ডিব্রুগড বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত শীর্ষস্থান দেৱজিতৰ
নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ এটা জৰাজীর্ণ আৱাস গৃহ , যিটো গৃহত বসবাস কৰে এজন মেধাৱী ছাত্রই৷ জুয়ে পোৰা সোণ হৈ উজলিছে মাজুলীৰ এইজন ছাত্র৷ ডিব্রুগড বিশ্ববিদ্যালয়ৰ সদ্যঘোষিত স্নাতক চূডান্ত বর্ষৰ পৰীক্ষাত মাজুলী মিলনপুৰ গাঁৱৰ দেৱজিৎ শইকীয়াই সুখ্যাতিৰে উত্তীর্ণ হৈ মাজুলীলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ দেৱজিৎ শইকীয়াই পূব মাজুলী মহাবিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীর্ণ হৈ ডিব্রুগডৰ বিশ্ববিদ্যালয়ৰ ভিতৰত অসমীয়া বিযয়ত প্রথম শ্রেণীৰ প্রথম স্থান লাভ কৰিবলৈ সক্ষম হয়৷
আর্থিকভাৱে অতি দুর্বল পৰিয়ালৰ ছাত্র দেৱজিৎ শইকীয়াৰ এনে সাফল্যই মহাবিদ্যালয়খনৰ লগতে মাজুলীবাসী, মিলনপুৰত আনন্দৰ জোৱাৰ তুলিছে৷ দেৱজিৎ শইকীয়াই ৮৩.০৭ শতাংশ নম্বৰ লাভ কৰি মেধাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হয়৷ শ্রীৰাম মিলনপুৰ গাঁৱৰ দিলীপ শইকীয়া আৰু কৌশল্যা শইকীয়াৰ পুত্র দেৱজিতে শিক্ষাগ্রহণৰ সমান্তৰালকৈ ঘৰখনৰ দায়িত্ব বহন কৰা, নিজৰ পঢ়াৰ খৰচ যোগাৰ কৰা, শাৰীৰিক বাধাগ্রস্ত দেউতাকক প্রতিপালন কৰা, ইফালে ৰুগীয়া মাতৃৰ চিকিৎসাৰ বাবে ঔষধ আদি ক্রয় কৰাৰ সকলো চিন্তা দেৱজিতে নিজেই কৰিব লগা হৈছিল৷ তাৰ মাজতে পঢ়া–শুনা কৰি এটা সন্তোষজনক ফলাফল লাভ কৰিবলৈ সক্ষম হোৱা দেৱজিৎ যেন বোকাত ফুলা এপাহ পদুম ফুল৷