নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বড়োলেণ্ড বিশ্ববিদ্যালয় চিআইটিত বিটিচিৰ মুখ্য কার্যবাহী প্রমোদ বড়ো

নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলৰ চাৰিগৰাকী সদস্যই প্রমোদ বডো নেতৃত্বাধীন বিটিচি চৰকাৰৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা লেখ আবেদনৰ শুনানি মঙলবাৰে অনুষ্ঠিত হ’ব৷ এই শুনানিৰ পূর্বে আজি বিটিচিৰ মুখ্য কার্যবাহী প্রমোদ বডোৱে সংবাদ মাধ্যমৰ আগত কয় যে নিশ্চিতভাৱে গোচৰত তেওঁলোকেই জয়ী হ’ব৷ প্রমোদ বড়োৱে কয় যে বি পি এফে নেতিবাচক মানসিকতাৰে বি টি আৰৰ ওপৰতে গোচৰ তৰাৰ দৰে হৈছে৷

ইয়াৰ পূর্বেও ৰাজ্যপালৰ শাসনক প্রত্যাহ্বান জনাই বি পি এফে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল যদিও মুখথেকেচা খাইছে বুলি মন্তব্য কৰি প্রমোদ বডোৱে কয় যে ন্যায়ালয়ৰ ৰায়দানৰ পিছতে আন নির্বাচিত সদস্যসকলৰ শপত গ্রহণ হ’ব আৰু তাৰ পিছতে পূর্ণাংগ পর্যায়ত চৰকাৰী কাম–কাজ চলিব৷ বি পি এফে বিৰোধীৰ ভূমিকা পালন কৰা সন্দর্ভত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত প্রমোদ বডোৱে কয় যে বিৰোধীয়ে গঠনমূলক ভূমিকা পালন কৰিলে সেয়া গণতন্ত্রৰ বাবেই শুভলক্ষণ৷ বি পি এফে গঠনমূলক নে নেতিবাচক ভূমিকা পালন কৰিব সেয়া চাই লওঁ বুলি মত প্রকাশ কৰে প্রমোদ বডোৱে৷ লিলি হোটেলৰ পৰা শ্বিলঙলৈ নিয়া নির্বাচিত সদস্যসকলৰ স্থিতি সন্দর্ভত সাংবাদিকে প্রশ্ণ উত্থাপন কৰাত প্রমোদ বডোৱে কয় যে নির্বাচনৰ সময়ত তেওঁলোকে বহু কষ্ট কৰিছে আৰু এতিয়া অলপ ফুৰিবলৈ গৈছে৷ উল্লেখ্য যে আজি বিটিচিৰ মুখ্য কার্যবাহী প্রমোদ বডোৱে বডোলেণ্ড বিশ্ববিদ্যালয় চৌহদত গুৰুদেৱ কালিচৰণ ব্রহ্মৰ আবক্ষ মূর্তিৰ আধাৰশিলা স্থাপন কৰে৷

ইয়াৰ উপৰি বডোলেণ্ড বিশ্ববিদ্যালয়ৰ বায়োটেকন’লজী বিভাগৰ লেব’ৰেটৰী পৰিদর্শন কৰি তেওঁ অভিভূত হৈ পৰে৷ বডোলেণ্ড বিশ্ববিদ্যালয়ৰ বায়োটেকন’লজীক বিভাগৰ লেব’ৰেটৰী এছিয়াৰ ভিতৰতে সর্ববৃহৎ বুলি মন্তব্য কৰি প্রমোদ বডোৱে মাশ্বৰুম উৎপাদনথলীও পৰিদর্শন কৰি বিভাগীয় কাম–কাজৰ শলাগ লয়৷ আনহাতে, বালাগাঁওস্থিত কেন্দ্রীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠানত গ্রামাঞ্চলত মহিলা উদ্যোগীকৰণ সন্দর্ভত এক ছেমিনাৰতো অংশগ্রহণ কৰি বিটিচিৰ মুখ্য কার্যবাহী প্রমোদ বডোৱে মহিলাৰ সবলীকৰণ, উন্নয়নত গুৰুত্ব আৰোপ কৰা হ’ব বুলি মন্তব্য কৰে৷

You might also like