নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘৃণনীয়, ফাৰ্মাচীৰ কোঠাত দুমাহ ধৰি যৌন উতপীড়ন

নিয়মীয়া বাৰ্তা ১২ ডিচেম্বৰঃ : কাৰ্বি  আংলঙৰ বৈঠালাংছত জঘন্য ঘটনা। এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলাই আৰক্ষীৰ জালত অভিযুক্ত।
৫০ বছৰ ঊৰ্ধ্বৰ এজন লোকৰ কামনাৰ বলি হ’ল এগৰাকী ১২ বছৰীয়া কিশোৰী৷ বনকৰা হিচাপে থকা কিশোৰীগৰাকীৰ ওপৰত প্ৰায় দুমাহ ধৰি শাৰিৰীক নিৰ্যাতন চলাই আহিছিল লম্পট কনক মমিনে নামৰ লোকজনে।
ঘৰতে থকা ফাৰ্মাচীৰ কোঠাতেই প্ৰায় দুমাহ ধৰি যৌন নিৰ্যাতন চলাইছিল মমিনে৷ কাম-বনৰ লগতে পঢ়া শুনা কৰাবৰ বাবে ঘৰত ৰাখিছিল কিশোৰীগৰাকীক৷
 শেহতীয়াকৈ এই ঘটনা পোহৰলৈ অহাৰ পাছতে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত বৈঠালাংছ আৰক্ষীয়ে কনক মমিনক গ্ৰেপ্তাৰ কৰে৷
কিশোৰীগৰাকীক ডিফুলৈ আনি স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পাছতে জিলা চাইল্ড লাইনৰ তত্ত্বাৱধানত ৰখা হৈছে বুলি জানিব পৰা গৈছে।
You might also like