নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডঃ বুধবাৰে তিনিমহীয়া শিশুসহ মৃত ৩, আক্রান্ত ৯৭জন

নিয়মীয়া বাৰ্তা, ‍১৭ ডিচেম্বৰঃ অসমত ক’ভিডৰ সংহাৰী ৰূপ এতিয়াও অব্যাহত আছে৷ বুধবাৰে এটি তিনিমহীয়া শিশুসহ তিনিগৰাকী ক’ভিড ৰোগীৰ মৃত্যু হয়৷ ইয়াৰ লগে লগে অসমত ক’ভিডত প্রাণ হেৰুওৱা লোকৰ সংখ্যা ১০০৭গৰাকীলৈ বৃদ্ধি পালে৷

স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটাৰযোগে জনোৱা অনুসৰি, বুধবাৰে কামৰূপ মেট্র’ৰ বিকাশ চন্দ্র চৌধুৰী (৬৮), বাক্সাৰ প্রদীপ ডেকা (৩৫) আৰু চৰাইদেউৰ ছাইনা ধানোৱাৰৰ (৩ মাহ) মৃত্যু হয়৷ মন্ত্রী ড০ শর্মাই তিমিওগৰাকীৰ বিয়োগত গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰে৷ ইপিনে, ৰাজ্যখনত বুধবাৰে নতুনকৈ ৯৭গৰাকী লোক ক’ভিডত আক্রান্ত হয়৷ ইয়াৰে ৩৯গৰাকী গুৱাহাটী মহানগৰীৰ৷ বুধবাৰৰ দিনটোত ৰাজ্যখনত মুঠ ২২,৯৬৯গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ দিনটোত আক্রান্তৰ হাৰ ০.৪২ শতাংশ৷

আনহাতে, সুস্থ হৈ উঠাৰ পৰিপ্রেক্ষিতত বুধবাৰে ৯০গৰাকী লোকক হাস্পতালৰ পৰা ৰিলিজ দিয়া হয়৷ স্মর্তব্য যে এতিয়ালৈ অসমত মুঠ ২,১৫,০৪২ গৰাকী লোক ক’ভিডত আক্রান্ত হয় যদিও ২,১০,৪৮৮ গৰাকী লোক সুস্থ হৈ ঘৰলৈ উভতি গৈছে৷ বর্তমান বিভিন্ন হাস্পতালত ৩,৫৪৪গৰাকী লোক চিকিৎসাধীন হৈ আছে৷ অসমত বর্তমান সুস্থতাৰ হাৰ ৯৭.৮ শতাংশ, সক্রিয় ৰোগীৰ হাৰ ১.৬৪ শতাংশ আৰু মৃত্যুৰ হাৰ ০.৪৭ শতাংশ৷

You might also like