দুই শতাধিক সতীর্থসহ বিজেপিলৈ কৰিমগঞ্জৰ যুৱ কংগ্রেছী
নিয়মীয়া বার্তা, ১৮ ডিচেম্বৰঃ আগন্তুক বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বৰাকত কংগ্রেছ–এআইইউডিএফ এৰি বিজেপিত যোগদান অব্যাহত আছে৷ কংগ্রেছ দলৰ দুই শতাধিক কর্মীক লৈ আজি কৰিমগঞ্জৰ যুৱ কংগ্রেছৰ প্রাক্তন সভাপতি ৰাজশেখৰ দত্তই বিজেপিত যোগদান কৰিছে৷ কৰিমগঞ্জ জিলা বিজেপিৰ সভাপতি সুব্রত ভট্টাচার্যৰ সভাপতিত্বত অনুষ্ঠিত এখন কর্মীসভাত ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মাই গামোচাৰে যুৱ নেতা ৰাজশেখৰ দত্তক দললৈ আদৰণি জনায়৷
বিজেপি দলত যোগদান কৰি সাংবাদিকৰ আগত ৰাজশেখৰ দত্তই কয় যে এবছৰ আগতেই কংগ্রেছ দলৰ পৰা পদত্যাগ কৰিছিল৷ বিজেপি দলৰ ৰাষ্ট্রীয়তাবাদ–দেশপ্ আৰু প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নীতি–আদর্শ, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বৰাকৰ প্রতি আন্তৰিকতা আদিত অনুপ্রাণিত হৈ তেওঁ বিজেপিত যোগদান কৰে৷ তেওঁ কয় যে সকলো উন্নয়নমূলক আঁচনি বিজেপি চৰকাৰে অতি নিকা–স্বচ্ছভাৱে ৰূপায়ণ কৰিছে৷ কাম–কাজৰ পৰা ৰাইজ উপকৃত হৈছে৷ ইয়াৰ বাবে বিজেপি দলেই চৰকাৰ গঠন কৰিব বুলি দাবী কৰে তেওঁ৷