নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’লা বজাৰত বিক্রীৰ বাবে মজুত ইউৰিয়া জব্দ, গুদাম ছীল

নিয়মীয়া বার্তা,  ১৮  ডিচেম্বৰঃ নলবাৰীৰ উপায়ুক্ত পূৰৱী কোঁৱৰৰ নির্দেশমর্মে নলবাৰী জিলা কৃষি বিভাগে দৌলাশাল আৰক্ষী চকীৰ অন্তর্গত কাপলাবডীত আকস্মিক অভিযান চলাই বিক্রীৰ বাবে অবৈধভাৱে মজুত কৰি ৰখা বুজন পৰিমাণৰ ইউৰিয়া জব্দ কৰাৰ লগতে গুদাম এটা ছীল কৰে৷ নলবাৰী জিলাৰ ভাৰপ্রাপ্ত কৃষি বিষয়া লক্ষ্মী দত্তৰ নেতৃত্বত বৰক্ষেত্রী ৰাজহ চক্র বিষয়া কণকণ শর্মাৰ উপস্থিতিত কৃষি বিভাগৰ দল এটাই দৌলাশাল আৰক্ষীৰ সহযোগত কাপলাবডীৰ কেইবাটাও বীজ ভাণ্ডাৰত অভিযান চলাই প্রতিষ্ঠানসমূহৰ যাৱতীয় নথি–পত্রসমূহ তন্নতন্নকৈ পৰীক্ষা কৰে৷ কাপলাবডী চ’ক বজাৰৰ ‘মাৰ আশীর্বাদ বীজ ভাণ্ডাৰত’ অভিযান চলোৱাত পোহৰলৈ আহে কৃষকৰ বাবে সুলভ মূল্যত যোগান ধৰা ইউৰিয়া সাৰ অবৈধভাৱে বিক্রী কৰি থকাৰ তথ্য৷ ব্যৱসায়িক প্রতিষ্ঠানখনৰ স্বত্বাধিকাৰী জাকিৰ হুছেইনৰ গুদাম ঘৰত অভিযান চলোৱাত অবৈধভাৱে মজুত কৰি ৰখা বুজন পৰিমাণৰ ইউৰিয়া সাৰ দেখি চকু কপালত উঠে অভিযানকাৰী দলটোৰ৷

গুদামটোত মজুত কৰি ৰখা ইফকো কোম্পানীৰ ইউৰিয়া সাৰখিনি পৰৱর্তী সময়ত কৃষি বিভাগৰ দলটোৱে জব্দ কৰি বৰক্ষেত্রী ৰাজহ চক্র বিষয়া তথা দণ্ডাধীশ কণকণ শর্মাৰ উপস্থিতিত গুদামটো ছীল কৰি দিয়ে৷ জব্দকৃত ইউৰিয়া সাৰখিনিৰ (২১৩ বেগ) আনুমানিক বজাৰ মূল্য লক্ষাধিক টকা হ’ব৷ উল্লেখ্য যে ‘মাৰ আশীর্বাদ বীজ ভাণ্ডাৰৰ’ স্বত্বাধিকাৰী জাকিৰ হুছেইনে যাৱতীয় অনুজ্ঞা(IFMS ID) অবিহনে আন জিলাৰ পৰা কৃষকৰ বাবে যোগান ধৰা সুলভ মূল্যৰ সাৰখিনি অবৈধভাৱে ক্রয় কৰি আনি অধিক দামত ক’লা বজাৰত বিক্রী কৰি আহিছিল৷

ভাৰপ্রাপ্ত জিলা কৃষি বিষয়া লক্ষ্মী দত্তই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, ইফকো কোম্পানীৰ ইউৰিয়া সাৰখিনি প্রতিখন জিলাৰ একো একোজন কৃষকক সুলভ মূল্যত যোগান ধৰা হয়৷ কিন্তু ‘মাৰ আশীর্বাদ বীজ ভাণ্ডাৰৰ’ স্বত্বাধিকাৰী জাকিৰ হুছেইনে আন জিলাৰ পৰা’IFMS ID’ অবিহনেই অবৈধভাৱে সাৰখিনি ক্রয় কৰি আনি ক’লা বজাৰত বিক্রী কৰি আহিছিল৷ নলবাৰী জিলা কৃষি বিভাগৰ অভিযানকাৰী দলটোৰ স’তে থকা বৰক্ষেত্রী মহকুমা কৃষি বিষয়া নীলমণি মেধি, বৰক্ষেত্রী কৃষি বিষয়া (কুহিয়াৰ) ৰমেশ শর্মা, বৰক্ষেত্রীৰ কৃষি উন্নয়ন বিষয়া ক্রমে দীপশিখা গোস্বামী, উর্মিল বৰঠাকুৰে কাপলাবডীৰ বীজ ভাণ্ডাৰসমূহক সাপ্তাহিক বজাৰত মুকলিভাৱে বীজ, সাৰ বিক্রী নকৰিবলৈও সতর্ক কৰি দিয়ে৷

You might also like