নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কা’ বাতিলৰ দাবীত উত্তাল শিৱসাগৰঃ ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ প্রতিবাদী জনতা

নিয়মীয়া বাৰ্তা, ১২ ডিচেম্বৰঃ  পুনৰ ‘কা’ আইন বাতিলৰ দাবীত উত্তাল হৈ পৰিল শিৱসাগৰ৷ জাতি–বর্ণ–ধর্ম, দল–মত নির্বিশেষে হিলদল ভাঙি ৰাজপথলৈ ওলাই অহা জনতাৰ জয় আই অসম ধ্বনিৰে উত্তাল হৈ পৰিল সমগ্র শিৱসাগৰ চহৰ৷ হাতে হাতে বেনাৰ–ফেষুটন লৈ জিলাখনৰ ভিন্ন প্রান্তৰ পৰা আহি সমৱেত হোৱা কেইবাসহস্র প্রতিবাদকাৰীয়ে আজি সমগ্র শিৱসাগৰ চহৰ বিশাল শোভাযাত্রাৰে উত্তাল কৰি তোলাৰ অন্তত শিৱসাগৰ জিলা উপায়ুক্তৰ কার্যালয়ৰ সন্মুখত অৱস্থান কৰাক লৈ আৰক্ষী প্রশাসনৰ লগতে অসামৰিক প্রশাসনৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হয়৷

উল্লেখ্য যে ‘কা’ আইনখন বাতিলৰ দাবীতেই পূর্বনির্ধাৰিত কার্যসূচী অনুসৰিয়েই কৃষক মুক্তি সংগ্রাম সমিতি, জাগৃত নাৰী সমাজ, আহোম জাতীয় গণ মঞ্চ, মৰিয়া যুৱ–ছাত্র পৰিষদ, অসম জাতীয়তাবাদী যুৱ পৰিষদ, সংগ্রামী যুৱ–ছাত্র পৰিষদ, ঐক্য সেনা অসম, কলিতা জনগোষ্ঠী ছাত্র সন্থা, অনুসূচিত জাতি ছাত্র সন্থা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, বীৰ লাচিত সেনা, চাহ জনজাতি ছাত্র সন্থা, অসম ছাত্র যুৱ সন্মিলন, মৰিয়া যুৱ–ছাত্র সন্থা, ছাত্র মুক্তি সংগ্রাম সমিতি, কৃষক–শ্রমিক পৰিষদ, অসম চাহ জনগোষ্ঠী জলহা যুৱ–ছাত্র পৰিষদ, সদৌ অসম মুছলিম যুৱ পৰিষদকে ধৰি মুঠ ১৮টা জাতি–জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বত অহা প্রতিবাদকাৰীসকলে তাই বিকাশ কেন্দ্রতেই এখন প্রতিবাদী সভা অনুষ্ঠিত কৰে৷

কৃষক মুক্তি সংগ্রাম সমিতিৰ নেতা ধৈর্য কোঁৱৰে প্রতিবাদী জনতাক উদ্দেশ্য কৰি কয়– বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰখনে প্রণয়ন কৰা নাগৰিকত্ব সংশোধনী আইনৰ পোনপটীয়াকৈ অসমৰ বিজেপি চৰকাৰ আৰু অসম গণ পৰিষদ দলে পোনপটীয়াকৈ সমর্থন কৰি জাতিটোক চূডান্তভাৱে প্রতাৰণা কৰিলে৷ এই আইন বাতিল নহ’লে অসমতেই অসমীয়া আলহী হৈ পৰিব৷ বিতর্কিত আইনখন বাতিল নকৰালৈকে কোনো পৰিস্থিতিতেই আন্দোলন বন্ধ নহয় বুলি তেওঁ স্পষ্ট কৰি দিয়ে৷ দেৱজিৎ দত্তই আঁত ধৰা প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰি জনপ্রিয় শিল্পী মানস ৰবীনে কয়– ন্যায়ালয়ৰ ওচৰত আমাৰ আস্থা আছে৷ অতি সোনকালে অখিল গগৈ মুকলি আকাশৰ তললৈ আহিব৷ অসমীয়া ৰাইজে ‘কা’ বুজি পাইছে৷ অসমীয়াই ‘কা’ নামানে৷ অসমীয়া মানুহে আন্দোলন আৰম্ভ কৰিব জানে, শেষ কৰিব নাজানে৷ যিটো কথা ইতিহাসে কয়৷ এইবাৰ অসমীয়াই আন্দোলন শেষ কৰিহে উশাহ ল’ব৷ ঐক্যবদ্ধ সংগ্রাম হ’বই লাগিব বুলি মানস ৰবীনে ব্যক্ত কৰে৷

বীৰ লাচিত সেনাৰ শৃংখল চলিহাই বিজেপি চৰকাৰখনক ক্ষুৰধাৰ সমালোচনা কৰি কয়– এতিয়া বিজেপি আৰু আৰ এছ এছৰ দৃষ্টিত বাংলাদেশীক সংস্থাপন দিয়াসকল স্বদেশপ্রেমী আৰু জাতি ৰক্ষাৰ বাবে আন্দোলন কৰাসকল ৰাষ্ট্রদ্রোহী৷ নেতাগৰাকীয়ে বিজেপি চৰকাৰখনক ২০২১ৰ নির্বাচনত উৎখাত কৰি ব্রহ্মপুত্রত দলিয়াই দিয়াৰ স্বার্থত সকলোকে ঐক্যবদ্ধ সংগ্রামত অংশগ্রহণ কৰিবলৈ আহ্বান জনায়৷ তদুপৰি তেওঁ অহা ২০২১ৰ নির্বাচনত শিৱসাগৰৰ পৰা অখিল গগৈয়ে প্রতিদ্বন্দ্বিতা কৰিব বুলি স্পষ্ট কৰি দিয়ে৷ সংগ্রামী যুৱ–ছাত্র পৰিষদ, অসমৰ নেতা দেৱজিৎ দত্তই কয়– শ্বহীদৰ কেঁচা তেজৰ ত্যাগ অথলে যাব দিব নোৱাৰি৷ অসমীয়া হতাশ নহৈ ঐক্যবদ্ধ সংগ্রামেৰে কা ওফৰাই পেলাব লাগিব৷ কা আন্দোলনৰ শব্দই দিল্লীকম্পমান কৰি তুলিব লাগিব৷ কা প্রত্যাহাৰ নকৰা পর্যন্ত এই আন্দোলন তীব্রতৰ হ’ব বুলি হুংকাৰ দিয়ে৷ আন এগৰাকী কৃষক নেতা মানস কোঁৱৰে অসমক ভালপোৱা অসমীয়াই কা আন্দোলন কৰি যাব বুলি উল্লেখ কৰি পৰিৱর্তনৰ শ্লোগানেৰে ৰাজশাসনত বহা বিজেপিয়ে বিদেশীক খেদিম বুলি প্রতিশ্রুতি দি বিদেশীক নাগৰিকত্ব দিব বিচাৰি জাতিটোক ধ্বংস কৰিব বিচাৰিছে৷

আৰক্ষীৰ বন্দুক আৰু বিয়নেটক অসমীয়াই কেতিয়াও ভয় নকৰে৷ এটা বছৰৰ পূর্বে অসম আৰক্ষীয়ে তাৰ প্রমাণ পাইছে৷ প্রয়োজনত তেজ দিম কিন্তু কা মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দিয়ে৷ বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কৃষ গগৈয়ে পুঁজিপতিৰ স্বার্থত কাম কৰা বিজেপিয়ে বিদেশীক সংস্থাপন দিয়া কার্যক কোনোদিনাই সফল হ’বলৈ নিদিওঁ বুলি দোহাৰি অখিল গগৈক মুক্তি দি অখিলৰ বিপক্ষে নির্বাচনত অৱতীর্ণ হ’বলৈ বিজেপিক প্রত্যাহ্বান জনায়৷ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ মানস কোঁৱৰে বিজেপিৰ হঠকাৰী সিদ্ধান্তৰ ফল ’২১ৰ নির্বাচনত ভুগিব লাগিব বুলি স্পষ্ট কৰি দিয়ে৷

You might also like