বিশ্বকাপ ফুটবলৰ শেষ মহাৰণ
🔹 ড০ দীনেশ দাস
ইতিহাসৰ আটাইতকৈ সর্ববৃহৎ ফুটবল মহাৰণ বিশ্বকাপ প্রতিযোগিতাখনৰ সামৰণি পৰিবলৈ মাজত আৰু কেইঘণ্টামানহে সময় আছে৷ উল্লিখিত যে চাৰি বছৰ পূর্বে লিয়নেল মেছিয়ে কাটাৰৰ আশ্চর্যচকিত লুচাইল ষ্টেডিয়ামৰ সন্মুখত ফিফা বিশ্বকাপৰ ট্রফী দাঙি ধৰিছিল৷ দেওবাৰে এই ট্রফী পুনৰ আন কাৰোবাৰ হাতলৈ যাব, হয়তো স্পেইনৰ মুখ্য প্রশিক্ষক লুইছ ডে লা ফুৱেণ্টেৰ নেতৃত্বত কেপ্ঢেইন ৰড্রিগোৰ হাতলৈ নতুবা আর্জেণ্টিনাৰ মুখ্য প্রশিক্ষক স্কালোনিৰ নেতৃত্বত পুনৰ কেপ্ঢেইন মেছিৰ হাতলৈ৷ কিন্তু এইবাৰ সামৰণী অনুষ্ঠানটো ফুটবলৰ ইতিহাসত অভূতপূর্ব হোৱাৰ পথত আগবাঢ়িছে৷ ১৯ জুলাইত নিউয়র্ক নিউ জার্ছী মেটলাইফ ষ্টেডিয়ামত ২০২৬ ফিফা বিশ্বকাপৰ সামৰণি পৰিব আৰু আয়োজকসকলে কেৱল এটা নহয়, দুটাকৈ পৃথক আকর্ষণীয় অনুষ্ঠানৰ প্রস্তুতি চলাইছে৷ এখন খেলৰ পূর্বৰ সামৰণী অনুষ্ঠান আৰু আনখন বিশ্বকাপৰ ইতিহাসত প্রথমবাৰৰ বাবে ফাইনেল খেলখনৰ মাজভাগতে এক জাকজমকতাৰে ‘হাফটাইম শ্ব’৷ ভাৰতীয় সময়মতে সামৰণি খেলখন দেওবাৰে নিশা ১২.৩০ বজাত আৰম্ভ হ’ব৷ ফাইনেল খেলখন আৰম্ভ হোৱাৰ ৯০ মিনিট পূর্বে ফিফাই ইয়াৰ বাবে সঁচাকৈয়ে এক বৈচিত্র্যময় তাৰকাৰ তালিকা নিশ্চিত কৰিছে৷
ফাইনেলৰ পূর্বে সংগীতেৰে কেন্দ্রীয় মঞ্চ শুৱনি কৰিব যথাক্রমে ইটালীৰ পপ তাৰকা ল’ৰা পাউচিনি, প্রাক্তন ‘পুচিক্যাট ডলচ’ৰ মুখ্য গায়িকা নিকোল শ্বেৰজিগাৰ, ব্রিটিছ পপ তাৰকা ৰবি উইলিয়ামছ আৰু ইণ্টাৰনেটৰ জৰিয়তে জনপ্রিয় হৈ বিশ্বকাপৰ মেছকট হিচাপে পৰিগণিত হোৱা আইশ্ব’স্পীডৰ অভিনয়৷ মেচৰ পূর্বে অনুষ্ঠিত হ’বলগীয়া উদ্যাপনৰ অংশ হিচাপে হলীউডৰ অভিনেতা টম ক্রুজেও বিশেষভাৱে উপস্থিত থাকিব৷ সমগ্র প্রতিযোগিতাখনত বিশ্বকাপৰ মেচসমূহত তেওঁক নিয়মীয়াকৈ দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পূর্বে তেওঁ পেৰিছ অলিম্পিকৰ সামৰণী অনুষ্ঠানতো অংশ লৈছিল৷ কেৱল তেওঁৰ উপস্থিতিৰ বাবেই অনুৰাগীসকলে অনুষ্ঠানটোৰ প্রযোজনাত হলীউড শৈলীৰ এক চমকপ্রদ প্রদর্শন আশা কৰিছে৷
ইয়াৰ উপৰি ফাইনেল খেলৰ বলটোত কিক মৰাৰ আগতেই অস্কাৰ, এমি, গ্রেমী আৰু টনি বঁটা বিজয়ী গায়িকা তথা অভিনেত্রী জেনিফাৰ হাডচনে দলসমূহ খেলপথাৰত অৱতীর্ণ হোৱাৰ পূর্বে আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রীয় সংগীত পৰিৱেশন কৰিব৷ এই অনুষ্ঠানটো পৰিচালনা কৰিছে কেইবাটাও বৃহৎ আন্তঃৰাষ্ট্রীয় ক্রীড়া আৰু মনোৰঞ্জন অনুষ্ঠানৰ আঁৰৰ সৃষ্টিশীল কোম্পানী ‘বেলিচ ৱাণ্ডাৰ ষ্টুডি’’ই৷ আয়োজকসকলে প্রকাশ কৰা খবৰ অনুসৰি, এই বিশেষ প্রডাকচনে ২০২৬ চনৰ বিশ্বকাপৰ বৈশিষ্ট্যপূর্ণ আৱেগ, বৈচিত্র্য আৰু বিশ্বকাপক প্রতিফলিত কৰাৰ লগতে প্রথমবাৰৰ বাবে খেল আৰম্ভ হোৱাৰ পৰা তিনিখন আয়োজক দেশ আৰু ১৬খন আয়োজক চহৰত অংশগ্রহণ কৰা ৪৮খন দেশৰ ৪৮টা দলৰ যাত্রাৰ চমু আভাস দাঙি ধৰিব৷ ফিফাই ফাইনেলৰ পূর্বে অতিৰিক্ত কলা–কুশলী আৰু বিশেষ অতিথি ঘোষণা কৰা হ’ব বুলিও নিশ্চিত কৰিছে৷
ইতিহাসত প্রথমবাৰৰ বাবে বিশ্বকাপৰ সামৰণী অনুষ্ঠানত এইবাৰৰ ফাইনেলখনে সম্পূর্ণ এক নতুন মাত্রা লাভ কৰিব৷ সাধাৰণতে হোৱা চুটি বিৰতিৰ বিপৰীতে, ২০২৬ চনৰ ফাইনেল খেলখনত আচল ১১ মিনিটজোৰা এটা ‘হাফটাইম শ্ব’ অন্তর্ভুক্ত হ’ব, যিটো ইয়াৰ পূর্বে কোনো বিশ্বকাপতে দেখা হোৱা নাছিল৷ এই অনুষ্ঠানটো ‘লাইভ নেচন’ৰ সহযোগত ‘গ্ল’বেল চিটিজেন’ নামৰ সংস্থাটোৱে প্রযোজনা কৰিছে৷ সামৰণী অনুষ্ঠানত মূল আকর্ষণ হিচাপে প্রথমে মেডোনা, ছাকিৰা আৰু কে–পপৰ অন্যতম জনপ্রিয় বেণ্ড বিটিএছৰ নাম ঘোষণা কৰা হৈছিল যদিও পিছত জাষ্টিন বিবাৰে চতুর্থ সহঃপৰিৱেশক হিচাপে চুক্তিবদ্ধ হয়৷ চলিত বর্ষৰ প্রতিযোগিতাখনৰ অফিচিয়েল থীম ছং ‘দাই দাই’ত ছাকিৰাৰ সৈতে কণ্ঠদান কৰা নাইজেৰিয়াৰ আফ্র’বিটছ তাৰকা বার্না বয়ো এই মঞ্চত উপস্থিত থাকিব৷ ইয়াৰ লগতে উপস্থিত থাকিব বিখ্যাত কণ্ডাক্টৰ গুস্তাভো ডুডামেল যিয়ে সংগীতৰ জৰিয়তে এখন উন্নত পৃথিৱী সৃষ্টিৰ বাবে প্রতিশ্রুতিবদ্ধ৷ জীৱনক অনুপ্রাণিত আৰু ৰূপান্তৰিত কৰিব পৰা শিল্প শক্তিৰ ওপৰত তেওঁৰ অটল বিশ্বাসে মঞ্চৰ ওপৰত আৰু মঞ্চৰ বাহিৰত তেওঁৰ ঐক্যবদ্ধ উপস্থিতি, বিশ্বৰ অভাৱগ্রস্ত সম্প্রদায়সমূহৰ বাবে শিক্ষা আৰু প্রৱেশৰ প্রতি তেওঁৰ দায়বদ্ধতা আৰু শাস্ত্রীয় সংগীতৰ প্রভাৱ নতুন আৰু চিৰস্থায়ী দর্শকলৈ সম্প্রসাৰণ কৰাত তেওঁৰ মিছনক ইন্ধন যোগাব৷ ভেনিজুৱেলাত শিশু অৱস্থাৰ নম্র আৰম্ভণিৰ পৰা কলাত্মক আৰু সামাজিক কৃতিত্বৰ অতুলনীয় কেৰিয়াৰে তেওঁৰ উত্থানে সংস্কৃতিয়ে যে এজন ব্যক্তিৰ জীৱনলৈ অর্থ আনিব পাৰে আৰু সামগ্রিকভাৱে বিশ্বৰ বাবে অধিক সমন্বয় আনিব পাৰে ইতিমধ্যে তাৰ জীৱন্ত প্রমাণ আগবঢ়াইছে গুস্তাভে৷ বর্তমান তেওঁ ভেনিজুৱেলাৰ লছ এঞ্জেলছ ফিলহার্মনিক আৰু চিমন বলিভাৰ চিম্ফনী অর্কেষ্ট্রাৰ সংগীত আৰু কলাত্মক পৰিচালক হিচাপে কাম কৰি আহিছে৷ লগতে নিউয়র্কৰ ভাইৰেল পিএছ২২ সুকল কয়াৰো উপস্থিত থাকিব, যিয়ে ক’ল্ডপ্লে বেণ্ডৰ সৈতে একেলগে পৰিৱেশন কৰিব৷ ক’ল্ডপ্লেৰ মুখ্য গায়ক ক্রীছ মার্টিনে সমগ্র অনুষ্ঠানটো নান্দনিক ৰূপত সজাই তুলিব৷
এই জাকজমকীয়া অনুষ্ঠানটোৰ আঁৰত এটা বিশেষ উদ্দেশ্যও আছে৷ এই প্রদর্শনটো ‘ফিফা গ্ল’বেল চিটিজেন এডুকেচন ফাণ্ড’ FIFA Global Citizen Education Fund)–ৰ সৈতে জড়িত, যাৰ লক্ষ্য হৈছে বিশ্বৰ শিশুসকলৰ শিক্ষা আৰু ফুটবলৰ সুবিধাৰ বাবে ১০০ নিযুত মিলিয়ন ডলাৰ পুঁজি সংগ্রহ কৰা৷ আয়োজকসকলে প্রকাশ কৰা মতে, ইতিমধ্যে এই লক্ষ্যৰ আধাতকৈও অধিক ধন সংগ্রহ কৰা হৈছে, যাৰ এটা অংশ এই প্রতিযোগিতাখনৰ বিক্রী হোৱা প্রতিখন খেলৰ টিকটৰ জৰিয়তে আহিছে৷ শিক্ষা বিষয়ক বার্তা প্রচাৰৰ অংশ হিচাপে ‘ছেছেমী ষ্ট্রীট’ Sesame Street)ৰ জনপ্রিয় চৰিত্র কার্মিট Kermit) আৰু মিছ পিগীকো MissPiGGy) ইয়াত দেখিবলৈ পোৱাৰ সম্ভাৱনা আছে৷ লগতে ছাকিৰাই তেওঁৰ ব্যক্তিগত পৰম্পৰা ধৰি ৰাখিছে যি ২০০৬ চনত জার্মানীত অনুষ্ঠিত বিশ্বকাপৰ সামৰণী অনুষ্ঠানত তেওঁৰ অতি জনপ্রিয় হিট গীত ‘হিপছ ডনট লাই’ Hips Don’t Lie) পৰিৱেশন কৰিছিল৷ তেওঁ পুনৰ ২০১০ চনত দক্ষিণ আফ্রিকাত অনুষ্ঠিত প্রতিযোগিতাখনত গোলকীয় ফুটবল জগতত অমৰত্ব লাভ কৰে৷ তেওঁ দক্ষিণ আফ্রিকাৰ বেণ্ড ‘ফ্রেচলিগ্রাউণ্ড’ৰ সৈতে লগ লাগি প্রতিযোগিতাখনৰ অফিচিয়েল থীম ছং ‘ৱাকা ৱাকা’ Waka Waka) লিখিছিল আৰু পৰিৱেশন কৰিছিল৷ এই গীতটি বিশ্বৰ অন্যতম সর্ববৃহৎ গীতত পৰিণত হৈছিল, বিশ্বজুৰি মিউজিক চার্টৰ শীর্ষস্থান দখল কৰিছিল আৰু ইতিহাসৰ আটাইতকৈ বেছি বিক্রী হোৱা বিশ্বকাপৰ গীত হৈ পৰিছিল৷ পৰৱর্তী সময়ত, তেওঁ ২০১৪ চনত ব্রাজিলত অনুষ্ঠিত প্রতিযোগিতাত পুনৰ বিশ্বকাপৰ মঞ্চত ভুমুকি মাৰে আৰু সামৰণী অনুষ্ঠানৰ সময়ত ‘লা লা লা’ La La La) গীতটি পৰিৱেশন কৰিছিল৷ বর্তমান কানাডা, মেক্সিকো আৰু আমেৰিকা যুক্তৰাষ্ট্রত যুটীয়াভাৱে অনুষ্ঠিত হোৱা ২০২৬ চনৰ ফিফা বিশ্বকাপৰ বাবে ছাকিৰা পুনৰ প্রতিযোগিতাখনলৈ উভতি আহে৷ ১৯ জুলাইত নিউয়র্ক নিউ জার্ছী মেটলাইফ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপৰ ইতিহাসৰ সর্বপ্রথম ‘হাফটাইম শ্ব’ত তেওঁ মেডোনা, বিটিএছ আৰু জাষ্টিন বিবাৰৰ সৈতে সহঃমুখ্য আকর্ষণ হিচাপে মঞ্চ ভগাই ল’ব৷ এইদৰে কোনো নহয় কোনো ৰূপত বিশ্বকাপৰ মঞ্চত এয়া ছাকিৰাৰ পঞ্চমটো অংশগ্রহণ হ’ব৷
এনেদৰে সংগীত, সংস্কৃতি আৰু ফুটবলৰ নান্দনিক দৃশ্যৰ জৰিয়তে আৰম্ভ হ’ব বিশ্বকাপৰ শেষ মহাৰণ৷ সমুখ সমৰত অপৰাজিত দুটা মহাশক্তি৷ স্পেইন বনাম আর্জেণ্টিনা৷ স্পেইন হৈছে ২০১০ চনৰ বিশ্বকাপ চেম্পিয়ন, আনহাতে আর্জেণ্টিনা হৈছে ১৯৭৮, ১৯৮৬ আৰু ২০২২ চনসহ মুঠ তিনিবাৰৰ বিশ্বকাপ চেম্পিয়ন৷ দুয়োটা দলেই হৈছে তীব্রগতিসম্পন্ন যুঁজাৰু দল৷ স্পেইনে ইতিমধ্যে ছৌদি আৰবক ৪–০, উৰুগুৱেক ১–০ আৰু কেপ ভার্ডেৰ বিৰুদ্ধে ০–০ ড্র খেলি গ্রুপ পর্যায়ত (গ্রুপ এইচ) শীর্ষস্থান দখল কৰি পৰৱর্তী ৰাউণ্ডত প্রৱেশ কৰে৷ ৰাউণ্ড অৱ ৩২–ত অষ্ট্রিয়াক ৩–০ ব্যৱধানত পৰাস্ত কৰাৰ পিছত ৰাউণ্ড অৱ ১৬–ত চিৰপ্রতিদ্বন্দ্বী পর্তুগালক ১–০ ব্যৱধানত পৰাস্ত কৰে৷ কোৱার্টাৰ ফাইনেলত বেলজিয়ামক ২–১ ব্যৱধানত পৰাস্ত কৰে৷ ছেমি ফাইনেলত ফ্রান্সক ২–০ ব্যৱধানত পৰাস্ত কৰি দুর্দান্ত স্পেইনে দর্শনীয় খেল প্রদর্শন কৰি ফাইনেলত স্থান নিশ্চিত কৰে৷
আনহাতে তিনিবাৰৰ বিশ্ব চেম্পিয়ন আর্জেণ্টিনাই আলজেৰিয়াক ৩–০, অষ্ট্রিয়াক ২–০ আৰু জর্ডানক ৩–১ ব্যৱধানত পৰাস্ত কৰি গ্রুপ পর্যায়ত (গ্রুপ জে) শীর্ষস্থান দখল কৰি পৰৱর্তী ৰাউণ্ডত প্রৱেশ কৰে৷ ৰাউণ্ড অৱ ৩২–ত কেপ ভার্ডেক ৩–২ ব্যৱধানত পৰাস্ত কৰাৰ পিছত ৰাউণ্ড অৱ ১৬–ত ইজিপ্তক অতি কঠিন পৰিস্থিতিত ৩–২ ব্যৱধানত পৰাস্ত কৰে৷ কোৱার্টাৰ ফাইনেলত ছুইজাৰলেণ্ডক অতিৰিক্ত সময়ত ৩–১ ব্যৱধানত পৰাস্ত কৰে৷ ছেমি ফাইনেলত তুমুল প্রতিযোগিতামূলক খেলখনত আর্জেণ্টিনাই ১–০ গ’লত পিছপৰি থকাৰ পাছতো অৱশেষত ইংলেণ্ডৰ বিৰুদ্ধে ২–১ ব্যৱধানত জয় সাব্যস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে বিশ্বকাপ ফাইনেলত প্রৱেশ কৰে৷
অভূতপূর্ব কানাডা, মেক্সিকো আৰু আমেৰিকাৰ সর্বশ্রেষ্ঠ বিশ্বকাপৰ মঞ্চৰে বিশ্বক আদৰণি জনোৱা সংগীত, সংস্কৃতি আৰু ফুটবলৰ জৰিয়তে ফিফা বিশ্বকাপ ২০২৬ চনৰ ফাইনেল খেলখনত তুমুল প্রতিদ্বন্দ্বিতা কৰিব দুই মহাপ্রতাপী বিশ্বকাপ বিজয়ী স্পেইন আৰু আর্জেণ্টিনা৷ কাৰণ স্পেইনৰ লক্ষ্য হ’ব দ্বিতীয়বাৰৰ বাবে ফিফা বিশ্বকাপ জয় যিটো তেওঁলোকে শেষবাৰৰ বাবে ২০১০ চনত জয় কৰিছিল৷ আনহাতে আর্জেণ্টিনাৰ লক্ষ্য হ’ব একেবাৰে দ্বিতীয়বাৰৰ বাবে বিশ্বকাপ দখল যি কৃতিত্ব বিশ্ব ফুটবলৰ ইতিহাসত অতি কমসংখ্যক দেশেহে অর্জন কৰিব পাৰিছে৷ অৱশেষত কিন্তু এখন দেশেহে বিশ্ব ফুটবলৰ শীর্ষত আৰোহণ কৰি ২০২৬ চনৰ ফিফা বিশ্বকাপৰ সোণালী ড্রফী নিজ হাতেৰে আকাশলৈ তুলি ধৰিব৷ এতিয়া মাত্র ৯০ মিনিট বা অতিৰিক্ত ৩০ মিনিট সময়– আগত ৰৈ আছে ফুটবলৰ চিৰস্মৰণীয় গৌৰৱ৷
সদৌ শেষত দেওবাৰে মাজনিশাৰ খেলপথাৰত যিয়েই নহওক কিয়, এটা কথা ইতিমধ্যে নিশ্চিত যেন লাগিছে যে ইতিহাসত প্রথমবাৰৰ বাবে এখন বিশ্বকাপৰ ফাইনেলক এনেকুৱা লাগিব যেন এখন গোলকীয় সংগীতানুষ্ঠানৰ মাজতহে এটুকুৰা ফুটবল খেল সোমাই দিয়া হৈছে৷ গতিকে যিসকল অনুৰাগীয়ে এই সমগ্র ৰোমাঞ্চকৰ অনুষ্ঠানটো পোনপটীয়াকৈ উপভোগ কৰাৰ পৰিকল্পনা কৰিছে, তেওঁলোকে নিজৰ বাবে কফী সাজু কৰি ৰখাটোৱে মংগল৷
ফোন : ৯৪৩৫৩–২৬০৯৯