাৰ ফলত আধুনিক খুচুৰা ব্যৱসায়ৰ সঘনাই অহা অৰ্ডাৰ প্ৰক্ৰিয়াত এক মাৰাত্মক অসুবিধাৰ সৃষ্টি হয়।
বৰ্তমান সময়ত পৰিৱেশৰ সৈতে জড়িত প্ৰয়োজনীয়তাৰ কথাও বিবেচনা কৰা উচিত। বিশ্বজুৰি হোৱা গ্রীনহাউছ গেছ নিৰ্গমনৰ ৮ ৰ পৰা ১০শতাংশ আৰু ঔদ্যোগিক জল প্ৰদূষণৰ ২০ শতাংশই বস্ত্ৰ উদ্যোগৰ পৰা হয়। হাজাৰ হাজাৰ সিঁচৰতি হৈ থকা গোটসমূহৰ মাজত নিয়মাৱলী বলৱৎ কৰা আৰু সঠিক উপায়েৰে বহনক্ষম প্ৰবাহ ব্যৱস্থাপনা কৰাটো পূৰ্বতে এক প্ৰধান প্ৰশাসনিক প্ৰত্যাহ্বান আছিল।
এই বাধাবোৰ পদ্ধতিগতভাৱে আঁতৰ কৰিবলৈ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে অক্টোবৰ ২০২১-ত পিএম মেগা ইন্টিগ্ৰেটেড টেক্সটাইল ৰিজিয়ন এণ্ড এপাৰেল (পিএম মিত্ৰ) আঁচনি আৰম্ভ কৰে, যাৰ বাবে ৪,৪৪৫ কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰা হৈছে। এই গুৰুত্বপূৰ্ণ পদক্ষেপে এক সামগ্ৰিক আৰ্হি প্ৰৱৰ্তন কৰে য’ত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰ, উদ্যোগৰ সৈতে জৰিত লোক আৰু ব্যক্তিগত অংশীদাৰসকলৰ সৈতে সম্পূৰ্ণ ঐক্যৰে উন্নয়ন আগ বঢ়াই লৈ গৈছে।
এই আঁচনিখনৰ কেন্দ্ৰবিন্দু হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা প্ৰচাৰিত ফাৰ্ম টু ফাইবাৰ টু ফেক্টৰী টু ফেশ্বন টু ফৰেইনৰ দূৰদৰ্শী ৫এফ(F) সূত্ৰ। এই দৰ্শনে বিশ্বমঞ্চত ভাৰতক অনন্য কৰি তোলা দিশটোক পোনপটীয়াকৈ প্ৰতিফলিত কৰে: সেয়া হৈছে আমাৰ সম্পূৰ্ণ আৰু অবিশ্বাস্যভাৱে বৈচিত্ৰ্যময় মূল্য শৃংখল।
কেঁচা সামগ্ৰী আমদানি বা চূডান্ত (Final) বস্ত্ৰ সংযোজনৰ ওপৰত কঠোৰভাৱে নিৰ্ভৰ কৰা বিশ্বৰ আন দেশবোৰৰ বিপৰীতে, ভাৰতে আমাৰ কৃষকসকলৰ পথাৰৰ পৰা উচ্চ-ফেশ্বনৰ ৰানৱেলৈকে বস্ত্ৰ সৃষ্টিৰ সমগ্ৰ প্ৰক্ৰিয়া চক্ৰত অংশগ্ৰহণ কৰে। এই অনন্য গভীৰ বিকাশৰ ৰণনীতিয়ে গোলকীয় প্ৰতিযোগিতামূলকতাক সম্পূৰ্ণ সামাজিক সমতাৰ সৈতে সন্তুলিত কৰিব লাগিব। পৰিসৰ বৃদ্ধিৰ সময়ত, আমি প্ৰতিটো খণ্ডৰ কল্যাণক সাৱধানে সুৰক্ষিত কৰিব লাগিব যাতে সাধাৰণ উৎপাদক আৰু গ্ৰাম্য তাঁতীৰ পৰা আৰম্ভ কৰি সাজ-পোছাক ৰপ্তানিকাৰীলৈকে কোনো লোক পিছ পৰি নাথাকে। পিএম মিত্ৰ পৰিকাঠামোৱে এই ভাৰসাম্য লাভ কৰে।
কৌশলগতভাৱে প্ৰধান কেঁচামাল কেন্দ্ৰসমূহৰ ওচৰত এই পাৰ্কসমূহ স্থাপন কৰাৰ ফলত পৰিবহন খৰচ হ্ৰাস পায় আৰু উৎপাদনৰ বাবে নিৰৱচ্ছিন্ন যোগান নিশ্চিত হয়। তাতকৈও গুৰুত্বপূৰ্ণ কথাটো হ’ল, এই সনিদ্ধতাই আদিৰ পৰা অন্তলৈ কঠোৰ অনুসৰণযোগ্যতা সম্ভৱ কৰি তোলে। যিহেতু গোলকীয় ব্ৰেণ্ডবোৰে অৰ্গেনিক বা বহনক্ষম প্ৰমাণপত্ৰ বাধ্যতামূলক কৰে, এই সংহত পাৰ্কসমূহে এক প্ৰমাণযোগ্য শৃংখল প্ৰদান কৰে, যিয়ে কঠোৰ গোলকীয় ESG নিয়মসমূহ পূৰণ কৰে আৰু সেইবাবেই বিদেশত প্ৰিমিয়াম মূল্য লাভ কৰাৰ পথ প্ৰশস্ত কৰে।
১,০০০ একৰতকৈ বেছি পৰিসৰৰ একেটা স্থানতে সূতা কটা, বয়ন, প্ৰক্ৰিয়াকৰণ আৰু সাজ-পোছাক প্ৰস্তুতকৰণ সহ-অৱস্থানে বহু-ৰাজ্যিক পৰিবহন ব্যৱস্থা আঁতৰ কৰে, যাৰ ফলত মালবাহী ব্যয় আৰু পৰিবহণৰ ফলত হোৱা প্ৰদূষণ নিৰ্গমন যথেষ্ট হ্ৰাস পায় আৰু লগতে বজাৰলৈ গতি ত্বৰান্বিত কৰে। ডেডিকেটেড ফ্ৰেট কৰিডৰ (Dedicated Freight Corridors) আৰু এক্সপ্ৰেছৱেৰ দৰে ৰাষ্ট্ৰীয় লজিষ্টিক কৰিডৰৰ সৈতে সংযুক্ত হোৱাৰ বাবে, বিদেশী বজাৰলৈ যাত্ৰা অত্যন্ত সুলভ হৈ পৰে। প্ৰতিখন পাৰ্কতে প্লাগ-এণ্ড-প্লে ঔদ্যোগিক আন্তঃগাঁথনি আছে, যাৰ ভিতৰত আছে সুকীয়া বিদ্যুৎ উপ-কেন্দ্ৰ, নিৰৱচ্ছিন্ন পানী যোগান, আৰু লগে লগে কাম আৰম্ভ কৰিব পৰা কাৰখানাৰ ঘৰ (factory sheds)। ইয়াৰ লগতে জিৰ’ লিকুইড ডিচচাৰ্জ প্ৰযুক্তি ব্যৱহাৰ কৰা উন্নত কমন এফ্লুৱেণ্ট ট্ৰীটমেণ্ট প্লাণ্ট (ৰ দৰে উমৈহতীয়া সুবিধা আৰু আধুনিক ব্যৱস্থাসমূহ আছে, যিয়ে ব্যৱসায়সমূহৰ পৰা আন্তঃগাঁথনিৰ বোজা দূৰ কৰে আৰু আমাৰ ব্যৱসায় কৰাৰ সহজতা বৃদ্ধি কৰে।
পিএম মিত্ৰ উদ্যানবোৰ ব্লুপ্রিণ্টৰ পৰা বাস্তৱলৈ দ্ৰুতগতিত পৰিৱৰ্তন হৈ আছে। এই আঁচনিখনত সাতখন কৌশলগত উদ্যান অন্তৰ্ভুক্ত আছেঃ বিৰুধুনগৰ (তামিলনাডু), নৱসাৰী (গুজৰাট), কালাবুৰাগী (কৰ্ণাটক), ধাৰ (মধ্যপ্ৰদেশ) আৰু লক্ষ্ণৌ (উত্তৰ প্ৰদেশ) ত পাঁচটা গ্ৰীণফিল্ড উন্নয়ন লগতে ৱাৰাংগল (তেলেংগানা) আৰু অমৰাৱতী (মহাৰাষ্ট্ৰ) ত দুটা ব্ৰাউনফিল্ড উন্নয়ন। বৰ্তমানলৈকে, এই আঁচনিয়ে মুঠ ৬৯,৮৯৯ কোটি টকাৰো অধিক বিনিয়োগৰ আগ্ৰহ আকৰ্ষণ কৰিছে, যাৰ ভিতৰত ২৭,৬৫৮ কোটি টকাৰ বিনিয়োগ ইতিমধ্যে কাৰ্যকৰী কৰা হৈছে
২০২৬ চনৰ ১০ মে’ত, মাননীয় প্ৰধানমন্ত্ৰীয়ে তেলেংগানাৰ ৱাৰাংগালত প্ৰথম কাৰ্যক্ষম পিএম মিত্ৰ উদ্যান উদ্বোধন কৰে। এই উদ্যানখনত বিশ্বমানৰ পৰিৱেশ-আন্তঃগাঁথনি কাৰ্য্যকৰী কৰি ইতিমধ্যে ৩,৮৬২ কোটি টকাৰ বিনিয়োগ কৰা হৈছে, যিবোৰ বৈশিষ্ট্যই সাতখন উদ্যানতেই স্থাপন কৰা বহনক্ষম মানক প্ৰতিনিধিত্ব কৰে।
সমগ্ৰ দেশজুৰি সমান্তৰাল ৰূপায়ণে ক্ষিপ্ৰ সমবায় যুক্তৰাষ্ট্ৰবাদক প্ৰতিফলিত কৰে, য’ত সাতোখন ৰাজ্যৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে, ১০০% ভূমি অধিগ্ৰহণ সম্পূৰ্ণ হৈছে আৰু পৰিৱেশ সম্পৰ্কীয় অনুমোদন লাভ কৰা হৈছে। পাঁচটা গ্ৰীণফিল্ড স্থানৰ বাবে, জেভি চুক্তি আৰু এছপিভি সম্পূৰ্ণৰূপে অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ ফলত ক্ষিপ্ৰ অগ্ৰগতি নিশ্চিত হৈছে। ২,১৫৮ একৰ মাটিকালিৰে সৰ্ববৃহৎ পাৰ্ক মধ্য প্ৰদেশৰ ধাৰে ২১,৪৩৬.৯ কোটি টকাৰ বিনিয়োগৰ আগ্ৰহ আকৰ্ষণ কৰিছে, যি গুজৰাট (১৩,০৮৪ কোটি টকা), মহাৰাষ্ট্ৰ (১২,৯২৫ কোটি টকা), তামিলনাডু (৬,৬০০ কোটি টকা), উত্তৰ প্ৰদেশ (৫,৩৪৫.৮ কোটি টকা), আৰু কৰ্ণাটক (১,৭০০ কোটি টকা) ৰ শক্তিশালী গতিকে প্ৰতিফলিত কৰে। এই কাৰ্যকৰী ৰূপায়ণ কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী শ্ৰী গিৰিৰাজ সিঙৰ সক্ৰিয় নেতৃত্বৰ এক প্ৰমাণ। তেওঁৰ দক্ষ নেতৃত্বত বস্ত্ৰ মন্ত্ৰালয়ে ইয়াৰ কাৰ্যক্ষম গাঁথনিক সফলভাৱে গতিশীল কৰি তুলিছে, প্ৰশাসনিক প্ৰপ্রতিবন্ধকতা দূৰ কৰিছে আৰু ৰাজ্য চৰকাৰসমূহৰ সৈতে এক অভূতপূৰ্ব সমবায় সমন্বয় গঢ়ি তুলিছে।
কিন্তু সংখ্যাই কাহিনীটোৰ এটা অংশহে কয়, প্ৰকৃত জোখ মানুহৰ ওপৰত পৰা প্ৰভাৱত নিহিত আছে। প্ৰতিখন পাৰ্ক এনেদৰে গাঁথনিগতভাৱে প্ৰস্তুত কৰা হৈছে আৰু ইয়াৰ পৰা প্ৰায় ৩ লাখ প্ৰত্যক্ষ আৰু পৰোক্ষ সংস্থাপনৰ সুযোগ সৃষ্টি হ’ব বুলি আশা কৰা হৈছে। সাতোটা স্থান মিলাই ই ২১ লাখৰো অধিক আনুষ্ঠানিক জীৱিকালৈ ৰূপান্তৰিত হ’ব, যাৰ ফলত আমাৰ গ্ৰাম্য পৰিয়াল আৰু মহিলাসকললৈ এক বৃহৎ সামাজিক-অৰ্থনৈতিক উত্থান আহিব, যিসকলে পৰম্পৰাগতভাৱে সাজ-পোছাক উৎপাদনৰ মূল ভেটি গঠন কৰে।
এই বৃহৎ পৰিসৰৰ আন্তঃগাঁথনিমূলক প্ৰচেষ্টাই বস্ত্ৰ খণ্ডৰ অভিলাষী ‘ভিছন ২০৩০’ ৰ বাবে এক নিশ্চিত মঞ্চ হিচাপে কাম কৰিব, যাৰ লক্ষ্য হৈছে এই দশকৰ শেষৰ ভিতৰত ভাৰতৰ বস্ত্ৰ উদ্যোগক ৩৫০ বিলিয়ন ডলাৰৰ এক গোলকীয় মহাশক্তিলৈ উন্নীত কৰা। ঐতিহাসিক খণ্ডতাবাদক বিশ্বমানৰ সংহত পৰ্যায়লৈ পৰিবৰ্তন কৰি পিএম মিত্ৰই এক গভীৰ গাঁথনিগত পৰিৱৰ্তন সাধন কৰিছে। এক শক্তিশালী নেতৃত্বৰ নিৰ্দেশনাত, আমি ভাৰতক বস্ত্ৰশিল্পৰ এক নিৰ্বিবাদ, বহনক্ষম আৰু অত্যন্ত প্ৰতিযোগিতামূলক কেন্দ্ৰবিন্দুলৈ ৰূপান্তৰিত কৰি আছো।
(লেখক কেন্দ্ৰীয় বস্ত্র বিভাগৰ ৰাজ্য মন্ত্ৰী। প্ৰকাশ কৰা মতামতসমূহ ব্যক্তিগত)