নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বলপূর্বক ধর্মান্তৰৰ বিৰুদ্ধে হিমাচলত কার্যকৰী আইন

নিয়মীয়া বাৰ্তা ২১ ডিচেম্বৰঃ বলপূর্বক ধর্মান্তৰত জড়িত লোকৰ বিৰুদ্ধে কঠোৰ শাস্তি প্রদান কৰিবলৈ হিমাচল প্রদেশে প্রণয়ন কৰিছে নতুন আইন৷ হিমাচল প্রদেশ ফ্রিডম অৱ ৰিলিজন এক্ট, ২০১৯ এতিয়া কার্যকৰী হ’ব ৰাজ্যখনত৷ ৰাজ্যখনৰ গৃহ বিভাগে শুকুৰবাৰে এই সন্দর্ভত জাননী জাৰি কৰিছে৷ উল্লেখনীয় যে ২০১৯ত বিধানসভাত ২০০৬ চনৰ আইনৰ পৰিৱর্তে এই নতুন আইন গৃহীত কৰা হৈছিল৷ বিজেপিশাসিত ৰাজ্যখনত আইনখন গৃহীত কৰাৰ প্রায় এবছৰ পিছতহে কার্যকৰী কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে৷

You might also like