খাৰঘুলিত অজন্তা নেওগৰে মুখ্যমন্ত্রী–বিত্তমন্ত্ৰী ৰুদ্ধদ্বাৰ বৈঠক
নিয়মীয়া বার্তা, ১৮ ডিচেম্বৰঃ গোলাঘাটৰ কংগ্রেছ বিধায়িকা তথা প্রাক্তন মন্ত্রী অজন্তা নেওগে বিজেপিত যোগদান কৰিব বুলি ৰাজনৈতিক মহলত ব্যাপক চর্চাক নতুন মাত্রা প্রদান কৰি কালি নিশাৰ ভাগত মুখ্যমন্ত্রীৰ খাৰঘুলিস্থিত চৰকাৰী বাসভৱনত উপস্থিত হয় কংগ্রেছ নেত্রীগৰাকী৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ লগতে ‘নেডা’ৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে দীঘলীয়া সময়জুৰি এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় অজন্তা নেওগ৷ বিভিন্ন মহলত হোৱা চর্চা অনুসৰি অচিৰেই বিজেপিত যোগদান সম্পর্কতে অজন্তা নেওগে কালি নিশা মুখ্যমন্ত্রী সোণোৱাল আৰু মন্ত্রী ড০ শর্মাৰ সৈতে আলোচনাত মিলিত হয়৷
মন কৰিবলগীয়া এয়ে যে আজি দিনৰ ভাগত অসম বিধানসভাৰ চেণ্ড্রেল হলত কংগ্রেছ বিধায়িনী দলৰ তৰফৰ পৰা প্রয়াত মুখ্যমন্ত্রী তৰুণ গগৈক শ্রদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে এখন স্মৃতিচাৰণ সভাৰ আয়োজন কৰে৷ সেই স্মৃতিচাৰণ সভাত অন্যান্যসকলৰ দৰে দলৰ প্রতিগৰাকী বিধায়কক উপস্থিত থাকিবলৈ বিধায়িনী দলৰ নেতা দেৱব্রত শইকীয়াই আমন্ত্রণ জনাইছিল৷ কিন্তু অতি লক্ষণীয়ভাৱে কোনো কাৰণ নজনোৱাকৈ সেই স্মৃতিচাৰণ সভাত উপস্থিত থকাৰ পৰা বিৰত থাকে বিধায়ক নেওগ৷ তেওঁৰ লগতে বিজেপিত যোগদান কৰিব বুলি চর্চা চলি থকা সৰুপথাৰ সমষ্টিৰ বিধায়ক ৰ’জলীনা তির্কীয়েও স্মৃতিচাৰণ সভাত অনুপস্থিত থাকে৷ তদুপৰি ডুমডুমাৰ বিধায়ক দুর্গা ভূমিজ, চেঙাৰ বিধায়ক শুকুৰ আলী, লাহৰীঘাটৰ বিধায়ক ডাঃ নজৰুল ইছলাম আদিকে ধৰি আন একাংশও উপস্থিত নাথাকিল৷
লক্ষণীয় যে দিনৰ ভাগত দলীয় কার্যসূচীত অনুপস্থিত থকা অজন্তা নেওগে নিশাৰ ভাগত মুখ্যমন্ত্রী সোণোৱাল আৰু মন্ত্রী ড০ শর্মাৰ সৈতে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হোৱা ঘটনাই বিশেষ তাৎপর্য বহন কৰিছে৷ ইপিনে, প্রদেশ কংগ্রেছৰ নেতৃত্বক কেন্দ্র কৰি চলি অহা সংঘাত এতিয়াও অব্যাহত আছে৷ প্রয়াত মুখ্যমন্ত্রী গগৈৰ স্মৃতিচাৰণ সভাত অংশগ্রহণ কৰি সংবাদ মাধ্যমৰ আগত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে পুনৰ প্রদেশ কংগ্রেছৰ নেতৃত্বৰ পৰিৱর্তন দাবী কৰি কয় যে দলত ইতিমধ্যে পদত্যাগৰ ধুম উঠিছে৷ প্রদেশ কংগ্রেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ ড০ ভগীৰথ কৰণ, তথ্য–প্রযুক্তি বিভাগৰ অধ্যক্ষ অপূর্ব কুমাৰ ভট্টাচার্যই দলীয় বিষয়বাবৰ পৰা পদত্যাগ কৰিছে৷
বিটিচি নির্বাচনত শ্রীৰামপুৰ পৰিষদীয় সমষ্টিৰ পৰা জয়লাভ কৰা কংগ্রেছৰ একমাত্র এমচিএলএ সজল সিনহাই ইতিমধ্যে দলত্যাগ কৰি বিজেপিত যোগদান কৰিছে৷ দলৰ নেতৃত্বৰ প্রতি বিশ্বাস হেৰুৱাই তেওঁলোকে হয়তো কংগ্রেছ এৰিবলৈ আৰম্ভ কৰিছে৷ ইয়াৰ বাবে তেওঁ প্রদেশ কংগ্রেছৰ নেতৃত্ব সলনিৰ দাবী উত্থাপন কৰি নতুন বছৰত নতুন নেতৃত্বৰে দলটোক আগুৱাই নিয়াৰ আহ্বান জনায়৷ ইপিনে, বহুচর্চিত মিত্রজোঁট সম্পর্কত বাঁওপন্থী নেতা হেমেন দাসে কংগ্রেছে এদিন এটা, আন এদিন এটা কথা কোৱাৰ প্রসংগ উল্লেখ কৰি ইয়াৰ ফলত ৰাইজৰ আস্থা হেৰুৱাব বুলিহে কংগ্রেছ নেতৃত্বক সকীয়াই দিয়ে৷