ষ্ট্রোকঃ এটা অত্যন্ত জৰুৰী স্থিতি
ডাঃ চন্দন বৰুৱা
ষ্ট্রোক এটা অতি জৰুৰী স্থিতি৷ ষ্ট্রোকে শৰীৰৰ স্নায়ুতন্ত্রত স্থায়ীভাৱে ক্ষতি কৰি নানা জটিলতা আনিব পাৰে আৰু মৃত্যুও হ’ব পাৰে৷ সাধাৰণ মানুহৰ ষ্ট্রোকৰ প্রতি সজাগতা নথকা বাবে ষ্ট্রোকৰ লক্ষণসমূহ অৱহেলা কৰে৷ কিন্তু লক্ষণসমূহ আগতীয়াকৈ নির্ণয় কৰা একান্ত প্রয়োজন৷
কাৰণ যিমান সময় চিকিৎসা নকৰাকৈ থাকিব, সিমান সময় প্রতিছেকেণ্ডত ৩২,০০০ হাজাৰ মগজুৰ কোষৰ (চেল)ৰ মৃত্যু হ’ব পাৰে৷ গোটেই বিশ্বতে সর্বাধিক মৃত্যুৰ কাৰণসমূহৰ ভিতৰত ষ্ট্রোক দ্বিতীয় স্থানত আছে৷ ভাৰতবর্ষত প্রতিবছৰে ১.৮ নিযুত ভাৰতীয়ই ষ্ট্রোকত ভোগে৷ আমাৰ দেশত প্রতিবছৰে ষ্ট্রোক ৰোগীৰ সংখ্যা ৫০ শতাংশ বৃদ্ধি পাইছে৷ আটাইতকৈ যন্ত্রণাদায়ক হৈছে– গুৰুতৰভাৱে হোৱা ষ্ট্রোকৰ ৪০ শতাংশৰ মৃত্যু হয়, ৩০ শতাংশৰ সম্পূর্ণ প্রতিপালনৰ আৱশ্যক হয় আৰু ৩০ শতাংশ নিজৰ কর্মক্ষেত্রলৈ ঘূৰি যাবলৈ অসমর্থ হ’ব৷ ষ্ট্রোকত যিহেতু নিযুত নিযুত মগজৰ কোষৰ অক্সিজেনৰ অভাৱত মৃত্যু হ’ব, সেইবাবে যিমান সোনকালে পাৰে ষ্ট্রোকৰ চিকিৎসা কৰা প্রয়োজন৷ ষ্ট্রোক হোৱাৰ ৩ৰ পৰা ৪.৩০ ঘণ্টাৰ ভিতৰত চিকিৎসা কৰা আৱশ্যক৷ ৮ ঘণ্টাৰ পাছত চিকিৎসা সফল নহয় আৰু ৰোগীয়ে সুস্থ অৱস্থা ঘূৰাই নাপায়৷ এনে ৰোগীয়ে গোটেই জীৱন অচল (পেৰেলাইছিছ) হৈ থাকিব লাগিব৷ নিজৰ দৈনন্দিন কাম–কাজ নিজে কৰিব নোৱাৰিব আৰু খোৱা–বোৱা, প্রস্রাৱ কৰা, শৰীৰ চাফা কৰা, বিছনাত বাগৰ সলোৱা আদি সম্পূর্ণৰূপে আনৰ ওপৰত নির্ভৰশীল হ’ব লাগিব৷ সেইবাবে ঘৰলৈ চিকিৎসক মাতি সময় নষ্ট নকৰি সোনকালে এখন ভাল চিকিৎসালয়ত ভর্তি কৰোৱা প্রয়োজন৷
ষ্ট্রোক মানে কি ঃ যেতিয়া মগজুৰ এটা অংশত তেজ চলাচল বন্ধ হৈ যায়, তেনে স্থিতিকে চিকিৎসা বিজ্ঞানত ষ্ট্রোক বুলি কোৱা হয়৷ তেজ প্রৱাহ বন্ধ হোৱাৰ বাবে মগজুৰ কোষবোৰ (ব্রেইন চেল) অক্সিজেন পোৱাৰ পৰা বঞ্চিত হৈ মৃত্যু হয়৷ মগজুৰ বিভিন্ন অংশই শৰীৰ বিভিন্ন কার্য নিয়ন্ত্রণ কৰে, যেনে– হাত–ভৰি লৰচৰ কৰা, কথা কোৱা, স্মৃতিশক্তি ইত্যাদি৷ মগজুৰ যি অংশৰে কোষবোৰৰ মৃত্যু হ’ব, সেই অংশই নিয়ন্ত্রণ কৰা শৰীৰৰ কার্যসমূহ হেৰুৱাব, যেনে– হাত–ভৰি লৰচৰ কৰিব নোৱাৰিব, কথা ক’ব নোৱাৰিব, স্মৃতিশক্তি লোপ পাব ইত্যাদি৷ এজন ব্যক্তিৰ শৰীৰৰ কিমান ক্ষতি হ’ব, সেইটো মগজুৰ কোনখিনি অংশ বা কিমানখিনি অংশৰ ষ্ট্রোক হৈছে তাৰ ওপৰত নির্ভৰ কৰিব৷ উদাহৰণস্বৰূপে খুব সৰু ষ্ট্রোক হ’লে সাময়িকভাৱে হাত–ভৰিৰ দুর্বলতা আহিব পাৰে৷ যদি ষ্ট্রোক বেছিকৈ হয়, তেন্তে ব্যক্তিজনৰ এটা ফাল স্থায়ীভাৱে অচল (পেৰেলাইছিছ) হৈ যাব বা কথা ক’ব নোৱাৰা হৈ যাব৷ কিছুসংখ্যক ষ্ট্রোকত ৰোগী সম্পূর্ণকৈ সুস্থ হৈ উঠে৷ কিন্তু বেছিসংখ্যক ৰোগীৰেই কিবা শাৰীৰিক অক্ষমতা থাকি যাব৷
ষ্ট্রোকৰ লক্ষণসমূহ–
(১) বিভ্রান্ত হোৱা বা সচেতন (কনছিয়াছনেছ) অৱস্থাৰ পৰিৱর্তন হোৱা (২) শৰীৰৰ এটা ফাল দুর্বল হোৱা বা অচল হৈ পৰা৷ (৩) হঠাৎ কোনো কাৰণ নোহোৱাকৈ মূৰৰ বিষ৷ (৪) হঠাৎ মুখ, হাত, ভৰি বা শৰীৰৰ এটা ফাল অসাৰ অনুভৱ কৰা৷ (৫) চকুৰে ভালকৈ নেদেখা, ধূসৰকৈ দেখা৷ (৬) এটা বস্তুকে দুটা দেখা৷ (৭) কথা ক’বলৈ কষ্ট হোৱা বা কিবা ক’লে বুজিবলৈ অসুবিধা হোৱা, লেবাই কথা কোৱা৷ (৮) নিজৰ ভাৰসাম্য হেৰুওৱা বা মূৰ ঘূৰোৱা, খোজকাঢ়িবলৈ কষ্ট হোৱা৷
কোনো ব্যক্তিৰ ষ্ট্রোক হৈছে বুলি কেনেকৈ জানিব ঃ
ওপৰত উল্লেখ কৰা হৈছে যে ষ্ট্রোক এটা মেডিকেল ইমার্জেঞ্চী, ষ্ট্রোকৰ লক্ষণ দেখা দিয়াৰ পৰা চিকিৎসা আৰম্ভ ৩ৰ পৰা ৪.৫ ঘণ্টাৰ ভিতৰত কৰিব লাগে, যাতে মগজুলৈ তেজ চলাচল পুনৰ প্রতিষ্ঠা কৰিব পাৰি৷ ষ্ট্রোক আৰম্ভ হোৱা ব্যক্তিজনে, পৰিয়ালবর্গই বা বন্ধু–বান্ধৱে তলত উল্লেখ কৰা লক্ষণকেইটাৰ পৰা ষ্ট্রোক হৈছে বুলি সন্দেহ কৰি তৎক্ষণাত চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিব লাগে৷ লক্ষণসমূহ হ’ল–
(১) মুখৰ এটা ফাল বেঁকা হৈ যোৱা (ফেচ ড্রপিং) (২) হাতত দুর্বলতা অনুভৱ কৰা (৩) কথা ক’বলৈ কষ্ট হোৱা৷
খৰতকীয়া চিকিৎসাই ষ্ট্র’কৰ ফলাফল প্রতিৰোধ কৰে–
(১) মগজুৰ ক্ষতি (২) দীর্ঘস্থায়ী শাৰীৰিক অক্ষমতা (৩) মৃত্যু৷ সেইবাবে প্রত্যেক ব্যক্তিয়ে ষ্ট্রোকৰ লক্ষণসমূহ মনত ৰখা উচিত আৰু এনে লক্ষণ দেখিলেই এম্বুলেঞ্চ মতা উচিত৷
ষ্ট্রোকৰ সম্ভাৱনা বৃদ্ধি হোৱা কাৰকসমূহ–
(১) উচ্চ ৰক্তচাপ (২) ৰক্তত কলেষ্টেৰলৰ মাত্রা বৃদ্ধি (৩) ধূমপান (৪) ডায়েবেটিছ (৫) বয়স বাঢ়ি যোৱাৰ লগে লগে সম্ভাৱনা বৃদ্ধি পায়৷
ষ্ট্রোক কেনেকৈ প্রতিৰোধ কৰিব–
(১) ধূমপান ত্যাগ কৰক, আপুনি যদি ধূমপান কৰে, ধূমপান এতিয়াই ত্যাগ কৰিলেও ষ্ট্রোকৰ সম্ভাৱনা হ্রাস পাব৷ (২) সুৰাপান নকৰিব বা খুব কম মাত্রাত কৰিব৷ সুৰাপানে ৰক্তচাপ বৃদ্ধি কৰে৷ (৩) শৰীৰৰ ওজন কমাই ৰাখিব৷ মেদবহুলতা বা বেছি ওজনে ষ্ট্রোকৰ সম্ভাৱনা বৃদ্ধি কৰে৷ ফলমূল আৰু শাক–পাচলি অধিক খাব৷ চর্বিজাতীয় খাদ্য নাখাব৷ (৪) নিষ্কর্মা জীৱনে ষ্ট্রোকৰ সম্ভাৱনা বৃদ্ধি কৰে৷ নিজকে সক্রিয় ৰাখক৷ সপ্তাহত কেইদিনমান খৰকৈ খোজ কাঢ়ক৷ (৫) নিয়মিত স্বাস্থ্য পৰীক্ষা কৰাওক৷ (৬) উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছ সদায় নিয়ন্ত্রণত ৰাখক৷ কলেষ্টেৰলৰ মাত্রা নিয়ন্ত্রণ কৰিবলৈ চিকিৎসকৰ পৰামর্শ লওক৷ (৭) ষ্ট্রোকৰ লক্ষণসমূহৰ প্রতি সজাগ হওক৷ ষ্ট্রোকৰ সন্দেহ হ’লে ততালিকে চিকিৎসালয়ত ভর্তি কৰাওক৷