অলৌ গুটি–টলৌ গুটি হাগ্রামা আতংকঃ শ্বিলঙৰ পৰা এইবাৰ ডাউকী পালেগৈ প্রমোদৰ পাৰিষদ
মঘালয়ৰ পর্যটনস্থলী পৰিদর্শনৰ অচিলাৰে সাত দিনে আঁতৰি আছে বিটিএডিৰ পৰা ঃ মহিলাৰীৰ হর্ছ ট্রেডিঙৰ আশংকা নস্যাৎ কৰি প্রমোদৰ দাবী ‘ন্যায়ালয়ৰ শুনানিত আমাৰেই জয় হ’ব’
নিয়মীয়া বাৰ্তা ২২ ডিচেম্বৰঃ হাগ্রামাৰ ভূতে খেদি ফুৰিছে প্রমোদ বড়ো নেতৃত্বাধীন বিটিচিৰ নৱগঠিত পৰিষদখনক৷ যিকোনো মুহূর্ততে হাগ্রামা মহিলাৰীয়ে বিটিচিৰ ৰাজনৈতিক সমীকৰণ সলনি কৰাৰ শংকা কৰিয়েই ইউ পি পি এল–বিজেপি–জি এছ পি মিত্রজোঁটে বিটিচিত পৰিষদ গঠনৰ পাছতো দল তিনিটাৰ পাৰিষদসকলে বিগত এসপ্তাহ ধৰি অলৌ গুটি–টলৌ গুটি হৈ ঘূৰি ফুৰিব লগা হৈছে৷ যোৱা ১৫ ডিচেম্বৰত গুৱাহাটীৰ হোটেল লিলিৰ পৰা কোকৰাঝাৰত গৈ শপতগ্রহণ কৰিয়েই পুনৰ হোটেল লিলিলৈ উভতি আহে৷ যোৱা ১৮ ডিচেম্বৰলৈ গুৱাহাটীৰ হোটেল লিলিত আবদ্ধ হৈ থকাৰ পাছত পাৰিষদসকল যোৱা ১৯ ডিচেম্বৰত শ্বিলঙলৈ ৰাওনা হয়৷ কালি চেৰাপুঞ্জী আৰু আজি তেওঁলোকে ডাউকীকে ধৰি মেঘালয়ৰ বিভিন্ন পর্যটনস্থলী ভ্রমণ কৰি সময় অতিবাহিত কৰিছে৷ মন কৰিবলগীয়া এয়ে যে যিকোনো নির্বাচনৰ ফলাফল প্রকাশৰ পাছতেই প্রতিটো দলৰ বিজয়ী প্রার্থীসকল আনকি নির্দলীয়সকলেও জয়লাভৰ প্রমাণ–পত্র সংগ্রহ কৰি ৰাইজৰ কাষলৈ যায়৷ জয়লাভৰ দিনৰে পৰা বেচ কিছুদিন তেওঁলোকে ৰাইজৰ পৰা সম্বর্ধনা আদি গ্রহণ কৰে৷ পিছে এইবাৰ বিটিচিত দেখা গৈছে সম্পূর্ণ ব্যতিক্রমী পৰিৱেশ৷ ইউ পি পি এল–বিজেপি–জি এছ পিয়ে বিটিচিত পৰিষদ গঠনৰ এসপ্তাহ হ’ল যদিও আজিলৈকে তেওঁলোকে ৰাইজ আৰু পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ থাকিবলগীয়া হৈছে৷ মূলতঃ হাগ্রামা মহিলাৰীয়ে যিকোনো প্রকাৰে বিটিচিত ৰাজনৈতিক সমীকৰণ সলনি কৰাৰ শংকা কৰিয়েই বিটিচিৰ শাসকপক্ষই তেওঁলোকৰ নির্বাচিত জনপ্রতিনিধিসকলক্ ৰাইজৰ মাজলৈ যোৱাৰ পৰা নিলগাই ৰাখিছে৷
এই অৱস্থা বর্তি থকাৰ মাজতেই আজি আচম্বিতে বি পি এফপ্রধান তথা বিটিচিৰ প্রাক্তন মুখ্য কার্যবাহী সদস্য হাগ্রামা মহিলাৰীয়ে সকলো ধৰণৰ চৰকাৰী নিৰাপত্তাৰক্ষী এৰি দিয়ে৷ বি টি এ ডিৰ আই জি পি অনুৰাগ আগৰৱালালৈ এখন পত্রযোগে (নং বি পি এফ/কোকৰাঝাৰ ২৫১–২০২০) তেওঁৰ সৈতে নিয়োজিত হৈ থকা গৃহৰক্ষী, নিৰাপত্তাৰক্ষী আৰু এছক’ট বেটেলিয়ন সকলো এৰি দিয়াৰ তথ্য অৱগত কৰে৷ পত্রখনত মহিলাৰীয়ে কয় যে আজিৰে পৰা কার্যকৰী হোৱাকৈ তেওঁ সকলো গৃহৰক্ষী, নিৰাপত্তাৰক্ষী, এছক’ট বেটেলিয়ন এৰি দিয়ে৷ আপাত দৃষ্টিত মহিলাৰী বিটিচিৰ শাসনভাৰৰ পৰা আঁতৰাৰ পৰিপ্রেক্ষিততে সকলো চৰকাৰী নিৰাপত্তাৰক্ষী আনকি গৃহৰক্ষী এৰা যেন লাগিলেও ৰাজনৈতিক মহলৰ বহুতে ইয়াৰ আঁৰত হাগ্রামাৰ আন ৰাজনৈতিক অভিসন্ধি থকাৰহে সন্দেহ ব্যক্ত কৰে৷ মহিলাৰীয়ে ইতিমধ্যে ৰাইজৰ বৃহত্তৰ স্বার্থৰ প্রতি লক্ষ্য ৰাখি বিটিচিত বিৰোধীৰ আসনত বহিব বুলি প্রকাশ কৰিও বি পি এফেই বিটিচিত চৰকাৰ কৰিব বুলি কালি আনকি ৰাজহুৱাকৈ বাজি ৰাখে৷ তাৰ পাছতেই আজি মহিলাৰীয়ে সকলো নিৰাপত্তাৰক্ষী এৰি দিয়ে৷ বহুতৰে সন্দেহ এইবাৰ হাগ্রামা মহিলাৰীয়ে হাতে–কামে হর্ছ ট্রেডিঙৰ কামত নামি পৰিব৷ তেওঁৰ ঘৰত বা লগত চৰকাৰী নিৰাপত্তাৰক্ষী থাকিলে সকলো গতিবিধিৰ সবিশেষ চৰকাৰী পক্ষই লাভ কৰি থাকে৷ ফলত অজ্ঞাত স্থানত বহি হর্ছ ট্রেডিঙৰ কাম–কাজ চলোৱাত যথেষ্ট অসুবিধা আহি পৰে৷ এতিয়া যাতে অজ্ঞাত স্থানত বাহৰ পাতি হর্ছ ট্রেডিঙৰ কাম ইচ্ছানুসৰি চলাব পাৰে বা সেই দিশত যেতিয়াই–তেতিয়াই য’তে–ত’তে যাব পাৰে, তাৰ সুবিধালৈ চায়েই তেওঁ এই নতুন পদক্ষেপ গ্রহণ কৰিছে বুলি ধাৰণা কৰা হৈছে৷ ইপিনে বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে সংবাদ মাধ্যমৰ আগত হাগ্রামা মহিলাৰীয়ে হর্ছ ট্রেডিং কৰিব নোৱাৰে বুলি মন্তব্য কৰি কয় যে হর্ছ ট্রেডিং নহয়, হাগ্রামাই হর্ছ ট্রেডিং কৰিব নোৱাৰে৷ নতুন বিটিচি পৰিষদখনৰ ইউ পি পি এল–বিজেপি–জি এছ পি পাৰিষদসকল সমষ্টিবাসীৰ পৰা আঁতৰি থাকি শ্বিলং ভ্রমণত যোৱাৰ প্রসংগত বড়োৱে কয় যে ইমানদিনে তেওঁলোকে নির্বাচনৰ নামত কষ্ট কৰিলে৷ সেয়ে অলপ ঘূৰা–ফুৰা কৰিবলৈ গৈছে৷ দুই–এদিনতে উভতি আহি কামত লাগিব৷
আনহাতে, হাগ্রামা মহিলাৰী আৰু বি পি এফে বর্তমানৰ বিটিচি পৰিষদখন গঠনৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা ৰীট আবেদনৰ প্রসংগত বড়োৱে কয় যে শুনানিত চৰকাৰৰেই জয় হ’ব৷ চৰকাৰবিৰোধী শিবিৰ সফল নহয়৷ পূর্বতে তেওঁলোকে বিটিচিত ৰাজ্যপালৰ শাসন প্রৱর্তনৰ বিৰুদ্ধেও ন্যায়ালয়ত প্রত্যাহ্বান জনাইছিল৷ সেই গোচৰটোত বি পি এফ যেনেদৰে হাৰিছে এইবাৰো হাৰিব৷ দুর্ভাগ্যজনক কথাটো হ’ল বি পি এফে ঋণাত্মক মানসিকতা লৈ বি টি আৰৰ বিৰুদ্ধাচৰণ কৰি আহিছে৷ কিন্তু তেওঁলোকে যিয়েই নকৰক, নৱনির্বাচিত এম চি এল এসকলে শপতগ্রহণৰ পাছত কাম–কাজ পূর্ণাংগ পর্যায়ত আৰম্ভ কৰিব৷ সেইদৰে হাগ্রামা মহিলাৰীয়ে বিৰোধীৰ আসনত বহিব বুলি কৰা মন্তব্যক আদৰণি জনাই বড়োৱে কয়– গণতন্ত্রত বিৰোধী লাগে৷ কিন্তু আমি চাই ল’ম– তেওঁলোক ধ্বংসকাৰী বিৰোধী হয় নে গঠনমূলক বিৰোধী হয়৷ ধ্বংসকাৰী বিৰোধী হ’লে আমি সমর্থন কৰিব নোৱাৰোঁ৷ ১৭ বছৰে তেওঁলোকে বহু কাম কৰা নাই৷ এতিয়া ধ্বংসকাৰী বিৰোধী হ’লে ৰাইজৰ বহু ক্ষতি হ’ব৷ সেয়ে আমি ধ্বংসকাৰী বিৰোধী হ’ব নিদিওঁ৷