নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ ক’ৰোনা মহামাৰীৰ পৰিপ্রেক্ষিতত বলৱৎ কৰা লকডাউনৰ বাবে কেন্দ্রীয় চৰকাৰৰ প্রত্যক্ষ কৰ সংগ্রহ হ্রাস পাইছে৷ চলিত বিত্তীয় বর্ষৰ ১৫ ডিচেম্বৰলৈকে প্রত্যক্ষ কৰ সংগ্রহ ১৭.৬ শতাংশ হ্রাস পাইছে৷ বিত্তীয় বর্ষ ২০২০–২১ৰ ১৫ ডিচেম্বৰলৈকে অগ্রিম কৰসহ প্রত্যক্ষ কৰ সংগ্রহ ১৭.৬ শতাংশ হ্রাস পাইছে৷
বিগত বিত্তীয় বর্ষৰ এই সময়ছোৱাত প্রত্যক্ষ কৰ সংগ্রহ আছিল ৬.০১ লাখ কোটি টকা৷ ইয়াৰ বিপৰীতে চলিত বর্ষত সংগৃহীত প্রত্যক্ষ কৰ হৈছে ৪.৯৫ লাখ কোটি টকা৷ মানী কণ্ড্র’লত প্রকাশিত প্রতিবেদন মতে ১৫ ডিচেম্বৰলৈকে কর্প’ৰেট কৰ সংগ্রহ হৈছে ২.২৬ লাখ কোটি টকা আৰু ব্যক্তিগত আয়কৰ সংগ্রহ হৈছে ২.৫৭ লাখ কোটি টকা৷
উল্লেখ্য যে কেন্দ্রীয় চৰকাৰে চলিত বর্ষত কর্প’ৰেট কৰ আৰু নতুনকৈ ইনকর্প’ৰেট কোম্পানীসমূহৰ কৰ হাৰ ২৫ শতাংশ আৰু ১৫ শতাংশলৈ হ্রাস কৰাৰ প্রভাৱো পৰিছে প্রত্যক্ষ কৰ সংগ্রহত৷ তাৎপর্যপূর্ণ যে কেন্দ্রীয় চৰকাৰে অক্টোবৰত প্রকাশ কৰা তথ্য মতে চলিত বিত্তীয় বর্ষত বিত্তীয় ঘাটি ৯.১৪ লাখ কোটি হৈছে অর্থাৎ বার্ষিক বাজেটতকৈ ১১৪.৮ শতাংশ বৃদ্ধি পাইছে৷ বছৰটোৰ প্রথম ছমাহত বিত্তীয় ঘাটি বৃদ্ধি পোৱাৰ প্রধান কাৰণ হ্রাস পোৱা ৰাজহ সংগ্রহ৷