বিটিচিৰ পৰৱৰ্তী পৰিষদ গঠন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ চৰকাৰী আৱাসগৃহত গুৰুত্বপূৰ্ণ বৈঠক
নিয়মীয়া বাৰ্তা ১৩ ডিচেম্বৰঃ বিটিচিৰ পৰৱৰ্তী পৰিষদ গঠন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ চৰকাৰী আৱাসগৃহত গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকত উপস্থিত আছে UPPL, BJP আৰু GSPৰ ২২জন নৱনিৰ্বাচিত পাৰিষদ। নেডাৰ আহ্বায়ক ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, UPPLৰ সভাপতি প্ৰমোদ বৰোৰ উপস্থিতিত এই বৈঠকত চৰকাৰ গঠন সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।
উল্লেখ্য যে ইয়াৰ আগতে মহানগৰীৰ লিলি হোটেলত UPPL আৰু বিজেপিৰ নৱনিৰ্বাচিত ২১জন পাৰিষদৰ বৈঠক হৈছিল আৰু এই বৈঠকত উপস্থিত আছিল মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, সাংসদ দিলীপ শইকীয়া আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস।