কৃষি সংস্কাৰে কৃষকৰ উপার্জন বৃদ্ধি কৰিব, অন্নদাতাৰ কল্যাণক লৈ চৰকাৰ দায়বদ্ধ
সপ্তদশ দিনত কৃষকৰ আন্দোলন প্রথমবাৰলৈ মুখ খুলিলে মোদীয়ে
নিয়মীয়া বাৰ্তা ১৩ ডিচেম্বৰঃ কেন্দ্রীয় চৰকাৰৰ লিখিত ৭ প্রস্তাৱ প্রত্যাখ্যান কৰি আন্দোলন ঘোষণা কৰা প্রতিবাদী কৃষকসকলে আজি দেশৰ প্রান্তে প্রান্তে ঘাইপথৰ টোলগেট দখল কার্যসূচী ৰূপায়ণ কৰে৷ হাৰিয়ানাত ৰাষ্ট্রীয় ঘাইপথৰ টোলগেটসমূহ প্রতিবাদী কৃষক সংগঠনৰ কর্মীয়ে দখল কৰি লোৱাই নহয়, এই টোলগেটসমূহেৰে ৰাজহবিহীনভাৱে যান–বাহন যাতায়াত কৰিবলৈ দিছে৷ কার্যতঃ কেন্দ্রীয় চৰকাৰক টোলগেটৰ ৰাজহৰ পৰা বঞ্চিত কৰাৰ লক্ষ্যৰে এই কার্যসূচী ৰূপায়ণ কৰিছে প্রতিবাদী কৃষকসকলে৷ ইপিনে, দিল্লী চলো কার্যসূচী আজি সপ্তদশ দিনত ভৰি দিছে৷ তিনি আইন বাতিল নকৰালৈকে আন্দোলন চলাই যাব বুলি ঘোষণা কৰা প্রতিবাদী কৃষক সংগঠনৰ অন্যতম ভাৰতীয় কিষাণ ইউনিয়নৰ মুখপাত্র ৰাকেশ টিকাইটে দেশৰ ভিন্ন প্রান্তৰ পৰা কৃষকসকলক দিল্লী সীমান্তলৈ আহিবলৈ আহ্বান জনাইছে৷ ইতিমধ্যে হাৰিয়ানা আৰু পঞ্জাবৰ লক্ষাধিক কৃষকে নতুন দিল্লীৰ সীমান্তৰ পথসমূহ অৱৰোধ কৰি প্রতিবাদ অব্যাহত ৰখাৰ পাছত পুনৰ পঞ্জাব আৰু হাৰিয়ানাৰ পৰা প্রতিবাদী কৃষকে যাত্রা আৰম্ভ কৰিছে৷ লক্ষণীয় যে কৃষকৰ প্রতিবাদত ৰাষ্ট্রবিৰোধী উপাদান খালিস্তানী উগ্রপন্থী জড়িত হৈ থকা বুলি একাংশই কৰা অভিযোগক খণ্ডন কৰি বি কে ইউৰ মুখপাত্র ৰাকেশ টিকাইটে কয় যে এই আন্দোলনত কোনো ৰাষ্ট্রবিৰোধী উপাদান নাই৷ চৰকাৰে সেই উপাদানবোৰক আটক কৰি বন্দী কৰিব লাগে৷ দেশৰ কৃষকসকলে তেওঁলোকৰ ন্যায্য দাবীত অর্থাৎ অধিকাৰ বিচাৰি দিল্লী চলো কার্যসূচী গ্রহণ কৰিছে৷ আনপিনে, এম এছ পি বাহাল থাকিব বুলি কেন্দ্রীয় চৰকাৰে প্রতিবাদী কৃষক সংগঠনলৈ লিখিত প্রস্তাৱ দিলেও এই প্রস্তাৱক লৈ সন্মত হোৱা নাই কৃষকসকল৷ অল ইণ্ডিয়া কৃষাণ সংঘর্ষ সমন্বয় কমিটী, চমুকৈ এ আই কে এছ এছ চিয়ে প্রকাশ কৰা মতে, এম এছ পিক লৈ চৰকাৰে নতুন আইন প্রণয়ন কৰাৰ প্রতিশ্রুতি দিব লাগিব৷ আনপিনে, প্রতিবাদী কৃষকে দিল্লী সীমান্তৰ প্রায়বোৰ পথ অৱৰোধ কৰি প্রতিবাদ অব্যাহত ৰখাৰ লগতে দিল্লীগামী সকলো ৰাষ্ট্রীয় ঘাইপথো অৱৰোধ কৰি ৰাখিছে৷
দিল্লী সীমান্তৰ পৰা প্রতিবাদী কৃষক সংগঠনে ৰাজধানী চহৰখনত প্রৱেশৰ হুংকাৰ দিয়াৰ পাছতেই অধিক নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে৷ দিল্লী–গুৰগাঁও সীমান্তত এতিয়াও কৃষকে প্রতিবাদ কৰা নাই বুলি শীর্ষ আৰক্ষী বিষয়াই প্রকাশ কৰিছে৷ কাইলৈৰ পৰা দিল্লী চলো প্রতিবাদী কার্যসূচী গ্রহণ কৰাৰ প্রস্তুতি চলাই ইতিমধ্যে ৰাজস্থান আৰু হাৰিয়ানাৰ কৃষক একত্রিত হৈছে৷ সমাজকর্মী যোগেন্দ্র যাদৱে টুইটাৰযোগে প্রকাশ কৰা মতে, জয়পুৰ–দিল্লী ঘাইপথত এতিয়াও কৃষকসকলে দিল্লী চলো অভিযান আৰম্ভ কৰা নাই৷ কাইলৈ চাহজাহানপুৰৰ পৰা এই কার্যসূচী আৰম্ভ হ’ব৷ আজি ৰাজস্থান আৰু হাৰিয়ানাৰ কৃষকসকল কটপুতলী আৰু বেহৰৰত সমৱেত হৈ ইয়াৰ পৰাই দিল্লী চলো প্রতিবাদী কার্যসূচী আৰম্ভ কৰিব৷ কৃষকসকলৰ এই প্রস্তুতিৰ বিষয়ে অৱগত হোৱাৰ পাছতেই দিল্লী সীমান্তত অতিৰিক্তকৈ কেইবাটাও নিৰাপত্তা বাহিনীৰ কোম্পানী মোতায়েন কৰিছে৷ সীমান্তৰ পথত নতুনকৈ বেৰিকেড স্থাপন কৰিছে৷ আজি সিংঘু সীমান্তত প্রতিবাদী কৃষকৰ নেতৃত্বই আলোচনাৰ অন্তত প্রকাশ কৰা মতে, কাইলৈ ৰাজস্থানৰ চাহজাহানপুৰৰ পৰা দিনৰ ১১ বজাত ট্রেক্টৰ সমদল আৰম্ভ হ’ব আৰু ইয়াৰ জৰিয়তে দিল্লী–জয়পুৰ ঘাইপথ অৱৰোধ কৰা হ’ব৷ ১৯ ডিচেম্বৰৰ পূর্বে তিনি আইন প্রত্যাহাৰ নকৰিলে কৃষক আন্দোলনৰ শ্রমিক আৰু মহিলাই অংশগ্রহণ কৰিব বুলি সংযুক্ত কিষাণ আন্দোলনৰ নেতা কমলপ্রীৎ সিঙে ঘোষণা কৰিছে৷ নেতাগৰাকীয়ে প্রকাশ কৰা মতে, ১৪ ডিচেম্বৰৰ পুৱা ৮ বজাৰ পৰা বিয়লি ৫ বজালৈ সিংঘু সীমান্তত সকলো কৃষক নেতাই অনশনত বহিব৷