নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছৱাটিনিৰ প্রধানমন্ত্রী লামিনীৰ ক’ৰোনাত মৃত্যু

নিয়মীয়া বাৰ্তা ১৫ ডিচেম্বৰঃ আফ্রিকান ৰাষ্ট্র এছৱাটিনিৰ প্রধানমন্ত্রী এমব্র’জ লামিনীৰ ক’ভিড–১৯ত মৃত্যু হৈছে৷ ২০১৮লৈকে ছাজিলেণ্ড ৰূপে জনা গৈছিল এছৱাটিনিক৷ চাৰি সপ্তাহ ৰূপে ক’ভিড–১৯ত আক্রান্ত হৈছিল এমব্র’জ লামিনী৷ চৰকাৰী এক বিবৃতি অনুসৰি ৫২ বছৰীয়া লামিনীৰ কালি সন্ধিয়া দক্ষিণ আফ্রিকাৰ এখন হাস্পতালত মৃত্যু হৈছে৷

অৱশ্যে হাস্পতালৰ সূত্রই এতিয়াও লামিনীৰ ক’ভিড–১৯ত মৃত্যু হোৱা বুলি ঘোষণা কৰা নাই৷ এক নিযুত জনসংখ্যাৰ এছৱাটিনিত ক’ভিড–১৯ত এতিয়ালৈকে আক্রান্ত হৈছে ৬,৭৬৮গৰাকী লোক৷ ইফালে, ক’ভিড–১৯ মহামাৰীত প্রাণ হেৰুৱাইছে ১২৭গৰাকী লোকে৷ যোৱা ১৬ নৱেম্বৰত প্রধানমন্ত্রী লামিনীয়ে ক’ভিড–১৯ত আক্রান্ত হোৱা বুলি নিজেই ঘোষণা কৰিছে৷ ১ ডিচেম্বৰত লামিনীক দক্ষিণ আফ্রিকাৰ এখন হাস্পতালত ভর্তি কৰোৱা হৈছিল৷ উপ–প্রধানমন্ত্রী থেম্বা মাছুকুৱে সংবাদ মাধ্যমক জনোৱা অনুসৰি লামিনীৰ মৃতদেহ দক্ষিণ আফ্রিকাৰ পৰা গৃহভূমিলৈ অনাৰ ব্যৱস্থা কৰা হৈছে৷

You might also like