মূলসুঁতিলৈ উভতিল ১৮ আলফাসহ ৪ উগ্রপন্থী সংগঠনৰ ৬৩ সদস্য
নিয়মীয়া বাৰ্তা ২২ ডিচেম্বৰঃ সন্ত্রাসবাদমুক্ত অসম গঢ়া আৰু ৰাজ্যখনত চিৰস্থায়ী শান্তি প্রতিষ্ঠা কৰাৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ উপস্থিতিত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ বাকৰিত আজি ৰাজ্যৰ চাৰিটা উগ্রপন্থী সংগঠনৰ ৬৪গৰাকীকৈ সদস্যই অস্ত্র সম্বৰণ কৰি মূলসুঁতিলৈ প্রত্যাৱর্তন কৰে৷ অসম চৰকাৰৰ গৃহ বিভাগ আৰু অসম আৰক্ষীৰ উদ্যোগত শ্রীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত এই উপলক্ষে আয়োজিত এক বিশেষ অনুষ্ঠানত আজি সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ স্বঘোষিত উপ–মুখ্য সেনাধ্যক্ষ মনোজ ৰাভা ওৰফে দৃষ্টি ৰাজখোৱা, তেওঁৰ পত্নী লীলা ডি মাৰাক তথা বিজয় দাস ওৰফে মণ্টু শইকীয়াৰ লগতে সংগঠনটোৰ ১৮গৰাকী সদস্য, পিপলছ ডেমক্রেটিক কাউন্সিল অৱ কার্বি লংৰি (পি ডি চি কে)ৰ স্বঘোষিত মুখ্য–সেনাধ্যক্ষ অ’ন টেৰণ ওৰফে লখন টেৰণ, ইউনাইটেড পিপল্ছ ৰিভলুচনেৰী ফ্রণ্ট (ইউ পি আৰ এফ)ৰ স্বঘোষিত সচিবপ্রধান লালমিনথাং গুইটে ওৰফে ফ্রেংকি তথা স্বঘোষিত প্রতিৰক্ষা সচিব চিনখামচেম গুইটে ওৰফে জভিকে ধৰি সংগঠনটোৰ ৩২গৰাকী সদস্য আৰু ডিমাচা নেচনেল লিবাৰেচন আর্মী (ডি এন এল এ)ৰ স্বঘোষিত প্রচাৰ সচিব ৰিপেঞ্চ গার্লোচা ওৰফে হাদাইচাকে ধৰি ১৩গৰাকী সদস্যই অস্ত্র–শস্ত্র জমা দি মূলসুঁতিলৈ ঘূৰি আহে৷ হিংসাৰ পথ পৰিহাৰ কৰি শান্তিৰ পথ গ্রহণ কৰা উগ্রপন্থী সদস্যসকলক স্বাভাৱিক জীৱনলৈ স্বাগতম জনাই মুখ্যমন্ত্রী সোণোৱালে কয়– শান্তি অবিহনে প্রগতি কেতিয়াও সম্ভৱ নহয়৷ অন্তৰত ঘৃণা আৰু ভেদভাব লৈ কোনেও শান্তিৰে জীয়াই থাকিব নোৱাৰে৷ নিজৰ জীৱনৰ লগতে পৰিয়াল, সমাজ, ৰাজ্য আৰু দেশক প্রগতিৰ পথেৰে আগুৱাই নিবৰ বাবে সেয়ে হিংসাৰ কণ্টকময় পথ এৰি শান্তিৰ সেন্দূৰীয়া পথ আঁকোৱালি ল’বই লাগিব৷ আমি দেশক ধ্বংস কৰাৰ বাবে নহয়, ন–কৈ গঢ়াৰ বাবেহে যত্নপৰ হ’ব লাগিব৷ এটা পৰিয়ালৰ মানসিকতাৰে মিলা–প্রীতিৰে জীয়াই থাকি বন্ধুত্ব আৰু ভাতৃত্ববোধৰ আদর্শৰে ৰাষ্ট্র নির্মাণ প্রক্রিয়াত আত্মনিয়োগ কৰিব লাগিব৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আদর্শৰে, ‘টীম ইণ্ডিয়া’ৰ মানসিকতাৰে ‘এক ভাৰত শ্রেষ্ঠ ভাৰত’ গঢ়াৰ বাবে আমি সকলোৱে মিলি কাম কৰিব লাগিব৷ হিংসাৰ পথে মাথোঁ পতনৰ বতৰাহে কঢ়িয়াই আনে বুলি মন্তব্য কৰি এতিয়াও আত্মগোপন কৰি থকা উগ্রপন্থী সদস্যসকলক অনতিপলমে মূলসুঁতিলৈ ঘূৰি আহি ৰাষ্ট্র নির্মাণ প্রক্রিয়াৰ অংশীদাৰ হ’বলৈ মুখ্যমন্ত্রী সোণোৱালে আহ্বান জনায়৷ তেওঁ কয়– অন্ধকাৰময় সেই জীৱন ত্যাগ কৰি আপোনালোক আলোকময় এই জীৱনলৈ উভতি আহক৷ আমি সকলোৱে মিলি এখন নতুন অসম নির্মাণ কৰিম৷ প্রধানমন্ত্রীৰ বলিষ্ঠ নেতৃত্বত দেশত গঢ়ি উঠা আস্থা আৰু বিশ্বাসৰ বাতাৱৰণৰ বাবে অঞ্চলটোৰ প্রায়বোৰ উগ্রপন্থী সংগঠনেই শান্তিৰ পথলৈ প্রত্যাৱর্তন কৰিবলৈ বাধ্য হৈছে৷ মূলসুঁতিলৈ ঘূৰি অহা উগ্রপন্থী সদস্যসকলৰ আত্মসংস্থাপনৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে৷ কেন্দ্রীয় চৰকাৰে গ্রহণ কৰা পদক্ষেপৰ উপৰি ৰাজ্য চৰকাৰে ‘স্বাৱলম্বন’ আঁচনিৰ যোগেদি তেওঁলোকক এক মর্যাদাপূর্ণ জীৱন উপহাৰ দিয়াৰ বাবে কাম কৰি আহিছে৷ কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন স্বনিয়োজন আঁচনিৰে এই যুৱক–যুৱতীসকলক্ বিশেষ অগ্রাধিকাৰ প্রদান কৰা হৈছে বুলি জানিবলৈ দি আজি অস্ত্র সম্বৰণ কৰা সদস্যসকলকো ইয়াৰ সুযোগ ল’বলৈ তেওঁ আহ্বান জনায়৷ বিগত দিনসমূহত অশেষ কষ্ট স্বীকাৰ কৰি আজিৰ এই অস্ত্র সম্বৰণ অনুষ্ঠান সম্ভৱ কৰি তোলাৰ বাবে মুখ্যমন্ত্রীয়ে অসম আৰক্ষীৰ বিশেষ শাখাৰ মহাপৰিদর্শক হীৰেন নাথকে প্রমুখ্য কৰি অন্যান্য বিষয়ববীয়াসকল তথা নিৰাপত্তা বাহিনীৰ সদস্যসকলক বিশেষ ধন্যবাদ জ্ঞাপন কৰে৷ অনুষ্ঠানত ভাষণ প্রদান কৰি ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই কয় যে সেনাবাহিনী, অর্ধসামৰিক বাহিনীসমূহ আৰু অসম আৰক্ষীৰ সমন্বিত আৰু ধাৰাবাহিক প্রয়াসৰ বাবেই আজি ৰাজ্যখনত সন্ত্রাসমূলক কাম–কাজ স্তিমিত হৈ স্বাভাৱিক জীৱনযাত্রা উভতি অহাটো সম্ভৱ হৈ উঠিছে৷ মুখ্যমন্ত্রী সোণোৱালৰ লগতে ‘ইউনিফাইড কমাণ্ড’ৰ লগত জডিত প্রতিগৰাকী বিষয়ববীয়াই ইয়াৰ বাবে ধন্যবাদৰ পাত্র বুলি মন্তব্য কৰি মূলসুঁতিলৈ ঘূৰি অহা উগ্রপন্থী সদস্যসকলৰ পুনৰ সংস্থাপনৰ বাবে চৰকাৰ তথা প্রশাসনে গ্রহণ কৰা পদক্ষেপসমূহৰ বিষয়েও তেওঁ উল্লেখ কৰে৷ অনুষ্ঠানত আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই এখন সন্ত্রাসবাদমুক্ত অসম গঢ়াৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বিগত দিনসমূহত গ্রহণ কৰা অক্লান্ত ভূমিকাৰ বাবে মুখ্যমন্ত্রীক ধন্যবাদ জ্ঞাপন কৰি তেওঁ কয় যে সকলোৰে ঐক্যবদ্ধ প্রচেষ্টাত অচিৰেই বাহিৰত থকা উগ্রপন্থীসকলেও হিংসাৰ পথ ত্যাগ কৰিবলৈ বাধ্য হ’ব৷ বাহিৰত থকাসকলে কূটাঘাত কৰিলে ৰেহাই দিয়া নহ’ব৷ উগ্রপন্থীসকলক মুলসুঁতিলৈ ঘূৰাই অনাৰ ক্ষেত্রত অসম আৰক্ষীৰ বিশেষ শাখাৰ লগতে সেনাবাহিনী, অন্যান্য নিৰাপত্তা বাহিনীসমূহ আৰু কেন্দ্রীয় চোৰাংচোৱা বাহিনীসমূহে আগবঢ়াই অহা সহযোগিতাৰো তেওঁ শলাগ লয়৷ অনুষ্ঠানৰ আৰম্ভণিতে মুখ্যমন্ত্রী আৰু আৰক্ষী সঞ্চালকপ্রধানৰ পৰামর্শত যুগুত কৰা ‘শান্তিৰ দিশত আন এক বলিষ্ঠ পদক্ষেপ’ শীর্ষক এটা বিশেষ ভিডি’ও প্রদর্শন কৰা হয়৷ বিশেষ শাখাৰ মহাপৰিদর্শক হীৰেন নাথে আদৰণী ভাষণ প্রদান কৰা আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হূষীকেশ গোস্বামী, মুখ্যমন্ত্রীৰ আইন উপদেষ্টা শান্তনু ভৰালী, মুখ্যমন্ত্রীৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, গৃহ বিভাগৰ প্রধান সচিব নীৰজ বার্মা, অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান হৰমিত সিং, গৃহ বিভাগৰ আয়ুক্ত সচিব জি ডি ত্রিপাঠী, সেনাবাহিনীৰ ২১ মাউণ্টেইন ডিভিজনৰ জি’চি এছ পি সিং, চি আৰ পি এফৰ নর্থ–ইষ্ট জ’নৰ অতিৰিক্ত সঞ্চালকপ্রধান সঞ্জীৱ ৰঞ্জন ওজা, এছ আই বিৰ যুটীয়া সঞ্চালক ৰশ্মি সিন্হা প্রমুখ্যে ভাৰতীয় সেনা, এছ এছ বি, বি এছ এফ, আই টি বি পি আৰু অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে৷ অনুষ্ঠানত চাৰিওটা উগ্রপন্থী সংগঠনৰ অস্ত্র সম্বৰণকাৰী সদস্যসকলৰ পৰিয়ালবর্গ তথা কার্বি আংলং আৰু ডিমা হাছাও জিলাৰ বহুকেইগৰাকী গাঁওবুঢ়া আৰু বিশিষ্ট নাগৰিকেও অংশগ্রহণ কৰে৷ অনুষ্ঠানত আলফা (স্বাধীন)ৰ ১৮জন, ইউ পি আৰ এফৰ ৩২জন, ডি এন এল এৰ ১৩জন আৰু পি ডি চি কেৰ ১জন সদস্যই আত্মসমর্পণ কৰে৷ এই সদস্যসকলে ১৪টা এ কে ৰাইফল, ১টা এম–২০ ছেমি অটোমেটিক ৰাইফল, এটা লেপড গান, ২টা ৯ এম এম কার্বাইন, ১৫টা পিষ্টলৰ উপৰি বহুসংখ্যক গুলী, ডিটেনেটৰ, ৰেডি’ ছেট আদি জমা দিয়ে৷ উল্লেখ্য যে মূলসুঁতিলৈ প্রত্যাৱর্তন কৰা এইসকল সদস্যক কেন্দ্রীয় চৰকাৰৰ সংশোধিত উত্তৰ–পূবৰ উগ্রপন্থী সদস্যৰ পুনৰ সংস্থাপন আঁচনিৰ জৰিয়তে মাহিলি ৬,০০০ টকাকৈ জলপানি আৰু ভাল ব্যৱহাৰৰ চর্ত সাপেক্ষে তিনি বছৰৰ অন্তত চাৰি লাখ টকাৰ এককালীন সাহায্য লাভ কৰিব৷
পৰেশ বৰুৱাই পিতৃৰ দৰেই সংগঠনৰ সদস্যসকলক প্রতিপালন দি ৰাখিছে ঃ দৃষ্টি ৰাজখোৱা
বৰুৱাক মূলসুঁতিলৈ ঘূৰাই অনাৰ ক্ষেত্রত কেন্দ্র–ৰাজ্য উভয় চৰকাৰে পদক্ষেপ লওক
আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই পিতৃৰ দৰেই সংগঠনৰ সদস্যসকলক প্রতিপালন দি আহিছে৷ –এই কথা সদৰী কৰে আলফাৰ মজিয়াৰ পৰা বিশেষ পৰিস্থিতিগত কাৰণত ওলাই অহা সংগঠনটোৰ প্রাক্তন উপ–মুখ্য সেনাধ্যক্ষ মনোজ ৰাভা ওৰফে দৃষ্টি ৰাজখোৱাই৷ আজি মহানগৰীৰ পাঞ্জাবাৰীস্থিত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত অনুষ্ঠিত আলফা, ডি এন এল এ, পি ডি চি কে আৰু ইউ পি আৰ এফৰ সদস্যৰ সৈতে আত্মসমর্পণ কৰিবলৈ অহা আলফা (স্বাধীন)ৰ প্রাক্তন উপ–মুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱাই সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে৷ ৰাজখোৱাই লগতে কয়– ‘পৰেশ বৰুৱাই সংগঠনটোৰ প্রতিজন সদস্যকে নিজৰ সন্তানৰ দৰে ব্যৱহাৰ কৰি আহিছে৷ তেওঁ বর্তমান ক’ত আছে, মই নাজানো আৰু মূলসুঁতিলৈ আহিব নে নাই, এই কথাও নাজানো৷ মই পৰেশ বৰুৱাৰ সমসাময়িক নহয়৷ মই তেওঁৰ তলৰ পদবীৰ দায়িত্বত কাম কৰিছিলোঁ৷ গতিকে মই তেওঁক মূলসুঁতিলৈ আহিবলৈ আহ্বান জনাব নোৱাৰোঁ৷ তেওঁক এই আহ্বান জনালে অপমান কৰা হ’ব৷ কিন্তু এই কথা মই উপলব্ধি কৰিছোঁ যে দেশ তথা জাতি বা সমাজৰ হকে কাম কৰিবলৈ বহুত ৰাস্তা আছে৷ অকল সশস্ত্র সংগ্রামেই শেষ ৰাস্তা নহয়৷ যদি আমাৰ সন্মানীয় সতীর্থসকলে আহি জাতি বা দেশখনক প্রগতিৰ পথত লৈ যোৱাৰ বাবে ইচ্ছা প্রকাশ কৰে, তেতিয়াহ’লে মই সন্মান সহকাৰে তেওঁলোকক মূলসুঁতিলৈ আহিবলৈ আহ্বান জনাম৷’ এসময়ৰ দুর্ধর্ষ আলফা নেতাজনে লগতে কয়– বিশ্বত যিমান জটিল সমস্যা আছে, সেয়া আলোচনাৰ মাধ্যমেৰে সমাধান হৈছে৷ আলোচনা নহ’লে কোনো সমস্যা সমাধান নহয়৷ গতিকে এইক্ষেত্রত অসম চৰকাৰ আৰু কেন্দ্রীয় চৰকাৰে পৰেশ বৰুৱাক মূলসুঁতিলৈ ঘূৰাই অনাৰ ক্ষেত্রত আগভাগ ল’ব লাগে৷ চৰকাৰে তেওঁলোকৰ দাবী সন্দর্ভত আলোচনাৰ জৰিয়তে সমাধানৰ পদক্ষেপ ল’ব লাগে৷ এইক্ষেত্রত পৰেশ বৰুৱাকে ধৰি সংগঠনটোৰ সকলোৱে ইতিবাচক পদক্ষেপ গ্রহণ কৰিব লাগিব৷ ইতিমধ্যে ৰাজখোৱাৰ পিতৃ–মাতৃৰ গুপ্তঘাতকৰ হাতত মৃত্যু হৈছে৷ উল্লেখ্য যে গোৱালপাৰাৰ ৰংজুলিৰ মনোজ ৰাভা ওৰফে দৃষ্টি ৰাজখোৱাই সুদীর্ঘ ৩০ বছৰ ধৰি আলফাৰ মজিয়াত বিভিন্ন দায়িত্বত থাকি কাম কৰাৰ পাছত পৰৱর্তী সময়ত সংগঠনটোৰ উপ–মুখ্য সেনাধ্যক্ষৰ দায়িত্বত আছিল৷যোৱা ১১ নৱেম্বৰত নাটকীয়ভাৱে ইউনিফাইড কমাণ্ড আৰু মেঘালয় আৰক্ষীৰ হাতত ধৰা দিছিল৷ ভাৰত–বাংলা সীমান্তৰ দুর্গম অঞ্চলত আশ্রয় গ্রহণ কৰি থকা অৱস্থাত ইউনিফাইড কমাণ্ড আৰু মেঘালয় আৰক্ষীয়ে সতীর্থসহ দৃষ্টি ৰাজখোৱাক কৰায়ত্ত কৰিছিল৷ এই সন্দর্ভত আজি দৃষ্টি ৰাজখোৱাই কয়– ভাৰত–বাংলাদেশৰ মাজত ন’ মেনছ লেণ্ডত সতীর্থৰ সৈতে আশ্রয় লৈ আছিলোঁ৷ ২০০ মিটাৰ দূৰত আছিল বি এছ এফৰ কেম্প৷ ন’ মেনছ লেণ্ডৰ পৰা বাংলাদেশ আৰু ভাৰতত প্রৱেশ কৰাৰ কোনো পৰিৱেশ নাছিল৷ সেই সময়ত আমি তীব্র খাদ্য সংকটত ভুগিছিলোঁ৷ আমি জীৱন–মৃত্যুৰ সৈতে একপ্রকাৰ যুঁজ কৰিব লগা হৈছিল৷ তাৰ পৰা ওলাই নাহিলে আমাৰ আত্মহত্যা কৰাত বাহিৰে উপায় নাছিল৷ আমি পৰেশ বৰুৱাৰ লগতে অন্যান্য সতীর্থসকলৰ লগতো এই ভয়াৱহ পৰিস্থিতিৰ বিষয়ে অৱগত কৰিছিলোঁ৷ পৰেশ বৰুৱাই আমাক সেই স্থানৰ পৰা বাহিৰলৈ ওলাই অহাৰ বাবে চেষ্টা কৰিবলৈ কৈছিল৷ লগতে কৈছিল– তোমালোকক তাত থাকি মৰিবলৈও দিব নোৱাৰোঁ৷ এনে পৰিস্থিতিত আলোচনামর্মে অনুমতি লৈ সেই স্থানৰ পৰা ওলাই আহিবলৈ সিদ্ধান্ত লৈছিলোঁ৷ কাৰণ ইয়াৰ বাবে আৰক্ষীৰ ওচৰত যোগাযোগ কৰাৰ বাহিৰে আমাৰ কোনো গত্যন্তৰ নাছিল৷ আৰু এনেদৰে আজি আমি আনুষ্ঠানিকভাৱে চৰকাৰৰ ওচৰত আত্মসমর্পণ কৰোঁ৷ আৰক্ষীৰ পৰা আমি যথেষ্ট ভাল ব্যৱহাৰ পাইছোঁ৷ অনাগত দিনত নিজৰ লগতে পৰিয়াল তথা সমাজৰ হকে কাম কৰিবলৈ প্রয়াস কৰিম৷ উল্লেখ্য যে আজি কলাক্ষেত্রত দৃষ্টি ৰাজখোৱাৰ পত্নী লীলা মাৰাক ৰাভায়ো আনুষ্ঠানিকভাৱে আত্মসমর্পণ কৰে৷ ৰাজখোৱাৰ পত্নী এক জটিল ৰোগত আক্রান্ত হৈ বর্তমান চিকিৎসা গ্রহণ কৰি আছে৷