শিলঘাটৰ মৰাপাট কললৈ আশাৰ খবৰ ৪৫ কোটি টকাৰ আর্থিক সাহায্য ঘোষণা বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ
নিয়মীয়া বাৰ্তা, ১২ ডিচেম্বৰঃ মৃত্যুঘণ্টা বজা শিলঘাটৰ মৰাপাট কললৈ আহিছে আশাৰ খবৰ৷ মৰাপাট কলটোলৈ ৪৫ কোটি টকাৰ আর্থিক সাহায্যৰ কথা ঘোষণা কৰিছে বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ শিলঘাটৰ কামাখ্যা মন্দিৰ দর্শন কৰি এই কথা ঘোষণা কৰাৰ লগতে মৰাপাট কল কর্তৃপক্ষ আৰু শ্রমিক সন্থাৰ সৈতে এক আলোচনাত মিলিত হোৱাৰ সময়তেই এই আর্থিক সাহায্যৰ কথা ঘোষণা কৰে৷ এই সন্দর্ভত মন্ত্রীগৰাকীয়ে কয় যে মার্চ মাহৰ ভিতৰত কলটো পুনৰ উজ্জীৱিতকৰণৰ বাবে ৰাজ্য চৰকাৰে ১০ কোটি টকা মুকলি কৰি দিব আৰু কলটো পুনৰ নির্মাণৰ বাবে ৩৫ কোটি টকাৰ অনুমোদন হোৱাৰ কথাও তেওঁ জানিবলৈ দিয়ে৷
উল্লেখ্য যে কলিয়াবৰৰ শিলঘাটস্থিত কামাখ্যা দেৱালয় দর্শনৰ বাবে শক্তিপীঠখনত উপস্থিত হয় বিত্তমন্ত্রী ড০ শর্মা৷ দিনজোৰা কার্যসূচীৰে মন্দিৰ দর্শন আৰু পূজা–র্চনা কৰাৰ সময়ত মন্ত্রীগৰাকীৰ লগত স্থানীয় বিধায়ক তথা মন্ত্রী কেশৱ মহন্ত, বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক দীপ্লুুৰঞ্জন শর্মা, অগপৰ মুখপাত্র তথা যুৱ নেতা মণিমাধৱ মহন্তৰ লগতে কলিয়াবৰৰ বিজেপি আৰু অগপৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷