মহামাৰীৰ বিৰুদ্ধে মার্কিন ইতিহাসত বৃহৎ টিকাকৰণ ব্যৱস্থা
নিয়মীয়া বাৰ্তা ১৫ ডিচেম্বৰঃ আমেৰিকাৰ ইতিহাসত মহামাৰী প্রতিৰোধৰ বাবে টিকাকৰণৰ প্রথমবাৰলৈ বৃহৎ অভিযান আৰম্ভ কৰা হৈছে৷ মিচিগানৰ এটা গুদামৰ পৰা দেশখনৰ বৃহৎ দৰব প্রস্তুত কোম্পানী ফাইজাৰ আৰু জার্মানীৰ বায়’এনটেকে প্রস্তুত কৰা ভেকচিন ট্রাকেৰে বিভিন্ন স্থানলৈ প্রেৰণ কৰা হৈছে৷
অপাৰেচন ৱার্প স্পীড আঁচনিৰ অধীনত আমেৰিকাৰ ৬৩৬খন হাস্পতাল আৰু ক্লিনিকসমূহত যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে এই ভেকচিন৷ মিচিগানৰ পৰা আজি ট্রাকেৰে ১,৮৪,২৭৫ চিচি ভেকচিন বিভিন্ন স্থানলৈ প্রেৰণ কৰা হৈছে৷ কাইলৈৰ ভিতৰত দেশখনৰ ৫০খন প্রদেশতেই উপলব্ধ হ’ব ক’ভিড প্রতিৰোধী ভেকচিন৷ ফাইজাৰৰ সূত্রই প্রকাশ কৰা অনুসৰি প্রতিটো গ্লাচ চিচিত আছে পাঁচটাকৈ ভেকচিনৰ ড’জ৷
লক্ষণীয়ভাৱে ফাইজাৰে ভেকচিন প্রস্তুত কৰাৰ সময়তে আমেৰিকাত ক’ৰোনা ভাইৰাছ মহামাৰীত প্রাণ হেৰুওৱা লোকৰ সংখ্যাই ৩ লাখ স্পর্শ কৰাৰ দিশে গতি কৰিছে৷ স্মর্তব্য যে যোৱা শুকুৰবাৰে আমেৰিকাৰ খাদ্য তথা ভেষজ প্রশাসনে ক’ভিড–১৯ ভেকচিন জৰুৰীভাৱে ব্যৱহাৰ কৰাৰ ক্ষেত্রত অনুমোদন জনাইছিল৷ শনিবাৰে দেশখনৰ ৰোগ নিয়ন্ত্রণ তথা প্রতিৰোধৰ ক্ষেত্রত থকা শক্তিশালী কমিটীয়ে এই ভেকচিনবিধ শীঘ্রে জনসাধাৰণক প্রদান কৰাৰ ক্ষেত্রত সিদ্ধান্ত গ্রহণ কৰে৷
দেশখনৰ সংক্রামক ৰোগৰ বিশেষজ্ঞ চিকিৎসক এগৰাকীয়ে ফক্স নিউজক জনোৱা অনুসৰি চলিত বর্ষৰ শেষলৈ অর্থাৎ ডিচেম্বৰ মাহৰ ভিতৰত ১৪ নিযুত লোকক ভেকচিন প্রদান কৰা হ’ব৷ পৰৱর্তী মাহত ৫০ৰ পৰা ৮০ নিযুত ড’জ ভেকচিন প্রদান কৰা হ’ব দেশখনৰ নাগৰিকসকলক৷ মে’, জুন মাহৰ ভিতৰত দেশখনৰ ৭৫ৰ পৰা ৮০ শতাংশ জনসাধাৰণক ভেকচিন প্রদান কৰাৰ চিন্তা–চর্চা চলাব চৰকাৰে৷ অর্থাৎ দেশখনৰ ইতিহাসত ভেকচিন প্রদানৰ ক্ষেত্রত প্রথমবাৰলৈ গ্রহণ কৰা হৈছে যুদ্ধকালীন তৎপৰতা৷